
ৰাকেশ পালৰ দিনত কংগ্ৰেছ-বিজেপি কোনেও সুবিধা পোৱা নাইঃ মুখ্যমন্ত্ৰী
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ মাৰ্চঃ ‘ৰাকেশ পালৰ দিনত কংগ্ৰেছ-বিজেপি কোনেও সুবিধা পোৱা নাই৷ মাথোঁ টকা-নাৰীয়েই ৰাকেশ পালৰ টাৰ্গেট আছিল৷’– এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ এপিএছচিৰ কেলেংকাৰি সন্দৰ্ভত আজি সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়– আটাইতকৈ ডাঙৰ কথা, যদি ৰাকেশ পালৰ লিষ্টখন চাই তাত কংগ্ৰেছৰো কাৰো নাম নাই৷ অৰ্থাৎ খালী টকা আৰু মহিলাই ৰাকেশ পালৰ টাৰ্গেট আছিল৷ ৰাকেশ পালৰ তালিকাত একেদৰে বিজেপিৰো কাৰো নাম নাই৷ যদি বেজিপে চৰকাৰ নাহিলেহেঁতেন, তেন্তে এজনো দুখীয়াৰ সন্তানে এপিএছচিৰ চাকৰি নাপালেহেঁতেন৷ এজনো মধ্যবিত্ত ল’ৰাই এচিএছত চাকৰি নাপালেহেঁতেন৷ এজনো ল’ৰাই টকা-পইচা নিদিয়াকৈ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰি নাপালেহেঁতেন৷
কংগ্ৰেছৰ দিনত কোনোবা জিলা কংগ্ৰেছৰ ল’ৰাই কিয় চাকৰি নাপালে৷ গতিকে কংগ্ৰেছৰ ভিতৰতে কংগ্ৰেছৰ প্ৰতি অসন্তুষ্টি হৈ আছে৷ কংগ্ৰেছেও ন্যায় পোৱা নাই, ঠিক আছে কংগ্ৰেছী বুলি চাকৰিটো পালে– এনেকুৱাও হোৱা নাই৷ একেদৰে ৰাকেশ পালৰ দিনত কোনো বিজেপিয়েও একো সুবিধা পোৱা নাই৷’ উল্লেখ্য, কালি বিধানসভাত এপিএছচিৰ ২০১৩, ২০১৪ বৰ্ষৰ পৰীক্ষা বাতিলৰ দাবীত সৰব হৈছিল বিৰোধী৷ কিন্তু মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল যে তেওঁলোকক পোনছাটেই বৰ্খাস্ত কৰিব নোৱাৰি, আইনগত দিশবোৰ চোৱা-চিতা কৰিহে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব৷ ইয়াৰ মাজতে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে টিপ্পনি কৰিছিল যে এই দুয়োটা বৰ্ষত মুখ্যমন্ত্ৰীৰো প্ৰাৰ্থী আছে৷