Logo
image

আম্বানিৰ স্মাৰ্ট মিটাৰ জমা ৰখা হৈছে চৰকাৰী হিমগৃহত, মুকলিত পচিছে কৃষকৰ ধান

তেজপুৰৰ পৰা মনোজ কুমাৰ শইকীয়া (আমাৰ অসম)ঃ চৰকাৰী হিমগৃহত জমা ৰখা হৈছে আম্বানিৰ মালিকানাধীন কোম্পানীৰ বিভিন্ন সামগ্ৰী৷ স্মাৰ্ট মিটাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ বৈদ্যুতিক সামগ্ৰীলৈকে– বিবিধ সামগ্ৰীৰে ভৰ্তি হৈ পৰিছে চৰকাৰী হিমগৃহ৷ ফলত মূৰে-কপালে হাত দিবলগীয়া হৈছে খেতিয়কে৷ কাৰণ হিমগৃহত ধানকে ধৰি খেতিৰ ফচল জমা ৰাখিবৰ বাবে ঠায়েই নাই৷ হিমগৃহত সংৰক্ষণ কৰিব নোৱৰাৰ বাবে মুকলিতে পচিছে কৃষকৰ ধান৷ এই অবাঞ্ছিত ঘটনা সংঘটিত হৈছে তেজপুৰত৷  উল্লেখ্য, কৃষি ক্ষেত্ৰত থকা বিভিন্ন সমস্যাৰে মোকাবিলা কৰিও বিভিন্ন শস্যৰ লগতে শস্যৰ বীজ উৎপাদনকে ধৰি আধুনিক আৰু বিজ্ঞানসন্মতভাৱে কৃষিকাৰ্যত আগবঢ়া তেজপুৰৰ একাংশ যুৱকৰ বাবে অন্যতম সমস্যা হৈছে ভঁৰাল৷ উল্লেখ্য,  তেজপুৰৰ ৰবৰ বাগানত থকা তিনিটা বৃহৎ ভঁৰালৰ এটা আদানিৰ দখলত৷ উক্ত ভঁৰালটোত মজুত কৰি ৰখা হৈছে আদানিৰ স্মাৰ্ট মিটাৰ৷ ভঁৰালটো খুলি বহুকেইজন কৰ্মচাৰীয়ে অহৰহ কাম কৰি আহিছে৷ কৃষকৰ সহায়ক হোৱাকৈ খোলা এই ভঁৰাল এতিয়া বনিয়াৰ দখলত৷ আনহাতে, বাকী দুটা ভঁৰালত মজুত কৰা হৈছে আন বৃহৎ ব্যৱসায়ীৰ সামগ্ৰী৷ উল্লেখ্য, এই চৰকাৰী ভঁৰালত এক বৰ্গফুটৰ মাহিলী ভাড়া জি এছ টিসহ ১৯টকা৷ এনেস্থলত স্থানীয় কৃষক বা নতুনকৈ ব্যৱসায় আৰম্ভ কৰাসকলৰ বাবে এই ভঁৰালত তেওঁলোকৰ সামগ্ৰী থোৱাটো আৰ্থিক কাৰণতে সম্ভৱ নহয়৷ এনে পৰিস্থিতিত এনে একাংশই আনকি তেজপুৰৰ পৰা দূৰত ভঁৰাল বিচাৰিবলৈ বাধ্য হৈছে৷ উল্লেখ্য, বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যৰ বহু কৃষকে ইতিমধ্যে কৃষিকাৰ্য কৰিবলৈ এৰিছে৷ ইয়াৰে সুযোগলৈ বিঘাই বিঘাই কৃষিভূমি বিক্ৰী হৈছে ৰাজ্যৰ লগতে শোণিতপুৰ জিলাত৷ শোণিতপুৰৰ বহু অঞ্চলত এতিয়া দেখিবলৈও নোহোৱা হৈছে ধাননি৷ এনে অৱস্থাত শোণিতপুৰ জিলাৰ বিভিন্ন অঞ্চলৰ পথৰ দাঁতিৰ কৃষিভূমি বিক্ৰী হোৱাৰ লগতে সম্প্ৰতি এনে কৃষিভূমি পুতি ইয়াত চলিছে বিভিন্ন নিৰ্মাণকাৰ্য৷


