Logo
image

নাজিৰাৰ গেলেকীত চাহৰ ২০০ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষ্যে প্ৰীতি সন্মিলন

'আমাৰ অসম'ৰ নাজিৰাৰ প্ৰতিবেদকঃ চাহ শ্ৰমিকৰ একতা আৰু সমন্বয়ৰ প্ৰতীক হিচাপে চাহ শ্ৰমিকৰ সপক্ষে কাম কৰি অহা বৃহৎ সংগঠন হৈছে অসম চাহ মজদুৰ সংঘ। অসমত চাহ বাগিচাৰ ২০০ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষ্যে অসম চাহ মজদুৰ সংঘৰ নাজিৰা আৰু মৰাণ শাখাৰ উদ্যোগত আৰু গেলেকী চাহ বাগিচাৰ আতিথ্যত শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে সম্প্ৰীতি, সমন্বয় গঢ়াৰ উদ্দেশ্যে এক প্ৰীতি সন্মিলন অনুষ্ঠান আয়োজন কৰে। নাজিৰা সমজিলাৰ অন্তৰ্গত গেলেকী চাহ বাগিচাৰ ইক' পাৰ্কত চাহৰ ২০০ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষ্যে আয়োজন কৰে প্ৰীতি সন্মিলনৰ। পুৱা ১১ বজাৰ পৰা আৰম্ভ হয় প্ৰীতি সন্মিলনৰ। চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্যৰে শুভাৰম্ভ কৰা হয় এই প্ৰীতি সন্মিলনৰ। অসম চাহ মজদুৰ সংঘ নাজিৰা আৰু মৰাণ শাখাৰ শ শ চাহ শ্ৰমিক আৰু বিভিন্ন প্ৰাথমিক গোটৰ পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে প্ৰীতি সন্মিলনত। প্ৰীতি সন্মিলনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। 


প্ৰীতি সন্মিলনত অসম চাহ মজদুৰ সংঘৰ অন্তৰ্গত মৰাণ শাখা আৰু নাজিৰা শাখাৰ প্ৰাক্তন সভাপতি সম্পাদক সকল উপস্থিত থকাৰ লগতে অসম চাহ মজদুৰ সংঘ নাজিৰা শাখাৰ সভাপতি ভদ্ৰ ৰাজোৱাৰ উপস্থিত হৈ চাহ শ্ৰমিকৰ মৌলিক সমস্যা, চাহ শ্ৰমিকৰ সন্তানৰ শিক্ষা, চাহ শ্ৰমিকৰ মজুৰি আদি বিভিন্ন দিশত আলোচনা কৰে। বিশিষ্ট অতিথি হিচাপে চাহ শ্ৰমিকৰ গৌৰৱময় ক্ষণত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰে চাহ কোম্পানীৰ মালিক পক্ষৰ লগত চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা আৰু আসোঁৱাহ সমূহ দূৰ কৰা ক্ষেত্ৰত সময়ে সময়ে দাবী জনাই আহিছে যদিও চাহ শ্ৰমিকৰ সমস্যা সমূ্হৰ এশ শতাংশ সমাধান হোৱা নাই বুলি মত প্ৰকাশ কৰে। সমান্তৰালভাৱে চাহ জনগোষ্ঠীক অসম চৰকাৰে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ ঝুমইৰ বিনন্দিনীৰ পদক্ষেপক আদৰণি জনায় যদিও চাহ শ্ৰমিকৰ অনান্য মৌলিক সমস্যা সমূহৰ বাবে গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়।