'মিঞা বা পাকিস্তানী বুলিলে ধৰ্মীয় আঘাত নহয়'
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৪ মাৰ্চঃ ভাৰতত কোনো ব্যক্তিক নিৰ্ভয়ে ‘মিঞা’ বা ‘পাকিস্তানী’ বুলি গালি-গালাজ কৰিব পাৰি৷ শব্দ দুটা তেনেদৰে ব্যৱহাৰ কৰাটো শুনাত বেয়া, কিন্তু এয়া কোনো অপৰাধ নহয়৷ অন্ততঃ আইনৰ দিশৰ পৰা ‘মিঞা’ বা ‘পাকিস্তানী’ বুলি গালিবৰ্ষণ কৰা ব্যক্তি কোনোধৰণৰ বিপদত নপৰে৷ দেশৰ উচ্চতম ন্যায়ালয়ৰ এটা ৰায়ত এয়া স্পষ্ট হৈছে৷ ‘মিঞা’ কিম্বা ‘পাকিস্তানী’ বুলি কাৰোবাক ক’লেও সেই শব্দ ব্যৱহাৰৰ জৰিয়তে ধৰ্মীয় ভাৱাবেগত আঘাত নপৰে৷ এয়া সংবিধানৰ ২৯৮ ধাৰাত অন্তৰ্ভুক্ত অপৰাধ হিচাপে গণ্য নহয়৷ উচ্চতম ন্যায়ালয়ৰ দুই ন্যায়াধীশ ক্ৰমে বিভি নাগৰত্ন আৰু সতীশ চন্দ্ৰ শৰ্মাৰ বিচাৰপীঠে এই ৰায় প্ৰদান কৰিছে৷ বিচাৰপীঠে ৰায়ত জনোৱা অনুসৰি এইধৰণৰ মন্তব্য শান্তি ভংগৰ বাবে যথেষ্ট নহয়৷ দুই ন্যায়াধীশৰ মতে কথাৰ জৰিয়তে কোনোধৰণৰ আক্ৰমণ বা অপমান হ’ব পাৰে, কিন্তু আইনমতে অপৰাধ নহয়, অন্ততঃ যেতিয়ালৈকে শান্তি ভংগ বা সামাজিক অস্থিৰতা সৃষ্টি নহয়৷
এই গোচৰৰ সূত্ৰপাত ৰাজস্থানত৷ ৰাজ্যখনৰ এজন চৰকাৰী কৰ্মচাৰী ছামছুদ্দিনৰ অভিযোগৰ ফলতে আগবাঢ়িছিল এই গোচৰ৷ ছামছুদ্দিন আছিল আৰ টি আই বিভাগৰ এজন ঊৰ্দু অনুবাদক৷ তেওঁ সহকৰ্মী হৰিনন্দন সিঙক এক নথি দিছিল, কিন্তু হৰিনন্দনে সেই নথি ল’বলৈ অস্বীকাৰ কৰিছিল৷ পাছত হৰিনন্দন সিঙে সেই নথি ল’লেও ছামছুদ্দিনক ‘মিঞা’ আৰু ‘পাকিস্তানী’ বুলি গালি-গালাজ কৰে৷ ইয়াতে অপমানিতবোধ কৰি ছামছুদ্দিনে ধৰ্মীয় ভাৱাবেগত আঘাত লগা বুলি ৰাজস্থান উচ্চ ন্যায়ালয়ত গোচৰ তৰে৷ কিন্তু প্ৰমাণৰ অভাৱত ৰাজস্থান উচ্চ ন্যায়ালয়ত সেই গোচৰ নিটিকিল আৰু গোচৰ উচ্চতম ন্যায়ালয় পালেগৈ৷ উচ্চতম ন্যায়ালয়ে মঙলবাৰে এই শব্দ ব্যৱহাৰ কোনো অপৰাধ নহয় বুলি হৰিনন্দন সিঙক নিৰ্দোষী বুলি খালাচ দিয়ে৷ ফলত ‘মিঞা’ আৰু ‘পাকিস্তানী’ শব্দৰ ব্যৱহাৰ কৰাত কোনো বাধা নাথাকিল৷ এই গোচৰৰ ৰায়ে এটা বিষয় পৰিষ্কাৰ কৰি দিছে যে কেৱল কথাৰ দ্বাৰা কাৰোবাক অপমানিত কৰিব পাৰি, কিন্তু তেনে কৰাটো আইনগতভাৱে অপৰাধ নহয়৷