উল্লেখ্য, সম্প্ৰতি গটঙা, বেছেৰীয়া, গৰৈমাৰী, ডেকাৰগাঁও, ডিপোটা, পক্ষীয়াঝাৰ সকলোতে পথাৰৰ মাটি অবাধ গতিত বিক্ৰী হোৱাৰ লগতে এই মাটি এফালৰ পৰা পুতি যোৱা হৈছে৷ আনকি, বনৰীয়া হাতীয়ে যাতায়াত কৰা পথ এতিয়া প্ৰায় নিশ্চিহ্ন হৈ পৰিছে আৰু পৰিণতিত যাতায়াতত বাধাগ্ৰস্ত হোৱা বনৰীয়া হাতীৰ আবিৰ্ভাৱ এতিয়া নতুন নতুন অঞ্চলত হ’বলৈ লৈছে আৰু পৰিণতিত শোণিতপুৰত বৃদ্ধি পাইছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত৷ প্ৰণিধানযোগ্য যে, কেৱল বতৰৰ ওপৰতে নিৰ্ভৰ কৰি বছৰি মাত্ৰ এটা খেতিহে কৰিবলৈ সক্ষম হোৱা কৃষকৰ খেতিকাৰ্যত হোৱা ব্যয়ৰ তুলনাত উপাৰ্জনৰ পৰিমাণ হ্ৰাস পোৱাত এনেসকল কৃষকৰ কৃষি মাটি চনপৰি থকাৰ লগে লগে একাংশ মধ্যভোগী আৰু ব্যৱসায়ীয়ে মিলি সেই মাটি ক্ৰয় কৰিবলৈ সক্ষম হৈছে৷ পৰিণতিত তেজপুৰৰ কাষৰীয়া অঞ্চলত কৃষি মাটি নোহোৱা হৈ পৰাৰ লগতে থলুৱা লোকৰ হাতৰ পৰা ক্ৰমান্বয়ে হেৰাই গৈছে ভূমিৰ গৰাকীস্বত্ব৷ উল্লেখ্য, কেৱল পানীৰ সমস্যায়েই নহয়, সাৰৰ কৃত্ৰিম নাটনি, উৎপাদিত শস্য মজুত ৰাখিব পৰাকৈ শীতল ভঁৰালৰ অভাৱো স্থানীয় কৃষকৰ বাবে এক বৃহৎ সমস্যাত পৰিণত হৈছে৷ যি অৱশিষ্ট চৰকাৰী হিমগৃহ আছে, সেইকেইটাও স্মাৰ্ট মিটাৰকে ধৰি আম্বানিৰ বিবিধ সামগ্ৰীৰে ভৰি আছে৷ উল্লেখ্য, বেচৰকাৰী শীতল ভঁৰালত থলুৱা কৃষকে তেওঁলোকৰ উৎপাদিত শস্য মজুত কৰিব পৰাকৈ আৰ্থিকভাৱে টনকিয়াল নহয়৷ ইপিনে তেজপুৰৰ ৰবৰ বাগান অঞ্চলত থকা চৰকাৰী হিমভঁৰালতো স্থানীয় কৃষকে তেওঁলোকৰ সামগ্ৰী মজুত ৰাখিব নোৱাৰে ইয়াৰ অত্যধিক ভাড়াৰ বাবেই৷ শেহতীয়াকৈ তেজপুৰৰ সমীপৱৰ্তী একাধিক অঞ্চলত বহুকেইজন যুৱকে নীৰৱে কৃষিক্ষেত্ৰত উল্লেখনীয়ভাৱে কাম কৰি গৈছে৷