Logo
image

পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান

‘আমাৰ অসম’ৰ মৰিগাঁৱৰ প্ৰতিনিধি, ২৭ ফ্ৰেব্ৰুৱাৰীঃ  সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ এখন গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় সাংগঠনিক সভা আজি মৰিগাঁও চহৰৰ পৰাগ নিকেতনত অনুষ্ঠিত হয়৷ সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ কেন্দ্ৰীয় সভাপতি মিনাৰাম গগৈৰ সভাপতিত্বত অনুষ্ঠিত এই সভাখনত সংগঠনটোৰ ভৱিষ্যত কাৰ্যপন্থাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়৷ এই সভাতে সংগঠনটোৰ সাংগঠনিক বিষয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ সভাৰ অন্তত অনুষ্ঠিত এখন সংবাদ মেলত সংগঠনটোৰ সাধাৰণ সম্পাদক ৰমেন ডেকাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে, বিশেষকৈ ১৯৯৮ৰ পৰা ২০০৫চনলৈ যুদ্ধবিৰত আলফাৰ সৈনিকসকলক চৰকাৰে যি সন্মান আৰু সংস্থাপন দিব লাগিছিল সেয়া আজিপৰ্যন্ত কাৰ্যতঃ হৈ নুঠাত সভাই গভীৰ দুখ প্ৰকাশ কৰে৷ লগতে এই গুৰুত্বপূৰ্ণ বিষয়টো পুনৰ বিবেচনাৰ বাবে অসম চৰকাৰক আহ্বান জনায়৷


তদুপৰি, কৃষিকৰ্মৰ জৰিয়তে আলফাৰ প্ৰাক্তন সৈনিকসকলক জীৱিকা নিৰ্বাহ কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ চৰকাৰী ভূমি আবণ্টন দিবৰ বাবে চৰকাৰক দাবী জনোৱা হয়৷ সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বই সম্বোধন কৰা এই সংবাদ মেলত সদিৰ কৰে যে, আলোচনাপন্থী আলফাৰ দুয়োটা গোট প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ সৈতে সহমতত থকাৰ লগতে স্বাধীন অসমৰ দাবীত অটল হৈ থকা আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক আলোচনাৰ মাধ্যমেৰে মূল সুঁতিলৈ উভতি আহিবলৈ আহ৩ান জনায়৷ আনহাতে প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ সদস্যসকল বিশ্বাসঘাটক নহয় বুলি স্পষ্ট কৰি দি লগতে কয় যে অস্ত্ৰ সম্বৰণ কৰাৰ পাছত পুনৰাই অস্ত্ৰ হাতত লোৱাৰ প্ৰশ্নই নুঠে৷ ইয়াৰ পৰিৱৰ্তে আলফাৰ প্ৰাক্তন সৈনিকসকলে কৃষিকৰ্মৰ জৰিয়তে জীৱন নিৰ্বাহ কৰিবলৈ আগবাঢ়ি অহা বুলি সংগঠনটোৰ নেতৃত্বই সদৰি কৰে৷ সংবাদ মেলখনত প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ কেন্দ্ৰীয় সভাপতি মিনাৰাম গগৈ, সাধাৰণ সম্পাদক ৰমেন ডেকাৰ উপৰিও সাংগঠনিক সম্পাদক ধ্ৰুৱজ্যোতি কলিতা, মৰিগাঁও জিলা সমিতিৰ সভাপতি নৰেন ডেকা আৰু সম্পাদক ধন্তি ডেকা উপস্থিত থাকে৷