অসমৰ বন্যপ্ৰাণীৰে সমৃদ্ধ বনতাৰা, গঁড় পোৱালিক ওমলালে মোদীয়ে
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৪ মাৰ্চঃ গুজৰাটৰ জামনগৰত ৰিলায়েন্স গ্ৰুপে নিৰ্মাণ কৰা ব্যক্তিগত চিৰিয়াখানা ‘বনতাৰা’ মঙলবাৰে উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ মুকেশ আম্বানিৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানিয়ে নিৰ্মাণ কৰা বন্যপ্ৰাণী উদ্ধাৰ-পুনৰ্বাসন আৰু সংৰক্ষণ কেন্দ্ৰ ‘বনতাৰা’ উদ্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে বন্য জীৱ-জন্তু সমূহৰ সৈতে নিবিড় মুহূৰ্ত অতিবাহিত কৰে৷ বনতাৰা পৰিদৰ্শনৰ সময়ত সিংহৰ পোৱালিক গাখীৰ খুৱাই ধেমালি কৰাৰ লগতে জীৱ-জন্তুসমূহক খাদ্য খুৱাই আনন্দৰ মুহূৰ্ত উপভোগ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ উল্লেখ্য, গুজৰাটৰ জামনগৰৰ ৰিলায়েন্সৰ শোধনাগাৰ চৌহদৰ ৩,৫০০ একৰ ভূমি সামৰি নিৰ্মাণ কৰা গ্ৰীনছ জুলজিকেল ৰেচকিউ এণ্ড ৰিহেবিলিটেচন চেণ্টাৰত প্ৰায় ২,০০০ৰো অধিক জীৱ-জন্তুক আশ্ৰয় প্ৰদান কৰিছে আম্বানি পৰিয়ালে৷ লক্ষণীয়ভাৱে মঙলবাৰে ‘বনতাৰা’ৰ উদ্বোধনৰ সময়ত নিজকে অসমৰ ব্ৰেণ্ড এম্বেচাদৰ বুলি কোৱা প্ৰধানমন্ত্ৰী মোদীয়ে কাজিৰঙাৰ পৃথিৱী বিখ্যাত এশিঙীয়া গঁড়ৰ পোৱালিক গাখীৰ খুৱায়৷ প্ৰধানমন্ত্ৰীয়ে অসমৰ গঁড় পোৱালিটোৰ সৈতে বহু সময় ধেমালিও কৰে৷ ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আম্বানিৰ ব্যক্তিগত চিৰিয়াখানাত অসমৰ গঁড়ৰ সৈতে খেলা কৰাৰ সময়তে অসম চৰকাৰৰ আম্বানিপ্ৰীতিৰ আন এটা অধ্যায় পোহৰলৈ আহিছে৷ আম্বানিৰ স্বাৰ্থত অসম বিধান সভাতো ভুল তথ্য দি বিশেষাধিকাৰ ভংগ কৰিবলৈকো কুণ্ঠাবোধ কৰা নাই চৰকাৰে৷ গুজৰাটৰ জামনগৰস্থিত ‘বনতাৰা’ চিৰিয়াখানা অসমৰ অৰ্ধ শতাধিক বন্য জীৱ-জন্তুৱে সমৃদ্ধ কৰিছে যদিও এই তথ্য গোপনে ৰখাৰ নামত বিধান সভাতো অশুদ্ধ তথ্য দিয়ে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে৷ অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনত কংগ্ৰেছ বিধায়িকা শিৱামণি বৰাৰ লগতে আন দুই বিধায়কে অসমৰ পৰা গুজৰাটৰ ‘বনতাৰা’ চিৰিয়াখানালৈ কিমানসংখ্যক জীৱ-জন্তু প্ৰেৰণ কৰা হৈছিল, সেই বিষয়ে প্ৰশ্ন কৰিছিল৷ তদুপৰি গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানাৰ পৰা কিমানসংখ্যক আৰু কি কি জীৱ-জন্তু আম্বানিৰ চিৰিয়াখানালৈ প্ৰেৰণ কৰিছিল তাৰো সবিশেষ উত্তৰ বিচাৰিছিল বিৰোধী বিধায়ককেইজনে৷ কিন্তু অজ্ঞাত কাৰণত পৃথকে পৃথকে দাখিল কৰা উত্তৰত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অসমৰ পৰা এটাও জীৱ-জন্তু গুজৰাটৰ জামনগৰৰ ‘বনতাৰা’ ব্যক্তিগত চিৰিয়াখানালৈ নিয়া নাই বুলি উল্লেখ কৰে৷ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আনকি গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানাৰ পৰাও বনতাৰালৈ কোনো জীৱ-জন্তু প্ৰেৰণ কৰা নাই বুলিও বিধানসভাত তথ্য দিয়ে৷ মন্ত্ৰী পাটোৱাৰীয়ে যে বিধান সভাত মিছা তথ্য দিছে, সেয়া স্পষ্ট হৈ পৰিছে আম্বানি চিৰিয়াখানাৰ শেহতীয়া বাৰ্ষিক প্ৰতিবেদনত৷
