Logo
image

এলিজাবেথৰ পাক-লিংক বিচাৰি পঞ্জাব সীমান্তত অসম আৰক্ষী

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২ মাৰ্চঃ  কেৱল এলিজাবেথ ক’লবাৰ্ণ গগৈয়েই নহয়, বিপদত পৰিব পাৰে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ো৷ কিয়নো পাকিস্তানৰ গুপ্তচৰ সংস্থা আই এছ আইৰে সম্পৰ্ক থকা বুলি অভিযোগ উঠা জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় গৱেষণা সংস্থা ক্লাইমেউ এণ্ড ডেভেলপমেণ্ট নলেজ নেটৱৰ্ক চমুকৈ চি ডি কে এনৰ মুৰব্বী আলী তৌকিৰ শ্বেখৰ লিংক বিচাৰি এইবাৰ দিল্লীৰ পৰা পঞ্জাৱৰ ৱাঘা সীমান্তত উপস্থিত হয় অসম আৰক্ষীৰ এছ আই টি দলটো৷ চি এম ভিজিলেন্সৰ আৰক্ষী অধীক্ষক ৰ’জী কলিতাৰ নেতৃত্বত যোৱা এছ আই টি দলটো শনিবাৰে নতুন দিল্লীত উপস্থিত হোৱাৰ পাছত গৌৰৱ-এলিজাবেথৰ পাৰ লিংক বিচাৰি দেওবাৰে পঞ্জাৱৰ ৱাঘা সীমান্তত উপস্থিত হয়৷ কিয়নো পাকিস্তান আৰু ভাৰতৰ মাজত ৱাঘা সীমান্তই দুয়োখন দেশৰ নাগৰিকে বৈধ প্ৰক্ৰিয়াই অহা-যোৱা কৰে৷


এছ আই টি দলটোৱে ৱাঘা সীমান্তৰ ইমিগ্ৰেচন চেক পোষ্টৰ পৰা এলিজাবেথ ক’লবাৰ্ণ গগৈ আৰু গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণৰ তথ্য সংগ্ৰহ কৰে৷ এই অনুসন্ধানত গৌৰৱ গগৈয়ে পত্নীৰ সৈতে পঞ্জাৱ সীমান্তই পাকিস্তান ভ্ৰমণ কৰাৰ তথ্য লাভ কৰা বুলি এছ আই টিৰ এটা সূত্ৰই নিশ্চিত কৰিছে৷ নেপাল-ডুবাই হৈ শত্ৰু ৰাষ্ট্ৰখনলৈ বিমান যোগে যাত্ৰা কৰাৰ পৰিৱৰ্তে কি কাৰণত গৌৰৱ গগৈয়ে পঞ্জাৱৰ ৱাঘা সীমান্তই স্থলপথেৰে যাবলগীয়া হ’ল সেই বিষয়টো এতিয়া তদন্ত কৰিছে এছ আই টিয়ে৷ আনহাতে পাকিস্তানী নাগৰিক তথা স্বেচ্ছাসেৱী সংস্থা চি ডি কে এনৰ মুৰব্বী আলী তৌকিৰ শ্বেখেও স্থল পথেৰে ভাৰতলৈ আহিছিল নেকি সেই সন্দৰ্ভতো অনুসন্ধান অব্যাহত ৰাখিছে অসম আৰক্ষীৰ দলটোৱে৷ পঞ্জাৱৰ ৱাঘা সীমান্তৰ ইমিগ্ৰেচন চেক পোষ্টৰ পৰা তথ্য সংগ্ৰহৰ পাছতে দেওবাৰে সন্ধিয়া ভাগত এছ আই টিৰ দলটোৱে পুনৰ নতুন দিল্লীলৈ উভটি যায়৷ কাইলৈ অসম আৰক্ষীৰ ফালৰ পৰা গৌৰৱ গগৈ, এলিজাবেথ ক’লবাৰ্ণ গগৈৰ পাকিস্তান ভ্ৰমণৰ অনুমতি সম্পৰ্কীয় তথ্য বিচাৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় আৰু বিদেশ মন্ত্ৰণালয়লৈ পত্ৰ প্ৰেৰণ কৰিব বুলিও জানিব পৰা গৈছে৷