বজালীৰ এটা পৰীক্ষা কেন্দ্ৰত ভুৱা পৰীক্ষাৰ্থীক আটক
'আমাৰ অসম'ৰ বজালীৰ প্ৰতিবেদকঃ বজালী জিলাৰ দাতিৰবড়ীৰ এটা পৰীক্ষা কেন্দ্ৰত এগৰাকী স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ইতিমধ্যে স্নাতক উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থী গৰাকী হৈছে হাৰানুৰ ৰচিদ৷ জানিব পৰা মতে, হাৰানুৰ ৰচিদে আৰক্ষী বিভাগৰ চাকৰিত অৱতীৰ্ণ হ'বলৈ বয়স কমোৱাৰ উদ্দেশ্যে বয়সৰ ভুৱা প্ৰমাণ পত্ৰৰে চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল পূৰ্বৰে পৰা বিভিন্ন ধৰণৰ অভিযোগ থকা দাতিৰবড়ী কাৰাগাড়ী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত৷ ইতিমধ্যে কয়াকুছিৰ হৰেন্দ্ৰ চিত্ৰা মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈ বৰ্তমান স্নাতোকত্তোৰত অধ্যয়নৰত ছাত্ৰগৰাকীয়ে প্ৰকৃত বয়সৰ বিপৰীতে বয়স কমাই অসৎ উপায়েৰে বনাইছিল চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এডমিট কাৰ্ড৷ ছাত্ৰগৰাকীৰ এই দুষ্কৃতিৰ ঘটনাটোত কাৰাগাড়ী পথাৰ আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক মহিৰ উদ্দিন জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে৷
প্ৰধান শিক্ষক মহিৰ উদ্দিনৰ কু-পৰিকল্পনা অনুসৰিয়েই পৰীক্ষা কেন্দ্ৰত বহিছিল ছাত্ৰগৰাকী৷ কিন্তু আজি পৰীক্ষা কেন্দ্ৰটোত নতুন নিৰীক্ষক হিচাপে উপস্থিত হয় হৰেন্দ্ৰ চিত্ৰা মহাবিদ্যালয়ৰ অধ্যাপক বিবেক বৰুৱা থাপা৷ নিৰীক্ষক গৰাকীয়ে প্ৰাক্তন ছাত্ৰগৰাকীক চিনি পোৱাৰ পিছতে সকলো পোহৰলৈ আহে৷ ইয়াৰ পিছতে ভৱানীপুৰ আৰক্ষীয়ে পৰীক্ষা কেন্দ্ৰটোত উপস্থিত হৈ ভুৱা পৰীক্ষাৰ্থীগৰাকীক আটক কৰে৷ আনহাতে, এই ঘটনা পোহৰলৈ অহাৰ পিছতে পৰীক্ষাকেন্দ্ৰটোৰ পৰা প্ৰধান শিক্ষক মহিৰ উদ্দিনে পলায়ন কৰে৷ ইতিমধ্যে বিগত তিনিদিন পৰীক্ষা দিয়াৰ পিছতো ছাত্ৰগৰাকী কিয় ধৰা পৰা নাছিল তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ৷ আনকি বিগত পৰীক্ষাসমূহত কেন্দ্ৰটোত পৰীক্ষা নিৰীক্ষকৰ দায়িত্বত হৰেন্দ্ৰ চিত্ৰা মহাবিদ্যালয়ৰ অধ্যাপক অৰূপ দাসে ইমান দিনে ভুৱা ছাত্ৰগৰাকীক ধৰা পেলাব নোৱাৰা কাৰ্যত অধ্যাপক অৰূপ দাসৰ বিৰুদ্ধেও একাংশ লোকে সন্দেহৰ আঙুলি টোৱাইছে৷






