
চন্দ্ৰত নামিল ব্যৱসায়িক যান
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২ মাৰ্চঃ ৫৫ বছৰৰ পাছত পুনৰ চন্দ্ৰত মানৱৰ পদস্পৰ্শ পৰাৰ এবছৰ পূৰ্বে দেওবাৰে মানৱবিহীন চন্দ্ৰযান ব্লু ঘোষ্টে দেওবাৰে চন্দ্ৰপৃষ্ঠত নিৰাপদ অৱতৰণ কৰিছে৷ ফায়ৰফ্লাই এৰোস্পেচ নামৰ বেচৰকাৰী কোম্পানীৰ দ্বাৰা পৰিচালিত এয়া চন্দ্ৰ অভিযান ইতিহাসৰ দ্বিতীয়খন ব্যৱসায়িক (কমাৰ্চিয়েল) চন্দ্ৰযানৰ সফল অৱতৰণ৷ এতিয়াৰ পৰা এবছৰ পূৰ্বে ২০২৪ চনৰ ২২ ফেব্ৰুৱাৰীত প্ৰথমখন ব্যৱসায়িক চন্দ্ৰযান অডিছিউছে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিছিল৷ অৱশ্যে, সফল অৱতৰণ সত্ত্বেও অভিযানৰ দিশৰ পৰা অডিছিউছ সম্পূৰ্ণ সফল নাছিল৷ কিন্তু ব্যৱসায়িক ভিত্তিত নাছাৰ দহটা যন্ত্ৰ কঢ়িয়াই নিয়া ব্লু ঘোষ্টৰ অভিযান সম্পূৰ্ণ সফল হ’ব বুলি মন্তব্য কৰা হৈছে৷ চাৰিটা ভৰিৰ ওপৰত থিয় দি থকা ছফুট উচ্চতাৰ আৰু এঘাৰ ফুট প্ৰস্থৰ ব্লু ঘোষ্টে চন্দ্ৰৰ সৰ্ববৃহৎ খাল বা ‘ক্ৰেটাৰ’ ‘ছী অৱ ক্ৰাইছেছ’ত ‘ফটো ফিনিশ্ব’ৰ দৰে অৱতৰণ কৰে৷ ‘মেয়াৰ ক্ৰিছিয়াম’ নামেও জনাজাত চন্দ্ৰপৃষ্ঠৰ এই খালটোৰ পৰিধি ৫৫৬ কিলোমিটাৰ আৰু আয়তন ১,৭৬,০০০ বৰ্গকিলোমিটাৰ৷ তাৎপৰ্যপূৰ্ণ এয়ে যে, ‘ছী অৱ ক্ৰাইছেছ’ নামৰ এই অংশটো পৃথিৱীৰ পৰাই দৃশ্যমান, সাধাৰণ দূৰবীনেৰে বা শক্তিশালী কেমেৰাৰ লেন্সেৰে চালে এই ‘ক্ৰেটাৰ’ক বালিত পানীৰ টোপাল পৰি সৃষ্টি হোৱা সৰু গাঁত যেন লাগে৷
ব্লু ঘোষ্টৰ সফল অৱতৰণত নাছাৰ মুখতো হাঁহি বিৰিঙিছে৷ কিয়নো ৫৫ বছৰৰ পাছত পুনৰ চন্দ্ৰলৈ মানৱ প্ৰেৰণ কৰিবলগীয়া নাছাই অহা এপ্ৰিলত আৰ্টেমিছ নামৰ অভিযানৰ শেষৰটো পৰীক্ষামূলক অভিযান চলাব৷ এই অভিযানো হ’ব ব্যৱসায়িক ভিত্তিত (কমাৰ্চিয়েল)৷ আৰ্টেমিছ-২ নামৰ অহা এপ্ৰিলৰ অভিযানত চাৰিজন অভিযাত্ৰী চন্দ্ৰযানত যাব যদিও তেওঁলোকে চন্দ্ৰত নমাৰ পৰিৱৰ্তে চন্দ্ৰক প্ৰদক্ষিণ কৰি পৃথিৱীলৈ উভতি আহিব৷ আৰ্টেমিছ-৩ৰ চূড়ান্ত অভিযানত ২০২৭ৰ মাজভাগত হ’ব, য’ৰ চাৰিজন অভিযাত্ৰীৰ চাৰিজনে চন্দ্ৰত অৱতৰণ কৰিব৷ তাৰে এগৰাকী হ’ব মহিলা, যি চন্দ্ৰপৃষ্ঠত ভৰি থোৱা প্ৰথম মহিলা অভিযাত্ৰী হোৱাৰ অভিলেখ ৰচনা কৰিব৷ প্ৰসংগতঃ ১৯৭২ চনৰ পাছত আমেৰিকাই চন্দ্ৰলৈ কোনো মানৱ প্ৰেৰণ কৰা নাই৷ মূলতঃ আৰ্থিক ব্যয়ৰ বাবেই আমেৰিকাই মানৱ অভিযাত্ৰীৰ চন্দ্ৰ অভিযান এপ’ল’-১৭ ৰ পাছত বন্ধ কৰিছিল৷ তেতিয়ালৈকে আমেৰিকাই ১২জন মানৱক চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰোৱাইছে, য’ত চাৰিজন এতিয়াও জীৱিত৷