
বৰাহনন্দন ! জেলেনস্কিক কটাক্ষ উল্লসিত ৰাছিয়াৰ
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১ মাৰ্চঃ হোৱাইট হাউছত মাৰ্কিন ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ ধমক খোৱা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমৰ জেলেনস্কিক ৰাছিয়াই ‘গাহৰিৰ পোৱালি’ বুলি অভিহিত কৰিছে৷ ৰাছিয়াৰ মতে হোৱাইট হাউছত জেলেনস্কিয়ে আমেৰিকাৰ পৰা চৰ খাইছে৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লডিমিৰ পুটিনে নিজে কোনো মন্তব্য প্ৰকাশ নকৰিলেও দেশৰ নিৰাপত্তা পৰিষদৰ উপদেষ্টা তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ডিমিট্ৰি মেদভেদেভে শনিবাৰৰ ব্যৰ্থ ইউক্ৰেইন-মাৰ্কিন বৈঠকৰ ফলাফলত উল্লাস প্ৰকাশ কৰি কয়– ‘অহংকাৰী বৰাহনন্দনে অ’ভেল অফিচত এপাট চৰ খাইছে৷’
আনহাতে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ মাৰিয়া জাখাৰেভাই কৈছে–‘আমি ভাবো, সকলো মিছা কথাৰ ভিতৰত জেলেনস্কিৰ ডাঙৰ মিথ্যাচাৰটো হৈছে, ২০২২ত তেওঁ হোৱাইট হাউছৰ সমৰ্থন অবিহনেই যুদ্ধত প্ৰবৃত্ত হৈছিল৷’ আনহাতে এই ব্যৰ্থ বৈঠকৰ অন্তত ট্ৰাম্পে সংবাদ মাধ্যমক ক’লে–‘পুটিনে শান্তি বিচাৰিলেও জেলেনস্কিয়ে শান্তি নিবিচাৰে৷’ ট্ৰাম্পৰ এই বক্তব্যই আমেৰিকাই এতিয়া ৰাছিয়াৰ পক্ষ লোৱা বুলি প্ৰতীয়মান কৰিছে৷ ব্যৰ্থ বৈঠকৰ অন্তত এয়া ৰাছিয়াৰ বৃহৎ প্ৰাপ্তি৷