কাইলৈৰ পৰা নগাঁৱৰ কন্দলীত ঐতিহাসিক বাদুলী খোৰোং মেলা
'আমাৰ অসম'ৰ পুৰণিগুদামৰ প্ৰতিবেদকঃ নগাঁও জিলাৰ দক্ষিণ-পূব প্ৰান্তত অৱস্থিত ইতিহাস প্ৰসিদ্ধ কন্দলী পাহাৰত অৱস্থিত বাদুলী থানত (খোৰোং) ২৮ ফেব্ৰুৱাৰীৰ পৰা ৩ মাৰ্চলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক বাদুলী খোৰোং মেলাৰ আয়োজন কৰা হৈছে। প্ৰতিবছৰে শিৱৰাত্ৰিৰ এদিনৰ পাছতে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অতি উলহ-মালহেৰে উদযাপন কৰি অহা এই মেলালৈ জনতাৰ লানি নিছিগা সোঁত বয়৷ বিভিন্ন জনবিশ্বাস আৰু কিংবদন্তীৰে ভৰা কন্দলী পাহাৰৰ বুকুত থকা বিস্ময়কৰ এটি শিলৰ গুহাত বছৰ-বছৰ ধৰি বসবাস কৰি আহিছে হাজাৰ-হাজাৰ বিভিন্ন ৰং-বিৰঙৰ বাদুলী। এই শিলৰ গুহাটোক কেন্দ্ৰ কৰি বিগত ২০০১ চনৰ পৰা অনুষ্ঠিত হৈ আহিছে বাদুলী খোৰোং মেলা। প্ৰতিবছৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বাদুলী খোৰোং মেলালৈ অগনন লোকৰ আগমন হয়৷ বাদুলী খোৰোং মেলাত ৰং-বিৰঙৰ বিভিন্ন বাদুলী আৰু আশ্চৰ্যকৰ গুহাটো চাবলৈ প্ৰতিবছৰে বহুলোকৰ সমাগম হয়। জনপ্ৰবাদ মতে, প্ৰাকবৈষ্ণৱ যুগত কন্দলীত ৰাণী প্ৰমিলাই ৰাজত্ব কৰা নাৰী ৰাজ্যত এই আশ্চৰ্যকৰ শিলৰ গুহাটো আছিল। সেই ৰাজ্যত কেৱল নাৰীয়েহে বাস কৰিছিল আৰু সেয়েহে ইয়াত পুৰুষৰ প্ৰৱেশ একেবাৰে নিষিদ্ধ আছিল। যদিহে কোনো পুৰুষে গোপনে প্ৰৱেশৰ চেষ্টা কৰে তেন্তে ৰাজ্যৰ নিয়ম অনুসৰি তাক গুৰুতৰ অপৰাধ বুলি গণ্য কৰা হয় আৰু সেই পুৰুষক কঠোৰ শাস্তি প্ৰদানৰ নিয়ম আছিল। এবাৰ এগৰাকী ঋষিয়ে কৌতুহল দমাব নোৱাৰি পুৰুষ অবিহনে নাৰীসকলে গুহাত কি কৰে আৰু কেনেদৰে থাকে তাক চাবৰ কাৰণে গুহাত মনে-মনে সোমাওঁতে ৰাজ্যৰ গুপ্তচৰৰ হাতত ধৰা পৰাত ৰাণী প্ৰমিলাই দোষী ঋষিজনক শিলত ওলোমাই কঠোৰতম শাস্তি প্ৰদান কৰে। তেতিয়া ৰাণী প্ৰমীলা আৰু নাৰীসকলৰ এনে কাৰ্যত লাজে-অপমানে জৰ্জৰিত ঋষিজনে খঙত অগ্নিশৰ্মা হৈ ৰাজ্যৰ সকলো নাৰীকে গুহাৰ শিলত বাদুলী হৈ ওলমি থাকিবলৈ অভিশাপ দিয়াত সকলো নাৰী লগে-লগে বাদুলী হৈ গুহাৰ শিলত ওলমি ৰয় আৰু এই গুহাত আজিও আৱদ্ধ হৈ থকা হাজাৰ-বিজাৰ সৰু-বৰ মনোৰমী বাদুলীবোৰেই সেই অভিশপ্ত নাৰীসকল বুলি অতীজৰে পৰা মানুহে বিশ্বাস কৰি আহিছে। আনকি বাদুলীবোৰ হেনো ঋষিৰ শাপৰ কাৰণেই গুহাৰ নিৰ্দিষ্ট পৰিধি অতিক্ৰম কৰি কেতিয়াও বাহিৰলৈ নোলায় বা অন্য ঠাইলৈ গুছি নাযায়। জনশ্ৰুতি