'কংগ্ৰেছ অসমৰ বাবে সামাজিক ব্যাধি'- অগপ
'আমাৰ অসম'ৰ আমিনগাঁৱৰ প্ৰতিবেদকঃ অসমৰ অৰ্থনৈতিক আৰু আৰ্থ-সামাজিক উন্নয়নৰ বাবে যিটো সময়ত অসম চৰকাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এডভাণ্টেজ অসম ২.০ ৰ জৰিয়তে ৰাজ্যখনৰ এক শক্তিশালী অৰ্থনৈতিক কাঠামো গঢ়াৰ বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছিল সেই সময়ত কেইবাবাৰো ৰাজ্য শাসন কৰা কংগ্ৰেছ দলে দিল্লীত বাহৰ পাতি দলীয় খোৱা-কামোৰাত ব্যস্ত থাকি অসমৰ প্ৰতি কংগ্ৰেছ দলটোৰ দায়বদ্ধতাৰ নিকৃষ্ট মনোবৃত্তি পুনৰবাৰ প্ৰমাণিত কৰিলে বুলি অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই কটাক্ষ কৰে। শনিবাৰে উত্তৰ গুৱাহাটীত এক সংবাদমেলত মনোজ শইকীয়াই কয় যে, অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৱল নেতৃত্বৰ বাবেই দেশ-বিদেশৰ বিনিয়োগকাৰীসকল আৰু বিভিন্ন ৰাষ্ট্ৰৰ প্ৰতিনিধি আহি উদ্যোগীকৰণৰ লগতে অন্যান্য সামাজিক ক্ষেত্ৰত অসমক আগবঢ়াই নিয়াৰ যি আন্তৰিকতা প্ৰদৰ্শন কৰিলে সেয়া ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিখুত পৰিকল্পনা আৰু কাৰ্য্যদক্ষতাৰ বাবে সক্ষম হৈছে।
এইবাৰৰ এডভাণ্টেজ অসম ২.০ অসমৰ সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত এক যুগান্তকাৰী পট পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে। ইয়াৰ জৰিয়তে ৰাজ্যখনৰ জনসাধাৰণৰ জীৱন-জীৱিকা আৰু সামাজিক পটভূমিত ইতিবাচক পৰিৱৰ্তনৰ ইংগিত প্ৰতিফলিত হৈছে। এনে এক ইতিবাচক পৰিৱেশ বিৰাজ কৰাৰ সময়ত ৰাজ্যৰ কংগ্ৰেছী নেতাসকলে দিল্লীত বাহৰ পাতি দলীয় অৰিয়াঅৰি আৰু নেতিবাচক কথা বতৰাৰে কংগ্ৰেছ দলৰ স্বভাৱসুলভ নিকৃষ্ট ৰাজনৈতিক মানসিকতা উদঙাই দিয়া বুলি দলটোৰ সাধাৰণ সম্পাদক গৰাকীয়ে উল্লেখ কৰে। শইকীয়াই কংগ্ৰেছ দলৰ অসমৰ প্ৰতি কোনো কালে দায়বদ্ধতা নাছিল আৰু বৰ্তমানৰ কংগ্ৰেছী সকলৰো একে প্ৰবৃত্তি বুলি উল্লেখ কৰি কংগ্ৰেছ দলটো অসমৰ সমাজ জীৱনৰ বাবে সামাজিক ব্যাধি আৰু আপদ আখ্যা দিয়াৰ লগতে অসমৰ সমাজ জীৱনৰ বাবে যে ক্ষতিকাৰক সেই কথা আকৌ এবাৰ উন্মোচিত হ’ল বুলি মন্তব্য কৰে।






