‘স্থূল-বিতৰ্ক’ৰ মাজতে বিৰাট বিক্ৰমেৰে ভাৰতৰ অনায়াস জয়
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৪ মাৰ্চঃ ইট ইজ নট ইয়’ৰ শ্বেপ অৱ দ্য ছাইজ অৱ ইয়’ৰ ৱেষ্ট ডেট ডিটাৰমাইনছ ক্ৰিকেট ফিটনেছ’–ক্ৰিকেট গ্ৰেট সুনীল মনোহৰ গাভাস্কাৰৰ সদ্য-অতীতৰ এই বাক্য যি সময়ত ভাৰতীয় ক্ৰিকেট আৰু ক্ৰিকেট বোধগম্য নোহোৱা ৰাজনীতিকৰ মাজত জনপ্ৰিয় হৈ পৰিছে, ঠিক সেই সময়তে ‘স্থূকায়’ ৰোহিত শৰ্মাৰ নেতৃত্বত টীম ইণ্ডিয়াই অবলীলাক্ৰমে চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ ক্ৰিকেটীয় ভাষাত ‘ক্ৰূচিয়েল’ ছেমিফাইনেলৰ পূৰ্বে, সন্মুখত যেতিয়া বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়া; তেতিয়াই কংগ্ৰেছ নেত্ৰী শ্বামা মহম্মদে এটা ‘অক্ৰিকেটীয়’ বিতৰ্কৰে একে সময়তে দেশৰ ৰাজনীতি আৰু ক্ৰিকেট উত্তপ্ত কৰি তুলিছিল৷ মৰুচহৰ ডুবাইত ছেমি ফাইনেল, কিন্তু ডুবাইৰ উষ্ণতাক চেৰ পেলাইছিল ভাৰতীয় শেষ-শীতৰ পাৰাস্তম্ভই৷ সেই বিতৰ্কৰ শৃংখল আজিও অব্যাহত৷ কিয়নো দলৰ পৰা সহায় নাপালেও কংগ্ৰেছ নেত্ৰী শ্বামা মহম্মদে খুচৰি উলিয়াইছে ৰোহিত শৰ্মাক লৈ বিজেপিৰ সাংসদ কংগনা ৰানাৱতে কুকুৰৰ সৈতে ৰিজনি কৰি পূৰ্বে কৰা এক মন্তব্য৷ কংগনা ৰানাৱতৰ মন্তব্য ইমানেই আপত্তিকৰ যে, আপাততঃ নীৰৱতাই শ্ৰেয় বুলি ভাবিছে কেন্দ্ৰত শাসনাধিষ্ঠিত দল বিজেপিয়ে৷ আৰু বিজেপি চৰকাৰৰ মন্ত্ৰীয়েও৷ ৰোহিত শৰ্মাক কিয় কুকুৰৰ সৈতে তুলনা কৰিছিল বিজেপিৰ সাংসদগৰাকীয়ে? কি কৈছিল কংগনা ৰানাৱতে? দিল্লীৰ বিখ্যাত কৃষক আন্দোলনৰ সময়ত ৰোহিত শৰ্মাই আন্দোলনকাৰী কৃষকৰ সমৰ্থনত টুইটাৰত এটা পোষ্ট দিছিল৷ সেই পোষ্ট ৰিটুইট কৰি কংগনা ৰানাৱতে লিখিছিল–‘কিয় এই ক্ৰিকেটাৰবোৰ ধোবীৰ কুকুৰৰ দৰে হয়, না ঘৰৰ, না ঘাটৰ...