মতে, গহ্বৰৰ অভ্যন্তৰত বামুণী গোঁসাই থান আছে। পূৰ্বতে হেনো মানুহে বামুণী গোঁসাই থানৰ পথেৰে কন্দলীলৈ অহা-যোৱা কৰিছিল। উল্লেখ্য যে ক্ৰমান্বয়ে জনতাৰ আকৰ্ষণৰ অন্যতম স্থলীলৈ ৰূপান্তৰিত হৈ পৰা এই বাদুলী খোৰোং মেলালৈ ৰাজ্যৰ বহু দূৰ-দূৰণিৰ পৰা অহা অগণন ভক্তই নিজৰ মনোবাঞ্চা পূৰণৰ অৰ্থে এগছিকৈ বন্তি জ্বলাবলৈ হেতা-ওপৰা লগোৱাৰ উপৰি গুহাত থকা বাদুলীবোৰ স্বচক্ষে চাবৰ বাবে প্ৰচণ্ড ভিৰৰ সৃষ্টি কৰে। বাদুলী খোৰোঙত ওলমি থকা বাদুলীবোৰৰ বিষয়ে বহু কাহিনী শুনিবলৈ পোৱা যায় যদিও বিজ্ঞানসন্মত কোনো তথ্য আজিলৈকে নিৰূপণ হোৱা নাই। ইফালে, স্থানীয় ৰাইজৰ বিশেষ তৎপৰতাত ২০০১ চনৰে পৰা নিৰৱচ্ছিন্নভাবে প্ৰতিবছৰে ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে আড়ম্বৰপূৰ্ণভাবে অনুষ্ঠিত কৰি অহা এইমেলা পুৱাৰ ভাগত পতাকা উত্তোলনেৰে আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰাৰ পাছতেই পৰ্যায়ক্ৰমে বাদুলী খোৰোঙৰ দ্বাৰ মুকলি, খোৰোং প্ৰদৰ্শন আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ অন্তত বিয়লি পৰ্যন্ত অবিৰতভাবে চলা আকৰ্ষণীয় নাম-কীৰ্তনেৰে মেলাথলীৰ চৌপাশ মুখৰিত কৰি তোলা হয়।
আনহাতে, বাদুলী খোৰোঙৰ কাষতে বিস্তীৰ্ণ এলেকাজুৰি শতাধিক সৰু-বৰ ব্যৱসায় প্ৰতিষ্ঠানৰ অংশগ্ৰহণেৰে বহা এখন হাটে উপস্থিত সকলো লোককে বেছ আকৰ্ষিত কৰিবলৈ সক্ষম হয়। জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে সমন্বয়ৰ উৎকৃষ্ট চানেকী দাঙি ধৰি হাঁহি-ধেমালীৰে উক্ত হাটত নিজৰ নিজৰ মন পছন্দৰ সামগ্ৰী ক্ৰয় কৰে। এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ হিচাপে অধিক পৰিকল্পিতভাবে থান পৰিচালনা সমিতিয়ে মেলাখনৰ আয়োজন কৰিছে। বাদুলী খোৰোং মেলা উদযাপন সমিতিৰ সভাপতি তথা তিৱা স্বায়ত্ব পৰিষদৰ অধ্যক্ষ মদন বৰদলৈ আৰু সম্পাদক উজ্জ্বল বৰদলৈয়ে জানিবলৈ দিয়ে যে, ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি মেলাৰ ব্যাপক প্ৰস্তুতি চলোৱাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছে। কাৰ্যসূচী অনুসৰি ২৮ ফেব্ৰুৱাৰীৰ পুৱা ৭ বজাত পতাকা উত্তোলন কৰিব পৰিচালনা সমিতিৰ সভাপতি নবীন চন্দ্ৰ গগৈয়ে। বন্তি প্ৰজ্বলন কৰিব উদযাপন সমিতিৰ সাধাৰণ সম্পাদক উজ্জ্বল বৰদলৈয়ে। পুৱা ১০ বজাত বাদুলী খোৰোঙৰ দ্বাৰ উন্মোচন কৰিব কলিয়াবৰ জিলা বিজেপিৰ সভাপতি বাবুল