Logo
image

শ্বেয়াৰ বজাৰত অভিলেখ পতন, জিডিপিৰ উত্থান

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৮ ফেব্ৰুৱাৰীঃ  একেদিনাই দেশৰ জিডিপিৰ উত্থানৰ খবৰ আৰু আনদিশে মুলধনী বজাৰ অৰ্থাৎ দেশৰ শ্বেয়াৰ বজাৰৰ অভাৱনীয় পতন৷ অন্ত পৰিবলৈ লোৱা বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকত দেশৰ মুঠ ঘৰুৱা উৎপাদন বা জিডিপি ৬.২ শতাংশলৈ বৃদ্ধি পোৱা বুলি ‘নেচনেল ষ্টেটিষ্টিক্স অফিচে’ তথ্য আগবঢ়োৱাৰ দিনাই আজি শুকুৰবাৰে শ্বেয়াৰ বজাৰত অস্বাভাৱিক পতন ঘটিছে৷ মাহৰ অন্তিম দিনটোত আজি ব’ম্বে ষ্টক এক্সচেঞ্জ আৰু নেচনেল ষ্টক এক্সচেঞ্জ আক্ষৰিক অৰ্থতে মুখ থেকেচা খাই পৰিছে৷ দিনটোত বিএছইৰ সূচক অৰ্থাৎ ছেনছেক্সৰ পতন ঘটিছে ১৪১৪.৩৩ পইণ্ট৷ ব’ম্বে ষ্টক এক্সচেঞ্জৰ ছেনছেক্স দিনান্তত স্থিৰ হৈছে ৭৩,১৯৮.১০ পইণ্টত৷ পুৱা বিএছই ছেনছেক্স ৭৪,২০১.৭৭ পইণ্ট থাকোতে আৰম্ভ হৈছিল শ্বেয়াৰ বজাৰ৷ দিনটোত বিএছইৰ ছেনছেক্স  কেৱল নিম্নমুখী হৈ থাকে আৰু দিনান্তত মুঠ পতন হয় ১.৯০ শতাংশ৷ আনহাতে নেচনেল ষ্টক এক্সচেঞ্জৰ সূচক অৰ্থাৎ নিফটিৰ পতন ঘটে ৪২০.৩৫ পইণ্ট৷ শতাংশৰ হিচাপত সেয়া হয়গৈ ১.৮৬৷ ফলত দিনটোত দেশৰ শ্বেয়াৰ বজাৰৰ পৰা ১০ লাখ কোটি টকাৰ মাৰ্কেট কেপিটেল বতাহৰ সৈতে মিলি যায়৷ দেশৰ শ্বেয়াৰ বজাৰে ছেপ্টেম্বৰলৈ চমৎকাৰ উত্থান প্ৰদৰ্শন কৰি অভিলেখ সৃষ্টি কৰাৰ পাছত বিগত ৫ মাহত কেৱল নিম্নমুখী হৈছে মুলধনী বজাৰ৷ ১৯৯৬ চনৰ পাছত প্ৰথমবাৰৰ বাবে দেশৰ শ্বেয়াৰ বজাৰ একেৰাহে ৫ মাহ নিম্নমুখী হ’ল৷ ভাৰতীয় শ্বেয়াৰ বজাৰৰ এনে পতনৰ বাবে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পকে খলনায়ক হিচাপে চিহ্নিত কৰা হৈছে৷ ট্ৰাম্পৰ বাণিজ্য যুদ্ধৰ বাবেই ভাৰতীয় শ্বেয়াৰ বজাৰৰ এনে দুৰৱস্থা৷


ইপিনে ‘ষ্টেটিষ্টিক্স আৰু প্ৰগ্ৰেম ইমপ্লিমেণ্টেচন’ মন্ত্ৰণালয়ৰ অধীনষ্ঠ ‘নেচনেল ষ্টেটিষ্টিক্স অফিচে’ আগবঢ়োৱা তথ্য অনুসৰি বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকত জিডিপিৰ উন্নয়নৰ হাৰ ৬.২ শতাংশ হৈছে৷ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত জিডিপিৰ হাৰ আছিল ৫.৬ শতাংশ৷ ২০২৪-২৫ বিত্তীয় বৰ্ষত জিডিপিৰ উন্নয়নৰ হাৰ ৬.৫ শতাংশ হ’ব বুলি পূৰ্বানুমান কৰা হৈছিল৷ তথাপি এয়া বিগত ৪টা বিত্তীয় বৰ্ষৰ তুলনাত ধীৰ গতিৰ উন্নয়ন৷ অৱশ্যে এই বিত্তীয় বৰ্ষৰ চতুৰ্থ তথা অন্তিম ত্ৰৈমাসিক শেষ হ’বলৈ এতিয়াও সম্পূৰ্ণ এমাহ বাকী৷