পাঁচ বছৰৰ মূৰত বিদেশী পৰ্যটকৰ বাবে দুৱাৰ খুলি দিয়াৰ সিদ্ধান্ত উত্তৰ কোৰিয়াৰ
প্যংয়াং, ২৮ ফেব্ৰুৱাৰীঃ উত্তৰ কোৰিয়াৰ সৰ্বোচ্চ নেতা কিম জং উনে ক’ডিভ-১৯ৰ আৰম্ভণিতে দেশখনত বিদেশী পৰ্যটকৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল৷ তেতিয়াৰ পৰাই দেশখনত বিদেশী পৰ্যটকৰ প্ৰৱেশ নিষিদ্ধ হৈ আহিছে৷ কিন্তু এতিয়া দেশখনৰ সৰ্বোচ্চ নেতা কিম জং উনে দেশৰ দুৱাৰ বিদেশী পৰ্যটকৰ বাবে খুলি দিয়াৰ সিদ্ধান্ত লয়৷ অৱশ্যে সেইসকল লোকেহে উত্তৰ কোৰিয়ালৈ যাব পাৰিব, যিয়ে দেশখনৰ কঠোৰ নীতি-নিয়ম পালন কৰিবলৈ মান্তি হ’ব৷ উত্তৰ কোৰিয়াৰ চৰকাৰৰ এই সিদ্ধান্তই বিশ্বজুৰি চৰ্চা লাভ কৰিছে৷ আমেৰিকা, দক্ষিণ কোৰিয়া আৰু ইউৰোপৰ দেশবোৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি অহা উত্তৰ কোৰিয়াই বিদেশী নাগৰিকৰ বাবে দুৱাৰ খুলি দিলেও প্ৰশ্ন হৈছে দেশখনলৈ ফুৰিবলৈ কোন যাব? কাৰণ বিশ্বৰ আন দেশৰ পৰা প্ৰায়ে আঁতৰি থাকে উত্তৰ কোৰিয়া৷
তদুপৰি দেশখনত প্ৰচলন হৈ আছে কঠোৰ নিয়ম৷ আজব আজব শাস্তি প্ৰদান কৰা হয় দেশখনত৷ তদুপৰি আমেৰিকাকে ধৰি আন আন আন্তঃৰাষ্ট্ৰীয় দেশে উত্তৰ কোৰিয়াৰ বিৰুদ্ধে বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰি আহিছে৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ, ইউৰোপীয় সংঘয়ো উত্তৰ কোৰিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰি থৈছে৷ নিষেধাজ্ঞাৰ ফলত উত্তৰ কোৰিয়াৰ অৰ্থনীতিও বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে৷ গতিকে পাঁচ বছৰৰ মূৰত উত্তৰ কোৰিয়াৰ চৰকাৰে বিদেশী পৰ্যটকৰ বাবে দুৱাৰ খুলি দিয়াৰ সিদ্ধান্ত লয়৷ কিন্তু বিদেশী নাগৰিকে কঠোৰ নীতি পালন কৰিব লাগিব৷ স্থানীয় গাইড অবিহনে তেওঁলোকে ক’লৈকো যাব নোৱাৰিব৷ নিৰ্দিষ্ট স্থানহে চাব পাৰিব৷ প্ৰায়বোৰ স্থানতে ফটো তুলিব নোৱাৰিব৷






