Logo
image

কাইলৈ পুনৰ তিনিখন দেশলৈ উৰা মাৰিব পৱিত্ৰ মাৰ্ঘেৰিটা

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তা,২৬ ফেব্ৰুৱাৰীঃ   কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই অহা ২৮ ফেব্ৰুৱাৰীৰ পৰা জ্জ্ব মাৰ্চলৈ উৰুগুৱে, বাহামাছ, বাৰ্বাড’ছ আৰু নিকাৰাগুৱা ভ্ৰমণ কৰিব৷ মন্ত্ৰীজনে ৰ মাৰ্চত উৰুগুৱেৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি য়ামাণ্ডু ওৰ্চিৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব৷ উল্লেখ্য, বিগত বছৰৰ নৱেম্বৰত গায়ানাত অনুষ্ঠিত ২য় ভাৰত-কাৰিকম শীৰ্ষ সন্মিলনৰ সময়ছোৱাত ভাৰত আৰু বাহামাছৰ প্ৰধানমন্ত্ৰীৰ মাজত হোৱা আলোচনাৰ পৰৱৰ্তী পদক্ষেপ হ’ব মন্ত্ৰীজনৰ এই বাহামাছ ভ্ৰমণ৷ বাৰ্বাড’ছত মন্ত্ৰীজনে ২০২৪ চনৰ নৱেম্বৰত সফলতাৰে অনুষ্ঠিত ভাৰত-কাৰিকম শীৰ্ষ সন্মিলন আৰু তাৰ ঠিক পিছতে অনুষ্ঠিত দুয়ো দেশৰ প্ৰধানমন্ত্ৰীৰ বৈঠকৰ পিছৰ দ্বিপাক্ষিক সম্পৰ্কক পৰ্যালোচনা কৰাৰ উপৰি সেই সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ঘোষণা কৰা ‘Honorary Order of Freedom of Barbados’ শীৰ্ষক সন্মানজনক বঁটাটি প্ৰধানমন্ত্ৰীৰ হৈ গ্ৰহণ কৰিব৷


ভ্ৰমণসূচীৰ অন্তিম পৰ্বত মন্ত্ৰীজনে নিকাৰাগুৱা ভ্ৰমণ কৰিব, য’ত তেওঁ গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিব৷ এই ভ্ৰমণেই হ’ব নিকাৰাগুৱালৈ প্ৰথমগৰাকী ভাৰতীয় বিদেশ মন্ত্ৰীৰ ভ্ৰমণ৷ উল্লেখ্য যে মন্ত্ৰীজনৰ এই চাৰি ৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত, তেওঁ বিভিন্ন দেশৰ বৈদেশিক মন্ত্ৰীসকলৰ সৈতে বৈঠকত ভাগ লোৱাৰ উপৰি দেশসমূহৰ শীৰ্ষ ৰাজনৈতিক, ব্যৱসায়িক তথা ঔদ্যোগিক নেতৃত্ব আৰু প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে দ্বিপাক্ষিক উন্নয়ন অংশীদাৰী প্ৰকল্পসমূহো পৰিদৰ্শন কৰিব৷ মন্ত্ৰীজনে যাত্ৰাপথত কাইলৈ ব্ৰাজিলৰ ছাও পাওলোত ক্ষন্তেকৰ বাবে জিৰণি লোৱাৰ সময়ত ব্যৱসায়িক গোষ্ঠীসমূহৰ কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব৷ মন্ত্ৰীজনৰ এই ভ্ৰমণে ভাৰত আৰু সংশ্লিষ্ট দেশসমূহৰ মাজৰ উষ্ম, বন্ধুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লগতে সহযোগিতাৰ নতুন ক্ষেত্ৰৰ দুৱাৰ মুকলি হ’ব বুলি আশা কৰা হৈছে৷