বৰাই। দুপৰীয়া ১২ বজাত নাম কীৰ্তন আৰু প্ৰসাদ বিতৰণ। বিয়লি ৪ বজাত বন্তি প্ৰজ্বলন কৰিব উদযাপন সমিতিৰ সহকাৰী সম্পাদক অৰ্জুন বসুমতাৰীয়ে। ১ মাৰ্চৰ পুৱা ৭ বজাত পৰিচালনা সমিতিৰ দ্বাৰা চাফাই কৰ্ম, পুৱা ৯ বজাৰ পৰা খোৰোং প্ৰদৰ্শন, ১০ বজাত নাম কীৰ্তন আৰু প্ৰসাদ বিতৰণ। বিয়লি ১ বজাৰ পৰা একক নৃত্য প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান। বিয়লি ৪ বজাত বন্তি প্ৰজ্বলন কৰিব অৰ্জুন বসুমতাৰীয়ে। ২ মাৰ্চত সমিতিৰ দ্বাৰা মেলাস্থলী চাফাই অভিযান। পুৱা ৮ বজাৰ পৰা খোৰোং প্ৰদৰ্শন। ১০ বজাৰ পৰা নাম কীৰ্তন আৰু ১২ বজাত প্ৰসাদ বিতৰণ। ৩ মাৰ্চত সমিতিৰ দ্বাৰা চৌহদ চাফাই অভিযান, বিয়লি ৪ বজাত মেলাৰ সামৰণি অনুষ্ঠান। উদযাপন সমিতিয়ে জনোৱা মতে, এইবাৰ ৰূপালী জয়ন্তী বৰ্ষৰ মুখ্য পৃষ্ঠপোষক বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যৰ জলসম্পদ তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা, সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী পীয়ূষ হাজৰিকা, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যৰ পশু, মীন বিভাগ, অন্যান্য আৰু নগাঁও অভিভাৱক মন্ত্ৰী কৃষ্ণেন্দু পালৰ লগতে উপস্থিত থাকিব তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মৰিগাঁও (অসম) জীৱন চন্দ্ৰ কোঁৱৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। আমন্ত্ৰিত অতিথিসকল হৈছে নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, নগাঁও সদৰ ৰাজহ চক্ৰ বিষয়া হৃষিকেশ বৰুৱা, চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বলোৰাম তেৰাং, কঠীয়াতলী আঞ্চলিক বন বিষয়া দেবব্ৰত খনিকৰ, এন বি নিউজৰ মুখ্য পৰিচালন সঞ্চালক তথা অধ্যক্ষ নৃপেন দাস, নগাঁও সংমণ্ডলৰ জনস্বাস্থ্য কাৰিকৰী অভিযন্তা গগণ তালুকদাৰ, নগাঁও উপ-সংমণ্ডলৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা ৰূপজ্যোতি বৰদলৈ, কঠীয়াতলী উপ-সংমণ্ডলৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা নিখিল শিৱ ডেকাৰ লগতে বহু আমন্ত্ৰিত অতিথি উপস্থিত থাকিব বুলি পৰিচালনা সমিতিৰ উপ-সভাপতি গোলাপ বৰদলৈ, প্ৰচাৰ সম্পাদক ৰূপন বৰদলৈ আৰু ধনজিৎ পাটৰে জানিবলৈ দিয়ে। কন্দলীৰ বাদুলী থান (খোৰোং) মেলাত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি উদ্যোক্তাসকলে কামনা কৰিছে৷






