Logo
image

গৌৰৱ-পত্নীৰ পাকিস্তান লিংক বিচাৰি দিল্লীত বাহৰ পাতিছে অসম আৰক্ষীয়ে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১ মাৰ্চঃ  বিপদত পৰিব পাৰে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈ ! পাকিস্তানী নাগৰিক আলী তৌকিৰ শ্বেখৰ সৈতে এলিজাবেথ ক’লবাৰ্ণ গগৈৰ সম্পৰ্কৰ তথ্য বিচাৰি অৱশেষত দিল্লীত উপস্থিত হ’ল এছ আই টিৰ তদন্তকাৰী বিষয়া৷ মুখ্যমন্ত্ৰী নিৰীক্ষণ কোষৰ আৰক্ষী অধীক্ষক ৰ’জী কলিতাৰ নেতৃত্বত অসম আৰক্ষীৰ ৪ জনীয়া এটা দলে সাংসদ গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানৰ লিংক বিচাৰি শনিবাৰে দিল্লীত উপস্থিত হয়গৈ৷ উল্লেখ্য, সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈৰ পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰে জড়িত এজন পাকিস্তানী নাগৰিকৰে সম্পৰ্ক ৰক্ষা কৰি ভাৰতৰ আভ্যন্তৰীণ সুৰক্ষাৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ ‘মহা অভিযোগ’ আনিছিল অসম চৰকাৰৰ কেবিনেটে৷ সাংসদ পত্নী এলিজাবেথে পাকিস্তানী নাগৰিক আলী তৌকিৰ শ্বেখৰ নেতৃত্বাধীন জলবায়ু পৰিৱৰ্তনৰ গৱেষণাৰে জড়িত ‘লীড’ নামৰ আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংস্থাটোত কাম কৰিছিল৷ স্বেচ্ছাসেৱী সংস্থা ‘লীড’ৰ প্ৰতিষ্ঠাতা আলী তৌকিৰ শ্বেখ আই এছ আইৰে সম্পৰ্ক ৰক্ষা কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ যাৰ বাবে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত বিগত ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত ইছলামিক ৰিপাব্লিক অৱ পাকিস্তানক প্ৰতিনিধিত্ব কৰা পাকিস্তানী নাগৰিক আলী তৌকিৰ শ্বেখৰ সৈতে সাংসদ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈৰ সম্পৰ্কৰ এছ আই টিৰ জৰিয়তে তদন্তৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ কেবিনেটতত লগতে আলি তৌকিৰ শ্বেখ আৰু ব্ৰিটিছ নাগৰিক এলিজাবেথ গগৈ দুয়োজনে ক্লাইমেট এণ্ড ডেভলপমেণ্ট নলেজ নেটৱৰ্ক চমুকৈ চি ডি কে এন নামৰ এটা পৰিৱেশ সম্পৰ্কীয় গোটৰ হৈ ভাৰত আৰু পাকিস্তানত একেলগে কাম কৰা বুলিও অভিযোগ কৰিছিল৷ কেবিনেটৰ এই সিদ্ধান্তৰ পাছতেই অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে চমুকৈ চি আই ডিয়ে ৫/২০২৫ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্তৰ বাবে চি আই ডিৰ এছ ডি জি পি মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত ৪ জনীয়া এছ আই টি গঠন কৰিছিল৷


এছ আই টিৰ আন সদস্য কেইজন আছিল সহকাৰী মহাপৰিদৰ্শক প্ৰৱণজ্যোতি গোস্বামী, এছ পি ৰ’জী কলিতা আৰু এডিচিপি মৈত্ৰেয়ী ডেকা৷ অৱশ্যে, চি আই ডিয়ে ভাৰতীয় ন্যায় সংহিতা আৰু বে-আইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত ৰুজু কৰা এই গোচৰটোত অভিযুক্ত হিচাপে গৌৰৱ গগৈ বা তেওঁৰ পত্নীৰ নাম প্ৰত্যক্ষভাৱে উল্লেখ কৰা নাছিল যদিও আলী তৌকিৰ শ্বেখ আৰু অন্যান্য বুলিহে উল্লেখ কৰিছিল৷ যাৰ বাবে অৱশেষত সাংসদ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈ আৰু পাকিস্তানী নাগৰিক আলী তৌকিৰ শ্বেখৰ সম্পৰ্কৰ তথ্য বিচাৰি এতিয়া এছ আই টিৰ দলে দিল্লীত বাহৰ পতাৰ কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ তদন্তকাৰী বিষয়াৰ এটা সূত্ৰই সদৰী কৰা অনুসৰি এলিজাবেথ ক’লবাৰ্ণ গগৈ আৰু আলী তৌকিৰ শ্বেখৰ সম্পৰ্কত অসম আৰক্ষীৰ দলটোৱে নতুন দিল্লীস্থ বিদেশ মন্ত্ৰণালয়ৰ লগতে ভাৰতস্থিত পাকিস্তানৰ উচ্ছায়ুক্তৰ কাৰ্যালয়ৰ পৰাও তথ্য সংগ্ৰহ কৰিব৷ আলী তৌকিৰ শ্বেখে কিমানবাৰ ভাৰতলৈ আহিছিল আৰু ভাৰতত কাক কাক সাক্ষাৎ কৰিছিল সেই বিষয়ো তথ্য সংগ্ৰহ কৰিব৷ সমান্তৰালভাৱে এলিজাবেথ ক’লবাৰ্ণ গগৈয়ে কিমানবাৰ পাকিস্তান ভ্ৰমণ কৰিছে আৰু সাংসদ গৌৰৱ গগৈৰ লগত পাকিস্তানৰ কোনো ব্যক্তিৰ কিবা সম্পৰ্ক আছে নেকি তাৰ তথ্য আহৰণৰো চেষ্টা কৰিব এছ পি ৰ’জী কলিতাৰ নেতৃত্ব যোৱা দলটোৱে৷ তদুপৰি চি ডি কে এন নামৰ সংস্থাটোৱে ভাৰতত কি কি কাম কৰিছিল সেই সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট কতৃৰ্পক্ষৰ পৰা তথ্য বিচাৰিব৷ এলিজাবেথ ক’লবাৰ্ণ গগৈ আৰু আলী তৌকিৰ শ্বেখৰ সম্পৰ্ক থকা চি ডি কে এন, লীড ইণ্ডিয়া আৰু অক্সফ’ৰ্ড মেনেজমেণ্টলৈ অসম আৰক্ষীৰ এছ আই টিয়ে জাননী জাৰি কৰাৰ বাবে অসম  বুলিও জানিব পৰা গৈছে৷