Logo
image

১৫ বছৰ পুৰণি গাড়ীয়ে নাপাব পেট্ৰ’ল-চিএনজি

‘আমাৰ অসম’ৰ বিশেষ সেৱা, নতুন দিল্লী, ২ মাৰ্চঃ  দিল্লীৰ বিজেপিয়ে বায়ু প্ৰদূষণ ৰোধৰ বাবে এতিয়াৰে পৰাই গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা৷ কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি দিল্লীৰ চৰকাৰে পোন্ধৰ বছৰ পুৰণি বাহনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে৷ দিল্লীৰ পৰিৱেশ মন্ত্ৰী মনজিন্দৰ সিং সিৰ্ছাই শনিবাৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে ৰাজহুৱা কৰে৷ তেওঁৰ মতে এতিয়াৰে পৰা দিল্লীত পোন্ধৰ বছৰ পুৰণি বাহনৰ গৰাকীয়ে পেট্ৰ’ল পাম্প আৰু চিএনজি ষ্টেচনত ইন্ধন লাভ নকৰিব৷


চৰকাৰৰ এই সিদ্ধান্ত ৩১ মাৰ্চৰ পাছৰে পৰা দিল্লীত বলৱৎ হ’ব৷ ৰাষ্ট্ৰীয় ৰাজধানীত বায়ু প্ৰদূষণ ৰোধৰ উপায়ৰ সন্দৰ্ভত বিষয়াৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছত মন্ত্ৰী সিৰ্ছাই এই সিদ্ধান্তৰ কথা ঘোষণা কৰে৷ বৈঠকত পুৰণি বাহনৰ ওপৰত নিষেধাজ্ঞা, ওখ ওখ অট্টালিকাত এণ্টি-স্ম’গ গান ব্যৱহাৰ, ৰাজহুৱা পৰিবহণ ব্যৱস্থাক সম্পূৰ্ণৰূপে বৈদ্যুতিক বাহনৰ অধীনলৈ অনাৰ সিদ্ধান্তৰ বিষয়ে আলোচনা কৰা হয়৷ দিল্লীৰ পোন্ধৰ বছৰৰ পুৰণি বাহনক চিনাক্তকৰণ প্ৰক্ৰিয়া সোনকালেই আৰম্ভ কৰা হ’ব৷ দিল্লী চৰকাৰে এই সিদ্ধান্তৰ বিষয়ে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰণালয়কো জনাব বুলি তেওঁ স্পষ্ট কৰে৷