
ঢেকীয়াজুলিত মাকৈ খেতিৰে সেউজ বিপ্লৱ
‘আমাৰ অসম’ৰ ঢেকীয়াজুলিৰ বিশেষ প্ৰতিবেদক, ৩ মাৰ্চঃ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য, যেনে পাঞ্জাৱ, পশ্চিমবংগ, উত্তৰ প্ৰদেশ, বিহাৰ আদি অঞ্চল মাকৈ উৎপাদনৰ মূল কেন্দ্ৰ হিচাপে পৰিচিত৷ এই ৰাজ্যসমূহত কৃষকসকলে ব্যৱসায়িক ভিত্তিত মাকৈ খেতি কৰি অধিক উপাৰ্জন কৰে৷ মাকৈৰ চাহিদা বৃদ্ধি পোৱাত এতিয়া অসমতো ইয়াৰ খেতি দ্ৰুত বিস্তাৰ লাভ কৰিছে৷ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ চিতলমাৰী, বছাশিমলু অঞ্চলতো মাকৈ খেতিয়ে নতুন বিপ্লৱৰ সূচনা কৰিছে৷ অঞ্চলটোত কেৱল চৌদিশে এতিয়া মাকৈ খেতি৷ বিগত কিছু বছৰৰ পৰা বৰছলাৰ বছাশিমলু আৰু চিতলমাৰী অঞ্চলৰ কৃষকসকলে ব্যৱসায়িকভাৱে মাকৈ খেতি কৰি সফলতা লাভ কৰিছে৷ লাভজনক এই খেতিৰ ফলত কৃষকৰ জীৱনধাৰা উন্নত হোৱাৰ লগতে অঞ্চলটোৰ সামগ্ৰিক অৰ্থনৈতিক উন্নতিৰ পথ সুগম হৈছে৷ কৃষকসকলে জনায় যে মাকৈৰ চাহিদা বৰ্ধিত হোৱাৰ মূল কাৰণসমূহ হ’ল– শিশুৰ পুষ্টিকৰ আহাৰ, বিস্কুট আৰু অন্যান্য খাদ্য প্ৰস্তুতকৰণ, মানুহৰ প্ৰটিনযুক্ত খাদ্য তৈয়াৰ, মাছ, কুকুৰা, আৰু অন্যান্য প্ৰাণীৰ আহাৰ প্ৰস্তুতকৰণ৷
এইবোৰ কাৰণত দেশৰ লগতে আন্তৰ্জাতিক বজাৰতো মাকৈৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে৷ শোণিতপুৰ জিলাৰ বৰছলা অঞ্চলত মাকৈ খেতিয়ে বৃহৎ পৰিসৰ লাভ কৰিছে৷ বছাশিমলু আৰু চিতলমাৰী অঞ্চলত জিলাখনৰ ভিতৰত সৰ্বাধিক মাকৈ উৎপাদন হয়৷ এক বিঘা মাটিত প্ৰায় ১৮-২০ কুইণ্টল মাকৈ উৎপাদন হয়৷ প্ৰতি বিঘাত প্ৰায় জ্জ্ব হাজাৰ টকা বিনিয়োগ কৰি কৃষকসকলে ১৫ হাজাৰ টকালৈকে উপাৰ্জন কৰিবলৈ সক্ষম হয়৷ ইপিনে, প্ৰতি কুইণ্টল মাকৈৰ বজাৰ মূল্য ১৯০০-২০০০ টকা পৰ্যন্ত হয়৷ চিতলমাৰী অঞ্চলত প্ৰায় ৫০০তকৈও অধিক কৃষক মাকৈ খেতিত জড়িত হৈ আছে৷ শোণিতপুৰ জিলাৰ ভিতৰত ই এক অন্যতম বৃহৎ কৃষিক্ষেত্ৰ ৰূপে আত্মপ্ৰকাশ কৰিছে৷ ২০২৩ চনত অসম চৰকাৰৰ কৃষি বিভাগৰ তত্ত্বাৱধানত এই অঞ্চলত উৎপাদিত মাকৈ বাংলাদেশলৈ ১৫ানি কৰা হৈছিল৷ এইবাৰো দেশৰ বিভিন্ন ঠাইত বৰছলাৰ মাকৈয়ে বজাৰ দখল কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে৷ মাকৈ খেতিৰ এই সফলতাৰ ফলত বৰছলাৰ কৃষকসকলৰ মুখত হাঁহি বিৰিঙিছে৷ যদি কৃষকসকলক চৰকাৰৰ পৰা অধিক সহযোগিতা আৰু উন্নত ব্যৱসায়িক সুযোগ সুবিধা প্ৰদান কৰা হয়, তেন্তে অতি সোনকালে মাকৈ উৎপাদনৰ ক্ষেত্ৰত অসমৰ অন্যতম কেন্দ্ৰ ৰূপে পৰিগণিত হব এই অঞ্চল৷