Logo
image

ৰমজান মাহ উপলক্ষ্যে ধুবুৰীত ফলমূলৰ অভাৱনীয় মূল্যবৃদ্ধি

'আমাৰ অসম'ৰ ধুবুৰীৰ প্ৰতিবেদকঃ কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ৰমজান মাহ আৰম্ভ হ'ব। ৰমজানৰ বতৰত ধুবুৰীৰ ব্যৱসায়ীয়ে বজাৰত চাহিদাৰ প্ৰতি লক্ষ্য কৰি সুদূৰ মহাৰাষ্ট্ৰৰ পৰা আমদানি কৰি আছে ট্ৰাকে ট্ৰাকে তৰমুজ। বৰ্তমানে ধুবুৰী তথা ইয়াৰ সংলগ্ন বজাৰ সমূহত কিছু পৰিমাণে ফলমূলৰ নাটনি দেখা গ'লেও দুই মাৰ্চৰ পৰা ৰমজান মাহ আৰম্ভ হ'লে বজাৰত ফলমূলেৰে ভৰি পৰিব বুলি ব্যৱসায়ী মহলে আশা কৰিছে। ইপিনে ৰমজান মাহ উপলক্ষে ধুবুৰী, গৌৰীপুৰকে ধৰি ইয়াৰ কাষৰীয়া বজাৰ সমূহত ইতিমধ্যে মহাৰাষ্ট্ৰৰ পৰা ট্ৰাকত অনা তৰমূজে বজাৰ দখল কৰি লৈছে। আজিৰ তাৰিখত তৰমুজৰ পাইকাৰী মূল্য ২৫ টকা আৰু খুচুৰা মূল্য ৫০-৭০ টকাকৈ বিক্ৰী হৈ আছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ৰমজান মাহ উপলক্ষ্যে প্ৰতিবিধ ফলৰে দাম ৫০-৬০ শতাংশ পৰ্যন্ত বৃদ্ধি হোৱাত স্বাভাৱিকতে বিমোৰত পৰিছে সাধাৰণ শ্ৰেণীৰ গ্ৰাহক ৰাইজ৷ কিয়নো ৰমজান মাহৰ ৰোজাৰ বতৰত বজাৰৰ পৰা ইছলামধৰ্মী লোকসকলে কিছু বেছি পৰিমাণে হ'লেও ফলমূল ক্ৰয় কৰে সন্ধিয়া পৰিয়ালৰ লোকসকলৰ সৈতে ইফটাৰ কৰাৰ মানসেৰে৷ কিন্তু এতিয়া ফলমূলৰ বজাৰত আপেল, আঙুৰ, তৰমুজ, মালভোগ কল,  ডালিম, খেজুৰ আদিকে ধৰি সকলোবোৰ ফলৰে দাম অভাৱনীয়ভাৱে বৃদ্ধি পোৱাত গ্ৰাহক সকলে বজাৰৰ পৰা ফলমূল ক্ৰয় কৰাৰ সময়ত দহবাৰ চিন্তা কৰিব লগাত পৰিছে৷ ধুবুৰীৰ বিভিন্ন গ্ৰামাঞ্চলৰ সমান্তৰালভাৱে চহৰখনৰ কেইবাখনো ফলমূলৰ বজাৰত প্ৰতিকেজি আপেল  ১৮০-২২০ টকা, প্ৰতি কেজি আঙুৰ ১০০-১৫০, তৰমুজ  প্ৰতিকেজি ৫০-৭০ টকা, ডালিম ২২০-২৬০ টকা, মালভোগ কল প্ৰতিকেজি ১০০ টকা, চেনি কল ৬০-৮০ টকা, জাহাজী কল ৮০- ১২০ টকা, তিয়ঁহ ৬০ টকা প্ৰতিকেজি। আনহাতে, এতিয়া সকলো বজাৰতে সহজলভ্য হৈ পৰা আৰৱ-ইৰাণৰ খেজুৰ প্ৰতিকেজিত ২৫০-৩০০ টকা আৰু ভাৰতীয় খেজুৰ ৯০-১২০ টকা, কাজু বাদাম ১০০০-১২০০ টকাকৈ প্ৰতিকেজি বিক্ৰী হৈ আহিছে৷ 


ফলৰ বজাৰত ফলমূল ক্ৰয় কৰি থকা কেইজনমান গ্ৰাহকে কয়- "ইছলাম ধৰ্মীয় সমাজত পৱিত্ৰ ৰমজান মাহ বছৰত এবাৰেই আহে৷ বজাৰত ফলমূলৰ দাম বৃদ্ধি হ'লেও আমি সকলোৱে ফলমূল সমূহ সন্ধিয়াৰ ইফটাৰৰ সময়ত ব্যৱহাৰ কৰিবই লাগিব৷ গতিকে বজাৰত অধিক দাম হ'লেও ক্ৰয় কৰি আহিছো ফলমূল৷" বজাৰত দাম বেছি হ'লেও আৰৱৰ খেজুৰবিধ খাই ভাল পোবা এজন ব্যক্তিয়ে লগতে কয়- "আমি তাহানিৰে পৰা ৰোজা পালন কৰি আহিছো৷ কিন্তু অন্য বছৰবোৰৰ তুলনাত এইবাৰ সঁচাকৈয়ে ফলমূল সমূহৰ দাম বৃদ্ধি পাইছে৷ ই সঁচাকৈয়ে আমাৰ দৰে নিম্ন মধ্যবিত্ত পৰিয়াল সমূহৰ বাবে অত্যন্ত চিন্তনীয় বিষয়৷ যি কি নহওক তথাপিও আমি সকলোৰে মাজত পৱিত্ৰ ৰোজা পালন কৰিবই লাগিব৷" উল্লেখ্য যে পৱিত্ৰ ৰমজান মাহৰ সময়ত ফলমূলৰ দাম বৃদ্ধি হ'লেও সৰ্বসাধাৰণ গ্ৰাহক ৰাইজে ফলমূল ক্ৰয় কৰিবলৈ বাধ্য বাবেই নেকি খুচুৰা ব্যৱসায়ী সকলে ফলমূলৰ দাম ইচ্ছা অনুসৰি বৃদ্ধি কৰে বুলিও একাংশ সচেতন গ্ৰাহকে মত ব্যক্ত কৰিছে ৷ স্মৰ্তব্য যে, ৰাজ্যৰ এটা বিয়াগোম যোগান বিভাগৰ ধুবুৰী জিলাতো এটা কাৰ্যালয় আছে যদিও এইক্ষেত্ৰত বিভাগটোৰ পৰা কোনো সুফল নোপোৱাৰ গুৰুতৰ অভিযোগ উঠিছে সাধাৰণ ৰাইজৰ মাজত৷ ইপিনে পৱিত্ৰ ৰমজান মাহৰ ৰোজাৰ এই সময়চোৱাত ধুবুৰীৰ বিয়াগোম যোগান বিভাগৰ পৰিদৰ্শক, জিলা বিষয়া কোনো এজনকে এইক্ষেত্ৰত কোনো তৎপৰতা গ্ৰহণ কৰা দেখিবলৈ পোৱা নাই সৰ্বসাধাৰণ গ্ৰাহক ৰাইজে৷