
কিৱি স্পিনাৰৰ সন্মুখীন হ’বলৈ বিশেষ প্ৰস্তুতি কোহলিসহ ভাৰতীয় বেটাৰৰ
ডুবাই, ২৭ ফেব্ৰুৱাৰীঃ চেম্পিয়নছ ট্ৰফীৰ প্ৰথম দুখন খেলত বাংলাদেশ আৰু পাকিস্তানৰ বিৰুদ্ধে বিশেষ প্ৰত্যাহ্বান অবিহনে জয় অৰ্জন কৰিছে ভাৰতীয় ক্ৰিকেট দলে৷ গ্ৰুপৰ তৃতীয় মেচত দেওবাৰে ভাৰত নিউজীলেণ্ডৰ সন্মুখীন হ’ব৷ নিয়ম ৰক্ষাৰ মেচ হ’লেও নিউজীলেণ্ডৰ বিৰুদ্ধে কোনো সুৰুঙা ৰাখিব নিবিচাৰিব ভাৰতে৷ বুধবাৰে নিশা নিউজীলেণ্ডৰ বিৰুদ্ধে মেচখনক লক্ষ্য কৰি কঠোৰ অনুশীলন কৰে ভাৰতে৷ নিউজীলেণ্ডৰ স্পিনাৰৰ সন্মুখীন হ’বলৈ কঠোক শ্ৰম কৰিছে বিৰাট কোহলিসহ ভাৰতীয় বেটাৰে৷ বাংলাদেশৰ ৰিছাদ হোছেইন আৰু মেহেদি হাছান মিৰাজে ভাৰতৰ বিৰুদ্ধে কিছু যুঁজ দিছিল৷
পাকিস্তানৰ একমাত্ৰ আবৰাৰ আহমেদৰ বাহিৰে আন কোনো খেলুৱৈয়ে ভাৰতৰ বিৰুদ্ধে বিশেষ প্ৰদৰ্শন আগবঢ়াব নোৱাৰিলে৷ নিউজীলেণ্ড দলত আছে মিচেল ছেণ্টনাৰ, মাইকেল ব্ৰেচৱেল, আৰু গ্লেন ফিলিপছৰ দৰে স্পিনাৰ আছে৷ তেওঁলোকৰ বিৰুদ্ধে খেলাতো খুব সহজ নহ’ব৷ অনুশীলনত কোহলি, শ্ৰেয়স আয়াৰ আৰু অক্ষৰ পেটেলক পৃথকে স্পিনাৰৰ সন্মুখীন হোৱা দেখা যায়৷ ডুবাইত মাজৰ ফালৰ অভাৰবোৰত স্পিনাৰৰ বিৰুদ্ধে খেলা সহজ নহয়৷ সেয়ে অনুশীনত ৰবীন্দ্ৰ জাদেজা আৰু বৰুণ চক্ৰৱৰ্তীৰ বিৰnদ্ধে অগ্ৰাসী বেটিং কৰে শ্ৰেয়স আৰু অক্ষৰে৷ কোহলিয়ে মহম্মদ ছামি, অৰ্শদীপ সিং আৰু হাৰ্ষিত ৰানাৰ দৰে বেগী বলাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক খেলিছিল৷ স্পিনাৰৰ বিৰুদ্ধে বেট ধৰোতে তেওঁৰ খেলাৰ নিয়ম সলনি হয়৷