৷’ শ্বামা মহম্মদে তেওঁ সৃষ্টি কৰা বিতৰ্কৰ উত্তৰত মঙলবাৰে কংগনা ৰানাৱতৰ পূৰ্বৰ টুইট উলিয়াই দি প্ৰশ্ন কৰিছে–বিজেপিৰ সাংসদে দেশৰ ক্ৰিকেট অধিনায়কক কুকুৰৰ সৈতে তুলনা কৰাৰ ঘটনাত বিজেপিয়ে কি উত্তৰ দিব? আজি বিজেপি স্বাভাবিক কাৰণতে এই প্ৰশ্নৰ উত্তৰত নিৰুত্তৰ৷ প্ৰসংগতঃ, শ্বামা মহম্মদে সোমবাৰে এক্স হেণ্ডলত লিখিছিল–ৰোহিত শৰ্মা বেছি শকত৷ অধিনায়ক হিচাপেও তেওঁ প্ৰভাৱহীন৷ শ্বামা মহম্মদক এই বক্তব্যৰ পাছতে বিজেপিৰ নেতা-মন্ত্ৰীয়ে তীব্ৰ আক্ৰমণ কৰিছিল৷ কংগ্ৰেছেও সেয়া দলৰ মুখপাত্ৰৰ ব্যক্তিগত মন্তব্য বুলি আঁতৰি গৈছিল৷ এই বিতৰ্কই এদিন দেশৰ ক্ৰিকেট আৰু ৰাজনীতিৰ বতাহ উত্তপ্ত কৰি ৰখাৰ পাছত সেই ৰোহিত শৰ্মাৰ নেতৃত্বতে ভাৰতীয় ক্ৰিকেট দলটোৱে অষ্ট্ৰেলিয়াক ছেম্পিয়নছ ট্ৰফীৰ ছেমিফাইনেলত হেলাৰঙে পৰাভূত কৰিছে৷ ১১ বল আৰু ৫ টা উইকেট হাতত ৰাখি বেটিঙৰ বাবে কঠিন পিটচত ২৬৫ ৰানৰ লক্ষ্য অতিক্ৰম কৰা ক্ৰিকেটৰ ভাষাত অনায়াস বিজয় বুলিয়েই বৰ্ণনা কৰিব পাৰি৷ ‘স্থূলকায়’ বুলি হঠাতে সমালোচিত হোৱা ৰোহিত শৰ্মাৰ বেটৰ পৰা ‘বিগ স্ক’ৰ’ নাহিল, সেয়া সিমান তাৎপৰ্যপূৰ্ণ নহয়৷ কিন্তু ‘প্ৰভাৱহীন’ (আনইম্প্ৰেছিভ) বুলিও সমালোচিত অধিনায়ক ৰোহিত শৰ্মাৰ নেতৃত্বত যিদৰে টীম ইণ্ডিয়াই আজি অষ্ট্ৰেলিয়াক ছেমিফাইনেলৰ পৰা ঘৰলৈ ঘূৰাই পঠিয়ালে, সেয়া বিচক্ষণ নেতৃত্বৰে পৰিচায়ক৷ কোনো এজনৰ দুৰ্দান্ত প্ৰদৰ্শনৰ জোৰত নহয়, ৰোহিতৰ ভাৰতৰ আজিৰ বিজয় আছিল সামুহিক প্ৰচেষ্টাৰ ফল৷ বেটিং, বলিং, ফিল্ডিং–প্ৰতিটো বিভাগতে আজি টীম ইণ্ডিয়াৰ প্ৰদৰ্শন আছিল সমতুল৷ এই ৰোহিত শৰ্মাৰ নেতৃত্বতে টীম ইণ্ডিয়াই পাকিস্তানক প্ৰতিযোগিতাৰ পৰা বাহিৰ কৰি চেম্পিয়নছ ট্ৰফীৰ ফাইনেলখনো পাকিস্তানৰ কৰাচীৰ পৰা বাহিৰলৈ, অৰ্থাৎ ডুবাইলৈ উলিয়াই আনিলে৷
‘কঁকালৰ প্ৰস্থ বা বৃহৎ আকাৰে ক্ৰিকেটাৰৰ ফিটনেছ নিৰ্ধাৰণ নকৰে’ বুলি সুনীল গাভাস্কাৰে কোৱা বাক্যই ক্ৰিকেটাৰৰ ফিটনেছত শেষ বাক্য নহ’ব পাৰে, কিন্তু ভাল ক্ৰিকেটাৰ হ’বলৈ হ’লে সদায় জিম-ধন্য ‘ছিক্সপেক’ শৰীৰৰ প্ৰয়োজন অপৰিহাৰ্য নহ’বও পাৰে৷ সময়ে সময়ে বহু প্ৰখ্যাত ক্ৰিকেটাৰে বেটিং