Logo
image

ফ্ল’ৰিডাত ট্ৰাম্পৰ ঘৰৰ ওপৰেদি উৰিল তিনিখনকৈ বিমান

ফ্ল’ৰিডা, ২ মাৰ্চঃ  আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সুৰক্ষাত ডাঙৰ আসোঁৱাহৰ বাতৰি আহিছে৷ কাৰণ আমেৰিকাৰ ফ্ল’ৰিডাত থকা ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ‘মাৰ-এ-লাগো’ ৰিজ’ৰ্টৰ ওপৰেদি তিনিখন অসামৰিক বিমান উৰি যায়৷ তাৰ পাছতে উত্তৰ আমেৰিকাৰ এৰ’স্পেচ প্ৰতিৰক্ষা কমাণ্ডে এফ-১৬ ফাইটাৰ জেট প্ৰেৰণ কৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে৷ এফ-১৬ ফাইটাৰ জেটেৰে বিমান তিনিখনক উক্ত আকাশমাৰ্গৰ পৰা বাহিৰ কৰি দিয়া হয়৷


প্ৰকাশিত বাতৰি অনুসৰি এই ঘটনা শনিবাৰে পুৱা (আমেৰিকাৰ সময় অনুসৰি) ১১.০৫ বজাত, দুপৰীয়া ১২.১০ বজাত আৰু তাৰ পাছত ১২.৫০ বজাত ট্ৰাম্পৰ ঘৰৰ ওপৰেদি এই বিমান তিনিখন উৰি যায়৷ এই কথা এতিয়াও স্পষ্ট হোৱা নাই যে তিনিওখন বিমানে পাম বীচ্‌ৰ আকাশমাৰ্গেৰে কিয় উৰা মাৰিছিল৷ যোৱা কিছুদিনৰ পৰা এনে ঘটনা প্ৰায়ে হ’বলৈ ধৰিছে৷ ‘পাম বীচ্‌ ৰিপ’ৰ্ট’ৰ মতে ফেব্ৰুৱাৰীৰ ১৫ আৰু ১৭ ফেব্ৰুৱাৰীত দুবাৰ ট্ৰাম্পৰ ঘৰৰ ওপৰেদি অসামৰিক বিমান উৰিছিল৷ গতিকে এনে বিমানক খেদিবলৈ এফ-১৬ ফাইটাৰ জেট ব্যৱহাৰ কৰা হৈছে৷