Logo
image

শুৱালকুছিৰ শ্ৰীশ্ৰীঈশ্বৰহাটীসত্ৰত দৌল মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

'আমাৰ অসম'ৰ শুৱালকুছিৰ প্ৰতিবেদকঃ নামনি অসমৰ একমাত্ৰ উদাসীন সত্ৰ শুৱালকুছিৰ অন্যতম ঐতিহ্যমণ্ডিত ধৰ্মপীঠ শ্ৰীশ্ৰীঈশ্বৰহাটীসত্ৰত অহা ১৩, ১৪ আৰু ১৫ মাৰ্চত তিনিদিনীয়া কাৰ্যসূচীৰে ভগৱান শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ উদযাপনৰ ব্যাপক আয়োজন কৰিছে। এই লৈ হাটীসত্ৰত ভকত-বান্ধৱ, আইসকল, যুৱক-যুৱতীৰ মাজত উথপথপ লাগিছে। পৰম্পৰাগত ভাৱে উদযাপন কৰা দৌল মহোৎসৱৰ ভিন ভিন ৰুচিবোধ তথা আধ্যাত্মিক কাৰ্যসূচীৰে প্ৰস্তুত কৰিছে দৌলৰ কাৰ্যসূচী। সূচী অনুযায়ী ১৩ মাৰ্চ অৰ্থাৎ প্ৰথম দিনা পুৱা ৭ বজাত স্বচ্ছ অভিযান, ৮ বজাত গছপুলি ৰোপণ কৰিব প্ৰাক্তন অনাতাঁৰ শিল্পী তথা বিশিষ্ট শিক্ষাবিদ কনকলতা দাসে, ৯ বজাত পতাকা উত্তোলন কৰিব শ্ৰীশ্ৰীঈশ্বৰহাটীসত্ৰৰ বুঢ়া সত্ৰীয়া ৰাজীৱ লোচন সন্ত বাপে, গণেশ দাস, মথুৰা মোহন বৈশ্য সোঁৱৰণী মণ্ডপ উদ্বোধন কৰিব ফুলেন দাস আৰু অলকা বৈশ্যই, ১০ বজাত পিতৃ-মাতৃ পদ পখালন ভক্তি উৎসৱ, ১১.৩০ বজাত সত্ৰৰ দৌল মহোৎসৱৰ স্মৰণিকা ৰঙ্গে ফাগু খেলে উন্মোচন কৰিব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন বৰঠাকুৰে। অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰিব সত্ৰ ডেকা সত্ৰীয়া উজ্জ্বল মহন্তই। ১.৩০ বজাত গিৰিশ চন্দ্ৰ চৌধুৰী সোঁৱৰণী মঞ্চ উদ্বোধন কৰিব পাৰুল চৌধুৰী (বেলা)ই। বন্তি প্ৰজ্বলন কৰিব ব্ৰজধাম নামঘৰৰ নামাচাৰ্য চণ্ডী মেধিয়ে। পিছত বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। সন্ধিয়া ৫ বজাত দৌল মন্দিৰত ৰাজহুৱা বন্তি প্ৰজ্বলন। দৌল মন্দিৰৰ আগত কণকণ শিশু সকলৰ কৃষ্ণ নৃত্য প্ৰদৰ্শন। ৭ বজাত মেৰিয়াই গোঁসাই দৌলত তোলা আৰু আতচবাজী প্ৰদৰ্শন। উদ্বোধন কৰিব অসম চৰকাৰৰ পৰিবহন বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসে। নিশা উদয়নীল মিনি থিয়েটাৰৰ যাত্ৰাভিনয়। নাট্যানুষ্ঠানৰ শুভ উদ্বোধন কৰিব বিশিষ্ট সমাজসেৱক ড০ কেশৱ কলিতাই। ১৪ মাৰ্চৰ পুৱা আইসকল, বাপ সকলৰ প্ৰসঙ্গ প্ৰসাদ বিতৰণ নিৰ্মাল্য গ্ৰহণ।


দুপৰীয়া ২ বজাত হোলী গীত প্ৰতিযোগিতাৰ উদ্বোধন কৰিব বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ উত্তৰ কামৰূপ জিলাৰ সভাপতি ৰাজীৱ দাসে। সন্ধিয়া ৬ বজাত সাংস্কৃতিক মঞ্চ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে। মুখ্য অতিথিৰ আসন অলংকৃত কৰিব কামৰূপ জিলাৰ অতিৰিক্ত আয়ুক্ত প্ৰণৱ গোস্বামীয়ে। নিমন্ত্ৰিত অতিথিৰ আসন অলংকৃত কৰিব গেট হস্পিতালৰ সঞ্চালক ডাঃ বেদব্ৰত পাঠকে। বন্তি প্ৰজ্বলন কৰিব ঈশ্বৰ শ্ৰীশ্ৰী সৰুসত্ৰৰ সত্ৰাধিকাৰ যোগেশ্বৰ মহন্তই। ৭ বজাত সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ'ব। নিশা মঞ্চত ভিন ভিন সাংস্কৃতিক অনুষ্ঠানৰ লগতে জনপ্ৰিয় সংগীত শিল্পী পাৰ্থ প্ৰতীম বৈশ্যই সঙ্গীত পৰিবেশন কৰিব। ১৫ মাৰ্চৰ সামৰণী দিনা পুৱা ৯ বজাত ভকত আই সকলৰ আবীৰ অনুষ্ঠান। ১.৩০ বজাত নগৰত গোসাঁইৰ পৰিভ্ৰমণ, গোসাঁইৰ বিবাহ কৃষ্ণ ভোগ বিতৰণ। ২.৩০ বজাত পঞ্চামৃত টেকেলি ভঙা, টেলুৱৈ বাহত বগোৱা প্ৰতিযোগিতা। বিয়লি ৩ বজাত পুৰুষ মহিলাৰ বাঁহ ভঙা প্ৰতিযোগিতা। উদ্বোধন কৰিব অসম চৰকাৰৰ জল সম্পদ, তথ্য আৰু জন সংযোগ আদি বিভাগৰ মন্ত্ৰী পিয়ূয হাজৰিকাই। ইয়াৰ পিছত দৌল মহোৎসৱ উদযাপন সমিতিৰ উপ-সভাপতি ভবেশ দাসৰ সভাপতিত্বত বঁটা বিতৰণী অনুষ্ঠান। মুখ্য অতিথিৰ আসন অলংকৃত কৰিব প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মাই। নিমন্ত্ৰণ অতিথি কামৰূপৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ। ৫ বজাত পতাকা অৱতৰণ, গোপাল ভোগ বিতৰণ। ইয়াৰ উপৰিও চিত্ৰাংকণ প্ৰতিযোগিতা, বানান প্ৰতিযোগিতাৰ লগতে ৯ মাৰ্চত কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। উক্ত সমূহ কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিৰ সভাপতি তথা বুঢ়া সত্ৰীয়া ৰাজীৱ লোচন সন্ত, কাৰ্যকৰী সভাপতি উজ্জ্বল মহন্ত,সম্পাদকদ্বয় ডুল ডেকা কিশোৰ দাসে।