
এপিএছচিৰ ২০১৩ বৰ্ষৰ সমগ্ৰ নিযুক্তি বাতিল, ’১৪ৰ তদন্তৰ দাবী
‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২ মাৰ্চঃ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ নামত এটা দালালৰ ভাষ্যৰ ওপৰত ভিত্তি কৰি ন্যায়িক আয়োগৰ প্ৰতিবেদনক নসাৎ কৰাৰ ষড়যন্ত্ৰ চলিছে৷ একেদৰে ৰাকেশ পালৰ দুৰ্নীতিৰ বিৰুদ্ধে পূৰ্বতে তদন্ত কৰা আৰক্ষী বিষয়া মুকুল শইকীয়াই চূড়ান্ত মিথ্যাচাৰৰ আশ্ৰয় লৈ আদালত অৱমাননাৰ অপৰাধ কৰিছে৷ এই অভিযোগ কৰিছে ফাইট এগেইনষ্ট ইনজাষ্টিচ অফ এ পি এছ চিৰ হৈ প্ৰশাসক মানস প্ৰতিম বৰুৱাই৷ দেওবাৰে দিছপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত ভাগ লৈ মানস প্ৰতিম বৰুৱাই কয়– তদন্ত কালত আয়োগে ড॰ হিমন্ত বিশ্ব শৰ্মা এই কেলেংকাৰিত জড়িত থকা বুলি জানিব পাৰিছিল যদিও তাৰ কোনো নিশ্চিত তথ্য নথকা বাবে আয়োগে তেওঁক কেলেংকাৰিত জড়িত থকা বুলি দাবী কৰিব নোৱাৰিলে৷ এতিয়া বিৰোধীয়ে হিমন্ত বিশ্ব শৰ্মা কেলেংকাৰিত জড়িত থকা বুলি দাবী কৰিছে৷ কিন্তু আয়োগৰ তদন্ত চলি থকা সময়ত যিসকলে এতিয়া হিমন্ত বিশ্ব শৰ্মা জড়িত থকা বুলি দাবী কৰিছে তেওঁলোকে কিন্তু আয়োগক সেই বিষয়ে কোনো তথ্যসহ প্ৰমাণ দিব নোৱাৰিলে৷
যাৰ বাবে আয়োগে তেওঁক জড়িত কৰিব নোৱাৰিলে বুলি আমি সন্দেহ প্ৰকাশ কৰিছো৷ সেই সময়ত ৰিপুন বৰায়ো হিমন্ত বিশ্ব শৰ্মা কেলেংকাৰিত জড়িত থকা বুলি অভিযোগ উত্থাপিত কৰিছিল৷ কিন্তু পৰৱৰ্তী কালত ৰিপুন বৰায়ো আয়োগক এই সন্দৰ্ভত কোনো লিখিত অভিযোগ দাখিল নকৰিলে৷ আমাৰ দাবী হ’ল ২০১৩-১৪ এই দুটা বৰ্ষৰ এ পি এছ চিৰ নিযুক্তি সম্পূৰ্ণভাৱে বাতিল কৰিব লাগে৷ যদি সততা আছে অসমৰ ১২৬ জন বিধায়ক এই নিযুক্তি বাতিল কৰাৰ ক্ষেত্ৰত ঐক্যমতত উপনীত হওক৷ হিমন্ত বিশ্ব শৰ্মাই যদি বক্ৰপথেৰে নিযুক্তি পোৱা সকলক বৰ্খাস্ত নকৰে তেন্তে পৰৱৰ্তী সময়ত তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ জড়িত থকাৰ বহু তথ্য ৰাজহুৱা কৰিব৷ ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ সচিবলৈ পত্ৰ প্ৰেৰণ কৰা হ’ব৷ আয়োগৰ প্ৰতিবেদনত ২০১৩ বৰ্ষৰ সমগ্ৰ নিযুক্তি বাতিলৰ পৰামৰ্শ আৰু ২০১৪ বৰ্ষৰ নিযুক্তিৰ সঠিক তদন্ত কৰি দোষীক শাস্তি বিহাৰ পৰামৰ্শ আছে৷ পিছে এই প্ৰতিবেদনৰ ক্ষুদ্ৰতম অংশ দালাল মৃগেন শইকীয়াৰ ভাষ্যক লৈ শাসক আৰু একাংশ বিৰোধী ব্যস্ত থাকি এই ভয়াৱহ নিযুক্তি কেলেংকাৰিটোৰ মূল বিষয়ক অবাটে নিব বিচাৰিছে৷ এইদৰেই এটা দালালৰ ভাষ্যৰ ওপৰত ভিত্তি কৰি এখন ন্যায়িক আয়োগৰ তথ্য ভিত্তিক প্ৰতিবেদন নস্যাৎ কৰাৰ ষড়যন্ত্ৰ চলিছে বুলি আমি সন্দেহ প্ৰকাশ কৰিছো৷