Logo
image

মেট্ৰিক পৰীক্ষাৰ সমাজ বিজ্ঞানৰ প্ৰশ্নকাকত হাতত লৈ বিমোৰত পৰীক্ষাৰ্থী

'আমাৰ অসম'ৰ শিৱসাগৰৰ প্ৰতিবেদকঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি অনুষ্ঠিত সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষাত অহা প্ৰশ্নকাকতে সততে পৰীক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষক মহলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ৬৩ পৃষ্ঠাৰ প্ৰশ্নকাকত খন এখন সচৰাচৰ আলোচনীৰ আকাৰৰ। প্ৰশ্নৰ এনে আকাৰ দেখি প্ৰশ্নৰ উত্তৰ কৰাৰ আগতেই পৰীক্ষাৰ্থী সকলৰ মাজত আতংকৰ সৃষ্টি হয়। বহু পৰীক্ষাৰ্থীয়ে প্ৰশ্নৰ উত্তৰ কৰাৰ আগতেই নাৰ্ভাচ হৈ যোৱাৰ বাবে যাৱতীয় মনোবল হেৰাই পেলায়। মুঠ ৯০ নম্বৰৰ প্ৰশ্নকাকত খনত ৪৫ নম্বৰ MCQ (Multiple choice question) আৰু ৪৫ নম্বৰ বৰ্ণনাধৰ্মী প্ৰশ্ন। ইংৰাজী, অসমীয়া, বঙালী আৰু বড়ো ভাষাত একেলগে চপা কৰা প্ৰশ্নকাকতখনক লৈ জীৱনৰ প্ৰথম দেওনাৰ পৰীক্ষাত বহা পৰীক্ষাৰ্থী সকল বিমোৰত পৰে। এক জটিল ক্ৰমত MCQ সমূহ প্ৰদান কৰাৰ ফলত উক্ত প্ৰশ্ন সমূহৰ উত্তৰ বিচাৰোতে বহু সময় খৰচ কৰিব লগা হোৱাৰ অভিযোগ কৰিছে পৰীক্ষাৰ্থী সকলে।


সেইদৰে বৰ্ণনাধৰ্মী প্ৰশ্ন সমূহত সূচী পৰ্যন্ত অংকণ কৰিব দিয়া প্ৰশ্নটো সময় যথেষ্ট খৰচ কৰিব লগা হোৱা বুলি একাংশ পৰীক্ষাৰ্থীয়ে জানিব দিছে। আনহাতে, ৬৩ পৃষ্ঠাৰ এই প্ৰশ্নকাকতক লৈ সামাজিক মাধ্যমটো দেখা গৈছে সৰৱ আলোচনা। দীঘল, বিভ্ৰান্তিকৰ আৰু জটিল প্ৰশ্নকাকত কটাক লৈ একাংশই শিক্ষা বিভাগক সমালোচনা কৰা দেখা গৈছে। সামাজিক মাধ্যমত বিভিন্ন জনে ভিন ভিন মন্তব্য কৰিছে। এজনে মেট্ৰিক পৰীক্ষাৰ নামত শিক্ষা বিভাগে অসম অসামৰিক সেৱা পৰীক্ষা অনুষ্ঠিত কৰা বুলি সমালোচনা কৰাৰ বিপৰীতে আন এজনে এই প্ৰশ্নসমূহ পোন্ধৰ বছৰীয়া এটা মূৰে সমাধান কৰিব লগা হৈছে বুলি বিভাগক সোঁৱৰাই দিছে। বিভিন্ন পৰীক্ষা কেন্দ্ৰত পৰীক্ষা প্ৰদান কৰি পৰীক্ষাৰ্থীয়ে কান্দি দিয়াৰো পৰিস্থিতিৰ সৃষ্টি হৈছে। মেট্ৰিক পৰীক্ষাৰ দৰে এক গুৰুত্বপূৰ্ণ পৰীক্ষাত ছাত্ৰ-ছাত্ৰী সকলক বিভ্ৰান্ত কৰা এনে প্ৰশ্নকাকতক লৈ অভিভাৱক মহলো অসন্তুষ্ট হৈছে। আনহাতে, বহু শিক্ষকে এনে প্ৰশ্নকাকত তেওঁলোকৰ জীৱন কালত দেখা পোৱা নাই বুলিও মন্তব্য কৰিছে।