
এমাহৰ ভিতৰতে মাৰ্কিন সেনাৰ পৰা বিদায় দিয়া হ’ব ট্ৰান্সজেণ্ডাৰক
ৱাশ্বিংটন, ২৭ ফেব্ৰুৱাৰীঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শাসনভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰাই ট্ৰান্সজেণ্ডাৰৰ বিৰুদ্ধে বিভিন্ন কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ এইবাৰ ট্ৰাম্প চৰকাৰে মাৰ্কিন সেনাৰ পৰাও ট্ৰান্সজেণ্ডাৰক আঁতৰোৱাৰ সিদ্ধান্ত লয়৷ মাৰ্কিন আদালতত ট্ৰাম্প চৰকাৰে জনোৱা অনুসৰি তেওঁলোকে এমাহৰ ভিতৰতে সেনাৰ পৰা ট্ৰান্সজেণ্ডাৰক চাটাই কৰিব৷ উল্লেখ্য, ৰাষ্ট্ৰপতি ট্ৰাম্পে যোৱা মাহত এটা কাৰ্যকৰী নিৰ্দেশৰ জৰিয়তে মাৰ্কিন সেনাত ট্ৰান্সজেণ্ডাৰৰ নিযুক্তি নিষিদ্ধ কৰিছিল৷
কিন্তু এতিয়া তেওঁৰ চৰকাৰে পূৰ্বে নিযুক্তি পোৱা ট্ৰান্সজেণ্ডাৰক সেনাৰ পৰা বহিষ্কাৰৰ সিদ্ধান্ত লয়৷ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মতে এজন পুৰুষে যেতিয়া নিজকে মহিলা হিচাপে মনে-প্ৰাণে ধৰি লয়, তেওঁ কেতিয়াও সেনা হোৱাৰ যোগ্য নহয়৷ গতিকে তেওঁৰ চৰকাৰে এনে লোকক সেনাৰ পৰা বাহিৰ কৰি দিয়াৰ সিদ্ধান্ত লয়৷ ট্ৰান্সজেণ্ডাৰ সেনাক বাছি উলিয়াবলৈ বিশেষ প্ৰক্ৰিয়াৰ সহায় লোৱা হ’ব৷ উল্লেখ্য, সেনাত থকা ট্ৰান্সজেণ্ডাৰৰ লিংগ পৰিৱৰ্তনো ইতিমধ্যে বন্ধ কৰি দিছে পেণ্টাগনে৷ বৰ্তমান মাৰ্কিন সেনাত ১,৫০০ৰো অধিক ট্ৰান্সজেণ্ডাৰ আছে৷