পাছপ’ৰ্টৰ নতুন নিয়ম
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ মাৰ্চঃ দেশত বলবৎ হ’ল পাচপ’ৰ্টৰ নতুন নিয়ম৷ এতিয়াৰে পৰা পহিলা অক্টোবৰ ২০২৩ৰ পাছত জন্মগ্ৰহণ কৰাসকলৰ বাবে পাছপ’ৰ্ট লাভত জন্মৰ প্ৰমাণ-পত্ৰ বাধ্যতামূলক কৰা হৈছে৷ এই নতুন নিয়মৰ ফলত পাছপ’ৰ্টৰ আবেদন প্ৰক্ৰিয়া আৰু সুৰক্ষিত হ’ব৷ ভাৰতত বৰ্তমান তিনিধৰণৰ পাছপ’ৰ্ট জাৰি কৰা হয়– নিয়মিত, অফিচিয়েল আৰু কূটনৈতিক৷ কেন্দ্ৰীয় চৰকাৰে পাছপ’ৰ্টৰ নিয়ম সংশোধন কৰিছে৷ চলিত সপ্তাহতে এই সন্দৰ্ভত আনুষ্ঠানিক বিজ্ঞপ্তি জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ এই সংশোধনী চৰকাৰী গেজেটত প্ৰকাশ পোৱাৰ পাছতে নতুন নিয়ম কাৰ্যকৰী হ’ব৷
নতুন মানদণ্ড অনুসৰি দেশত এক অক্টোবৰ ২০২৩ ৰ পাছত জন্মগ্ৰহণ কৰাসকলৰ বাবে পাছপ’ৰ্ট বনাবলৈ জন্মৰ প্ৰমাণ-পত্ৰ বাধ্যতামূলক৷ কেৱল চৰকাৰী কৰ্তৃত্বপ্ৰাপ্ত কৰ্তৃপক্ষৰ দ্বাৰা জাৰি কৰা জন্মৰ প্ৰমাণ-পত্ৰহে বৈধ হ’ব৷ পূৰ্বতে জন্মৰ প্ৰমাণ-পত্ৰ হিচাপে ড্ৰাইভিং লাইচেন্স, স্কুলৰ প্ৰমাণপত্ৰ আদি দিলেও পাছপ’ৰ্ট বনাব পাৰিছিল৷ নিয়মিত পাছপ’ৰ্ট হ’ল ভাৰতীয় সাধাৰণ নাগৰিকৰ বাবে৷ দহ বছৰলৈ ইয়াৰ বৈধ্যতা থাকে৷ অফিচিয়েল পাছপ’ৰ্ট হ’ল চৰকাৰী কৰ্মচাৰীৰ বিদেশ ভ্ৰমণৰ বাবে, আনহাতে, কূটনৈতিক পাছপ’ৰ্ট উচ্চপদস্থ চৰকাৰী বিষয়া, কূটনীতিবিদ আৰু ভিভিআইপিসকলে লাভ কৰে৷






