Logo
image

‘টাইম’ৰ সন্মান লৈ উভতিল পূৰ্ণিমা দেৱী বৰ্মন

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ২৮ ফেব্ৰুৱাৰীঃ  বিশ্বপ্ৰসিদ্ধ ‘টাইম’ আলোচনীৰ ‘বৰ্ষশ্ৰেষ্ঠ মহিলা’ৰ সন্মান গ্ৰহণ কৰিলে অসম জীয়ৰী পূৰ্ণিমা দেৱী বৰ্মনে৷ ২৫ ফেব্ৰুৱাৰীত লছ এঞ্জেল্‌ছত অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত পূৰ্ণিমা দেৱী বৰ্মনক এই গুৰুত্বপূৰ্ণ সন্মান প্ৰদান কৰা হয়৷ এই সন্মান গ্ৰহণ কৰি ইতিমধ্যে অসমলৈ উভতি আহিছে প্ৰকৃতিকৰ্মীগৰাকী৷ বিখ্যাত ‘টাইম’ আলোচনীৰ মৰ্যাদাপূৰ্ণ সন্মান লাভ কৰা পূৰ্ণিমা দেৱী বৰ্মনৰ সফলতাত অসমৰ সকলো শ্ৰেণীৰ ৰাইজৰ মাজত, বিশেষকৈ প্ৰকৃতিপ্ৰেমীসকলৰ মাজত উছাহৰ ধল বাগৰিছে৷ উল্লেখ্য, দুষ্প্ৰাপ্য হাড়গিলা সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অৰিহণাৰ বাবে আকৌ এবাৰ  বিশ্ব দৰবাৰত জিলিকি উঠিল ‘হাড়গিলা বাইদেউ’ খ্যাত ড॰ পূৰ্ণিমা দেৱী বৰ্মন৷ বিশ্বৰ বিলুপ্তপ্ৰায় পক্ষীবিধৰ সংৰক্ষণ তথা বংশ-বৃদ্ধিৰ বাবে দীৰ্ঘদিনে অব্যাহত ৰখা প্ৰচেষ্টাৰ বাবেই  ড॰ পূৰ্ণিমা দেৱী বৰ্মনক বিখ্যাত ‘টাইম’ আলোচনীয়ে ২০২৫ বৰ্ষৰ ‘বৰ্ষশ্ৰেষ্ঠ মহিলা’ৰ স্বীকৃতি প্ৰদান কৰে৷


লক্ষণীয়ভাৱে এই সন্মান লাভ কৰা পূৰ্ণিমা দেৱী বৰ্মন প্ৰথম ভাৰতীয়৷ ইয়াৰ পূৰ্বে ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশ সন্মান ‘গ্ৰীন অস্কাৰ’ৰে সন্মানিত হৈছিল অসম জীয়ৰী পূৰ্ণিমা দেৱী বৰ্মন৷ তেওঁ কামৰূপ জিলাৰ দদৰাত হাড়গিলা চৰাইৰ সংৰক্ষণৰ বাবে গাঁৱৰ মহিলাসকলক লগত লৈ গঠন কৰা ‘হাড়গিলা আৰ্মী’ এতিয়া বিশ্বজুৰি জনাজাত৷ বিপন্নপ্ৰায় হাড়গিলাৰ পদ্ধতিগত সংৰক্ষণৰ বাবে বন্যপ্ৰাণী গৱেষক তথা সংৰক্ষক পূৰ্ণিমা দেৱী বৰ্মনলৈ ২০১৭ চনত গ্ৰীন অস্কাৰ বঁটা আগবঢ়োৱা হৈছিল৷ ২০২০ চনৰ মে’ মাহত বিশ্বৰ প্ৰখ্যাত গ্ৰন্থ প্ৰকাশন সংস্থা হাৰ্পাৰ কলিন্স পাব্লিকাৰ্ছৰ শৈক্ষিক প্ৰকাশন শাখা ‘কলিন্স-’এ ড॰ পূৰ্ণিমা দেৱী বৰ্মনৰ কৰ্মৰাজিক পাঠ্যক্ৰমত স্থান দিছিল৷ ৪৫ বছৰীয়া পূৰ্ণিমা দেৱী বৰ্মনে হাড়গিলা সংৰক্ষণৰ বাবে কাম আৰম্ভ কৰাৰ সময়ত কামৰূপৰ দদৰাত আনুমানিক ৪৫০টা হাড়গিলা আছিল যদিও এতিয়া দুষ্প্ৰাপ্য পক্ষীবিধৰ সংখ্যা ১,৮০০ৰো অধিক হৈছে৷ পূৰ্ণিমা দেৱী বৰ্মনে ২০১৮ বৰ্ষত ভাৰত চৰকাৰৰ পৰা নাৰী শক্তি পুৰষ্কাৰ লাভ কৰিছিল৷ ‘টাইম’ আলোচনাৰ অনলাইন সংস্কৰণত পূৰ্ণিমা দেৱীৰ হাড়গিলা সংৰক্ষণ সম্পৰ্কীয় লেখাও প্ৰকাশ পাইছে৷