বাপ বাপ বুলি আপ এৰিবলৈ লৈছে ৰাজ্যৰ শীৰ্ষ নেতাই
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ ফেব্ৰুৱাৰীঃ দিল্লী বিধানসভা নিৰ্বাচনত কেজৰিৱাল বাহিনীৰ পতনৰ পাছতে আপ এৰিবলৈ ওলাইছে দলটোৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ৷ বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত মনোজ ধানোৱাৰক আপৰ শীৰ্ষ নেতৃত্বই অসমৰ দায়িত্ব অৰ্পণ কৰিছিল যদিও ব্যক্তিগত কাৰণত প্ৰায় এমাহ তেওঁ দলীয় কাম-কাজৰ সৈতে সক্ৰিয়ভাৱে জড়িত হোৱা নাছিল৷ পৰৱৰ্তী সময়ত দলৰ নেতা-কৰ্মীসকলে আশা কৰিছিল যে মনোজ ধানোৱাৰে আপ অসমক এক নতুন গতি দিব৷ কিন্তু দলৰ সকলো নেতা-কৰ্মীক নিৰাশ কৰি বিগত প্ৰায় তিনি মাহ ধৰি সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় হৈ থাকে সভাপতিজন৷ দলৰ পৰা আতৰত অৱস্থান কৰি থাকে মনোজ ধানোৱাৰে৷ অভিযোগ অনুসৰি বিজেপিৰে সঘন যোগাযোগত থকা আপৰ নেতাজনৰ এনে দীঘলীয়া নিষ্ক্ৰিয়তাৰ ফলত বাধ্য হৈ দলৰ নেতা-কৰ্মীসকলে ৰ মাচত এখন সভা আহ্বান কৰিছে৷ উল্লেখ্য, আপ অসমে আৰম্ভণিৰে পৰা বিৰোধী শিবিৰত অৱস্থান কৰিলেও কোনো এটা নিৰ্বাচনতে বিৰোধী শিবিৰৰ সৈতে আসন বুজাবুজি কৰা নাই৷ প্ৰথম অৱস্থাত বিৰোধী ঐক্যমঞ্চ আৰু পৰৱৰ্তী সময়ত ‘অসম সন্মিলিত মঞ্চ’ৰ অংশীদাৰ হোৱাৰ পাছতো আপ অসমে প্ৰতিটো নিৰ্বাচনত বিৰোধী শিবিৰৰ অন্য দলৰ বিৰুদ্ধে প্ৰাৰ্থী থিয় কৰাই আহিছে৷ বিধানসভাৰ উপ-নিৰ্বাচন আৰু লোকসভাৰ নিৰ্বাচনে ইয়াৰ উদাহৰণ৷ অসমত এটা সমষ্টিটো নিৰ্বাচনত জয়ী নোহোৱা আপ অসমৰ বিৰুদ্ধে বিজেপিৰে গোপন যোগাযোগ ৰক্ষা কৰি চলাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ সভাপতি মনোজ ধানোৱাৰো এই অভিযোগৰ পৰা মুক্ত নহয়৷ সেয়ে কেজৰিৱাল চৰকাৰৰ পতনৰ পাছতে নিজৰ নিৰাপদ ৰাজনৈতিক ভৱিষ্যতৰ স্বাৰ্থত আপৰ সংগ ত্যাগ কৰাৰ পথত আগবাঢ়িছে ধানোৱাৰ৷ দিল্লী বিধানসভাৰ নিৰ্বাচনত বিজেপি দলে আপৰ ওপৰত মোক্ষম আঘাট হনাৰ পাছতে সুৰক্ষিত ৰাজনৈতিক ভৱিষ্যতৰ স্বাৰ্থত কেজৰিৱালৰ সংগ ত্যাগ কৰাৰ পথত ধানোৱাৰ৷ অসমত ৰাজনৈতিকভাৱে খোপনি পোটাত ব্যৰ্থ হোৱা আপৰ সংগ ইতিমধ্যে ত্যাগ কৰিছে ৰাজ্যৰ বহু নেতা-কৰ্মীয়ে৷ ইয়াৰে ভিতৰত অন্যতম দলটোৰ ৰাজ্যিক সম্পাদক পুনম গগৈয়ে৷
ন্যস্ত স্বাৰ্থ জড়িত মহলৰ অপপ্ৰচাৰৰ অভিযোগ ধানোৱাৰৰ
আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি পদৰ পৰা ইস্তফা দিয়া নাই মনোজ ধানোৱাৰে৷ তেওঁৰ পদত্যাগ সন্দৰ্ভত প্ৰচাৰ কৰা বাতৰি সম্পূৰ্ণ ভিত্তিহীন বুলি দাবী কৰে ধানোৱাৰে৷ ফেচবুক লাইভ যোগে এই কথা স্পষ্ট কৰি দিয়ে ৰাজ্যিক সভাপতিজনে৷ ধানোৱাৰৰ দাবী–সংবাদ মাধ্যমত প্ৰচাৰ কৰা ধৰণে তেওঁ দলৰ উদ্ধৰ্তন কতৃৰ্পক্ষক কোনো পদত্যাগ পত্ৰ দাখিল কৰা নাই৷ প্ৰকৃততে ব্যক্তিগত কিছু অসুবিধাৰ বাবে ৪-৫ মাহৰ বাবে দলীয় কাম-কাজৰ পৰা আঁতৰি থাকিব বিচাৰিছে৷ বিগত ২ জানুৱাৰীত এই সন্দৰ্ভত দলৰ ৰাষ্ট্ৰীয় নেতৃত্বলৈ সাময়িক বিৰতি বিচাৰি আবেদন পত্ৰ প্ৰেৰণ কৰিছে৷ এয়া কোনোপধ্যেই পদত্যাগ পত্ৰ নহয়৷ কোনো ন্যস্ত স্বাৰ্থ জড়িত মহলে এই আবেদনকে পদত্যাগ পত্ৰ দাখিল কৰা বুলি অপপ্ৰচাৰ কৰিছে৷