‘বনতাৰা’ চিৰিয়াখানাই প্ৰকাশ কৰা ২০২৩-২৪ বৰ্ষৰ প্ৰতিবেদনত অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা বনতাৰাই সৰ্বমুঠ ৬৬টা জীৱ-জন্তু লাভ কৰাৰ তথ্য উল্লেখ কৰা হৈছে– য’ত অসমৰ দুটাকৈ এশিঙীয়া গঁড়ো আছে৷ অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা ২০২২ চনৰ ৯ ডিচেম্বৰত এটা মতা আৰু এজনী মাইকী গঁড়ৰ পোৱালি লাভ কৰাৰ তথ্য উল্লেখ কৰাই নহয়, অসমৰ গঁড় দুটাৰ ফটোও প্ৰকাশ কৰা হৈছে প্ৰতিবেদনখনত৷ বনতাৰালৈ কেৱল কাজিৰঙাৰ বিখ্যাত এশিঙীয়া গঁড়েই নহয়, ব্লেক পেন্থাৰৰ পৰা কেংগাৰুলৈ কি কি জীৱ-জন্তু অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা লাভ কৰিছে, সেই সকলো তথ্য প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ কৰিছে ৰিলায়েন্স গ্ৰুপে৷ কিন্তু ইয়াৰ পাছতো অসম চৰকাৰৰ বন বিভাগে বিধানসভাত মিছা তথ্য দিয়াক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ আম্বানিৰ চিৰিয়াখানালৈ জীৱ-জন্তু প্ৰেৰণৰ তথ্য ৰাজহুৱা কৰিলে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া হোৱাৰ ভয়তে যে বন বিভাগে বিধানসভাত ভুল তথ্য দিছে সেয়া নকলেও স্পষ্ট হৈ পৰিছে৷ স্বাভাৱিকতেই এতিয়া বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধানসভাৰ বিশেষাধিকাৰ ভংগৰ পাছত তেওঁক এই সন্দৰ্ভত কোনে জবাবদিহি কৰিব, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ আম্বানি চিৰিয়াখানালৈ অসমৰ এপদ এপদকৈ সম্পদ চালান দিয়াৰ তথ্য গাপ দিয়াতে ক্ষান্ত নাথাকি মন্ত্ৰী পাটোৱাৰীয়ে চুবুৰীয়া অৰুণাচলৰ পৰা অসমৰ মাজেৰে বনতাৰালৈ হাতী সৰবৰাহৰ তথ্যও লুকুৱাইছে৷ বিধায়ক শিৱামণি বৰাই অসমৰ মাজেদি কাষৰীয়া ৰাজ্যৰ কোনো জীৱ-জন্তু বনতাৰালৈ নিয়া হৈছে নেকি আৰু তেনে সৰবৰাহ কৰা জীৱ-জন্তুৰ তথ্য পাতি পৰীক্ষা কৰা হৈছিল নেকি বুলি প্ৰশ্ন সুধিছিল৷ ইয়াৰ উত্তৰত মন্ত্ৰী পাটোৱাৰীয়ে অসমৰ মাজেৰে বনতাৰালৈ আন ৰাজ্যৰ পৰা জীৱ-জন্তু নিয়া সন্দৰ্ভত বন বিভাগ অৱগত নহয় বুলিহে সদৰী কৰে৷ উল্লেখ্য, কোনো ৰাজ্যৰ মাজেৰে আন ৰাজ্যৰ বন্য জীৱ-জন্তু সৰবৰাহ কৰিবলৈ হ’লে সংশ্লিষ্ট ৰাজ্যখনৰ বন বিভাগৰ অনুমতিৰ প্ৰয়োজন হয়৷ অৰুণাচলৰ পৰা গুজৰাটলৈ ট্ৰাকে ট্ৰাকে হাতী সৰবৰাহ সন্দৰ্ভতো অসম চৰকাৰক অৱগত কৰা হৈছিল৷ কিন্তু ইয়াৰ পাছতো অসম চৰকাৰৰ বন বিভাগে অৰুণাচলৰ হাতী সৰবৰাহৰ বিষয়ে অৱগত নহয় বুলিহে বিধানসভাত ভুল তথ্য দিয়ে৷ উল্লেখ্য, জামনগৰৰ আম্বানি চিৰিয়াখানালৈ অসমৰ পৰা সৰবৰাহ কৰা জীৱ-জন্তুসমূহৰ ভিতৰত আছে– ব্লেক পেন্থাৰ ২ টা, এশিঙীয়া গঁড় ২টা, ১৭টা আফ্ৰিকান কাছ, বিয়াৰডেড কাপুচিন ১ টা, বেনেটছ ট্ৰী কেংগাৰু ১ টা, ব্লেক ক্ৰেষ্টেড মংগাবে ২টা, বুটেড মাকাও ৬ টা, হোৱাইট চেকড গিবন ১ টা, ডি ব্ৰাজাছ মাংকি ১ টা, ম’ব মাকাও ১ টা, ইউৰোপিয়ান হেদগেহগ ২ টা, হেক’ছ মাকাও ৮ টা, ইণ্ড’ চাইনিজ চিলভাৰড লেংগুৰ ৩ টা, ক’লছ গিবন ১ টা, লাৰ গিবন ১ টা, লেজাৰ স্পষ্ট ন’জড গুৱেনন ৪ টা, মীৰকাট ১ টা, ম’ৰ মাকাও ৮ টা, পিলেটেড গিবন ১ টা, ৰেড টেইলড গুৱেনন ১ টা, ট’নকিন মাকাও ৫ টা আৰু হোৱেষ্ট মাংকি ২ টা৷ ইয়াৰ ভিতৰত ডি ব্ৰাজাছ মাংকি, ম’ৰ মাকাও আৰু ডি ব্ৰাজাছ মাংকি হৈছে বিপদাপন্ন প্ৰজাতিৰ৷






