এডভাণ্টেজ আছামত অসমীয়াৰ ডিছএডভাণ্টেজ
‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ১ মাৰ্চঃ দিনচেৰেক পূৰ্বে অনুষ্ঠিত ‘এডভাণ্টেজ আছাম’ প্ৰকৃততে অসম আৰু অসমীয়াৰ বাবে ডিছএডভাণ্টেজহে হ’বগৈ নেকি? –এই কটাক্ষপূৰ্ণ প্ৰশ্ন প্ৰাক্তন মন্ত্ৰী তথা অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ৷ বিভিন্ন প্ৰসংগৰ আঁত ধৰি জগদীশ ভূঞাই এই সন্দৰ্ভত এইদৰে উল্লেখ কৰে– ‘স্নেপশ্বট-১ঃ ১) এডভান্টেজ অসমৰ সামগ্ৰিক ইভেন্ট মেনেজমেটৰ (বোধহয় ১০০ কোটি টকাৰো অধিক হোৱাৰ সম্ভাৱনা আছে] ঠিকা পালে (ভূপিন্দৰ পাল সিং) কী কী বাহিনীয়ে৷ ২) বিহুৰ বিশ্ব ৰেকৰ্ডৰ সামগ্ৰিক ইভেন্ট মেনেজমেন্টৰ ঠিকা ( প্ৰায় ১৩ কোটি) কী কী বাহিনী (ভূপিন্দৰ পাল সিং, কমলজিৎ সিং, গুৰজাছ সিং) ৩) ঝুমুৰৰ বিশ্ব ৰেকৰ্ডৰ সামগ্ৰিক ইভেন্ট মেনেজমেন্টৰ ঠিকা পালে নীতিন জৈন নামৰ এজনে (অসমৰ্থিত সূত্ৰ অনুযায়ী বোধহয় প্ৰায় ৩০ কোটি টকা হোৱাৰ সম্ভাৱনা আছে] ৪)অসম পৰ্যটনৰ উদ্যোগত দীঘলীয়াকৈ চলি থকা ব্ৰহ্মপুত্ৰ কাৰ্ণিভেলৰ সামগ্ৰিক ইভেন্ট মেনেজমেন্টৰ ঠিকা পালে- দিল্লীৰ এখন ফাৰ্মে আৰু এই ঠিকাৰ আনুমানিক মূল্য প্ৰায় ৩০ কোটি মান হোৱাৰ সম্ভাৱনা আছে৷ (এই টকাৰ পৰিমাণসমূহ সামান্য কম বা বেছি হ’ব পাৰে গতিকে সঠিক তথ্য দিবৰ বাবে ৰাজ্য চৰকাৰক আহ্বাান জনালোঁ৷) এতিয়া প্ৰধান কথা হ’ল, অসমত ইভেন্ট মেনেজমেন্টৰ বাবে বহু যোগ্যতাসম্পন্ন ব্যক্তি আৰু ফাৰ্ম থকাৰ পাছতো কিহৰ তাড়নাত কোনোবা কী কী কোনোবা নীতিন জৈন, কোনোবা দিল্লীৰ ফাৰ্মক নিয়মবহিৰ্ভূতভাৱে এই কামসমূহ দিয়া হৈছে?
‘স্নেপশ্বট-২ঃ ডিব্ৰুগড়ৰ পৰা গৌতম বৰদলৈ (Gautam Bardoloi) নামৰ এজন সৃজনীমূলক চিন্তাৰে আগবঢ়া উদ্যোগীৰ ফেচবুক প’ষ্ট এটা চকুত পৰিল, তেওঁ লিখিছেঃ ‘কোনোদিনে কোনেও কল্পনা নকৰা এডোখৰ ঠাইত নদী পৰ্যটনৰ কাম আৰম্ভ কৰিলোঁ৷ তাৰ পাছত ৰে’ল বিভাগ মাটিৰ মালিক ওলাল৷ আমি আমাৰ নদ-নদী, পাহাৰ-ভৈয়াম সকলো বিক্ৰী কৰি দিলোঁ নেকি? এতিয়া মাহে ৭২৫০০ টকা + GST ১৮% অৰ্থাৎ ৰে’ল বিভাগ আৰু চৰকাৰক মাহে ৮৫ হাজাৰ টকা দিব লাগে৷ এনেকৈ এটা Seasonal business sustain কৰাতো সম্ভৱ নহয়... ইত্যাদি৷’ এয়া অসমৰ লক্ষজন গৌতম বৰদলৈৰ মনৰ বেদনা৷ অসমৰ এই বাস্তৱ পৰিস্থিতি সম্পৰ্কে মই জ্ঞাত বাবেই এডভান্টেজ অসম সম্পৰ্কে মোৰ কিছু নিতান্তই ব্যক্তিগত অনুভৱ দুদিন পূৰ্বে ৰাজহুৱা কৰিছিলোঁ৷ আজিও মই এডভান্টেজ আছাম সফল হোৱাতো আন্তৰিকতাৰে কামনা কৰোঁ৷ কিন্তু তাৰ বাবে প্ৰথমে চৰকাৰৰ মানসিকতা সলনি কৰিব লাগিব৷ লক্ষজন গৌতম বৰদলৈক প্ৰথমে এডভান্টেজ দিব লাগিব, অসমৰ উদ্যোগীসকলক প্ৰথমে এডভান্টেজ দিব লাগিব, অসমৰ কৃষকসকলক প্ৰথমে এডভান্টেজ দিব লাগিব, কমিচন লোৱা বন্ধ কৰিব লাগিব, মাটি, পানী, বতাহ, বিদু্যত সকলো সুলভ মূল্যত দিব লাগিব৷ অসমৰ লক্ষ্য লক্ষ্য উদ্যোগীক প্ৰথমে ঠিয় হ’বলৈ সুবিধা কৰি দিয়ক, প্ৰেৰণা দিয়ক এইসকল অসমৰ উদ্যোগী ঠিয় হ’ব পাৰিলে তাৰ পাছত আদানি আম্বানি আদি বৃহৎ গোষ্ঠীসমূহক বিনিয়োগৰ বাবে আমন্ত্ৰণ কৰক আৰু সুবিধাও দিয়ক৷ ‘এডভান্টেজ অসমক ডিছএডভান্টেজ অসমীয়া’ হ’বলৈ নিদিব– এয়া সময়ৰ আহ্বান৷