দক্ষতাৰে ফিটনেছৰ অভাৱ নিস্তেজ কৰি ৰাখিছে৷ শ্ৰীলংকাৰ অৰ্জুনা ৰানাতুংগা, পাকিস্তানৰ ইনজামাম উল হক ইয়াৰ উৎকৃষ্ট উদাহৰণ৷ আধুনিক আৰু উত্তৰ আধুনিক ক্ৰিকেটত ফিটনেছ অপৰিহাৰ্য উপাদান৷ জণ্টি ৰ’ডছে উৰন্ত কেচ লোৱা অথবা উৰন্ত ডাইভেৰে হাতত বল লৈ ফিল্ডিঙত উইকেট ভাঙি পেলোৱাৰ পৰা ক্ৰিকেটাৰৰ ফিটনেছত বৈপব্লিক পৰিৱৰ্তন সাধন হৈছে৷ ‘নেচাৰেলী ফিট’ কেৰিবিয়ান ক্ৰিকেটাৰ অৱশ্যে আছিল আদি-অন্ত ফিট৷ সাম্প্ৰতিক ক্ৰিকেটত ভাৰতৰ বিৰাট কোহলিৰ ফিটনেছ ‘নেক্সট লেভেল’ৰ৷ কিন্তু তাৰ অৰ্থ এয়া নহয় যে ৰোহিত শৰ্মা আনফিট৷ ৫ ফুট ৮ ইঞ্চি উচ্ছতাৰ ৰোহিত শৰ্মাৰ শৰীৰৰ ওজন ৭২ কিলোগ্ৰাম৷ এজন ক্ৰিকেটাৰ হিচাপে ৰোহিত শৰ্মাৰ শৰীৰৰ ওজন আৰু উচ্ছতা সমানুপাতিক৷ প্ৰায় একে উচ্ছতাৰ বিৰাট কোহলিৰ ওজন ৬৯ কিলোগ্ৰাম৷ বিশ্বৰ সফলতম বেটাৰ শচীন তেণ্ডুলকাৰৰ ওজন ৬২ কিলোগ্ৰাম আৰু এম এছ ধোনিৰ ওজন আছিল ৭০ কিলোগ্ৰাম৷ এই চাৰি সফল ক্ৰিকেটাৰৰ তুলনাত ৰোহিত শৰ্মাৰ ওজন অতিৰিক্ত নহয়৷ স্থূলকায় বাবে ৰোহিত শৰ্মাৰ ৰানিং বিটুইন দ্য উইকেটত সমস্যা আছে নেকি? পৰিসংখ্যা অনুসৰি নাই৷ ইণ্টাৰনেটত পোৱা পৰিসংখ্যা অনুসৰি ৰোহিত শৰ্মা টি-২০ ক্ৰিকেটত ৬ বাৰ ৰান আউট হৈছে৷ এদিনীয়া-টেষ্টত তেওঁ ৰান আউট হোৱাৰ কোনো তথ্য ইণ্টাৰনেটত নাই৷ আনহাতে শচীন তেণ্ডুলকাৰ মুঠ ২৩ টা ৰান আউটৰ ঘটনাত জড়িত, য’ত নিজে আউট হৈছে ৯ বাৰ আৰু সতীৰ্থ ১৪ বাৰ৷ এম এছ ধোনি কেৰিয়াৰত দুবাৰ ৰান আউট হৈছে আৰু বিৰাট কোহলি ১৪ টা ৰান আউটৰ ঘটনাত জড়িত হৈছে, য’ত নিজে আউট হৈছে ৩ বাৰ আৰু সতীৰ্থ হৈছে ১১ বাৰ৷ এই পৰিসংখ্যাই ৰোহিত শৰ্মাৰ ৰানিং বিটুইন দ্য উইকেট নিম্নমানৰ বুলি প্ৰতীয়মান নকৰে৷ অৱশ্যে বেটাৰৰ শেষ কথা বেটেই কয়৷ যি ৰোহিত শৰ্মাৰ এদিনীয়া আন্তৰ্জাতিকত ৩ টা ডাবল চেঞ্চুৰী আছে, যাৰ হাতত ধৰি দেশলৈ বিশ্বকাপ আহিছে, সেই ৰোহিত শৰ্মাৰ শৰীৰৰ কেইগ্ৰামমান অধিক চৰ্বিয়ে তেওঁৰ প্ৰতিভাক নিস্প্ৰভ কৰি ৰাখিব পৰা নাই৷






