‘আপ’ অসমৰ সভাপতিৰ দায়িত্বত পুনৰ ভবেন চৌধুৰী
‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তা, ১ মাৰ্চঃ আম আদমি পাৰ্টীৰ অসম ৰাজ্যিক কমিটীৰ সভাপতিৰ দায়িত্ব পুনৰ অৰ্পণ কৰা হৈছে সুদক্ষ সংগঠক ডাঃ ভবেন চৌধুৰীৰ ওপৰত৷ উল্লেখ্য, কিছুদিন পূৰ্বে আপ অসমৰ অভ্যন্তৰত সংঘটিত মতভেদৰ বাবেই ভবেন চৌধুৰীক আপৰ ৰাষ্ট্ৰীয় সমিতিৰ যুটীয়া সম্পাদকৰ দায়িত্ব দি মনোজ ধানোৱাৰক ৰাজ্যিক সভাপতিৰ দায়িত্ব দিছিল দলৰ শীৰ্ষ নেতৃত্বই৷ ধানোৱাৰে আপক শক্তিশালী কৰিব বুলি ভবা হৈছিল যদিও বাস্তৱক্ষেত্ৰত সেয়া নহ’ল৷ অভিযোগ মতে, মনোজ ধানোৱাৰে সাংগঠনিক-প্ৰশাসনিক, কোনো ক্ষেত্ৰতে এধানমানো গুৰুত্ব নিদিলে৷ দুজনমানৰ বাহিৰে নেতা-কৰ্মীসকলৰ লগত কোনো সম্পৰ্কই নাছিল মনোজ ধানোৱাৰৰ৷ সেইসূত্ৰে আপ অসমৰ ভিতৰচ’ৰাত সৃষ্টি হয় তীব্ৰ অসন্তুষ্টিৰ৷ এই অসন্তুষ্টিৰ উমান পাই আপৰ কেন্দ্ৰীয় নেতৃত্বই মনোজ ধানোৱাৰক কৌশলেৰে আঁতৰি যোৱাৰ পৰামৰ্শ দিয়ে৷
সেইসূত্ৰে দিনচেৰেক পূৰ্বে মনোজ ধানোৱাৰে দীঘলীয়া ছুটী বিচাৰি কেন্দ্ৰীয় নেতৃত্বলৈ পত্ৰ প্ৰেৰণ কৰে আৰু এধানমানো বাক্যব্যয় নকৰাকৈ কেন্দ্ৰীয় নেতৃত্বই মনোজ ধানোৱাৰৰ ছুটীৰ আৱেদন মঞ্জুৰ কৰাৰ সমান্তৰালভাৱে ভবেন চৌধুৰীক অস্থায়ীভাৱে সভাপতিৰ দায়িত্ব অৰ্পণ কৰে৷ দলৰ ৰাজ্যিক উপ-সভাপতি সৌমিক সেনগুপ্তাৰ সভাপতিত্বত আৰু ৰাষ্ট্ৰীয় নেতা তথা উত্তৰ-পূৰ্বাঞ্চলৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত আপৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ বৈঠকত ডাঃ ভবেন চৌধুৰীক ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হয়৷ আগন্তুক গাঁও পঞ্চায়ত, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ, মিছিং স্বায়ত্তশাসিত পৰিষদ, তিৱা স্বায়ত্তশাসিত পৰিষদ আৰু বড়ো স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত আম আদমি পাৰ্টীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় কাৰ্যনিৰ্বাহকত৷ এই সম্পৰ্কত ৰাজ্যিক স্তৰত তৎকালে নিৰ্বাচন পৰিচালনা সমিতি গঠন কৰিবলৈ আপৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকে সিদ্ধান্ত গ্ৰহণ কৰে৷ দলৰ এটা সূত্ৰই জনোৱা মতে, যদিওবা ডাঃ ভবেন চৌধুৰীক সংকট মোচনৰ বাবে ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে, তথাপি মূৰকত ডাঃ চৌধুৰীকেই পুনৰ আপ অসমৰ পূৰ্ণকালীন সভাপতিৰ দায়িত্ব দিয়াৰ বিষয়েও চিন্তা কৰিছে আপৰ কেন্দ্ৰীয় নেতৃত্বই৷






