হিন্দী সকলো ভাৰতীয়ৰ অন্তৰৰ ভাষাঃ মুখ্যমন্ত্ৰী
‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তা, ৫ মাৰ্চঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সোণাপুৰস্থিত মেফেয়াৰ ৰিজ’ৰ্টত আয়োজিত পূব আৰু পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংযুক্ত ক্ষেত্ৰীয় ৰাজভাষা সন্মিলনত অংশগ্ৰহণ কৰে৷ কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ চৰকাৰী ভাষা বিভাগৰ উদ্যোগত আয়োজিত এই সন্মিলনত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে পূব আৰু পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংযুক্ত ক্ষেত্ৰীয় ৰাজভাষা সন্মিলন গুৱাহাটীত অনুষ্ঠিত কৰাৰ বাবে বিভাগক ধন্যবাদ জ্ঞাপন কৰে৷ সকলোকে অসমৰ এই পৱিত্ৰ ভূমিলৈ স্বাগতম জনাই মুখ্যমন্ত্ৰীয়ে যিসমূহ কাৰ্যালয় হিন্দী ভাষা প্ৰয়োগৰ বাবে পুৰস্কাৰ পাবলৈ সক্ষম হৈছে সেই সকলোকো মুখ্যমন্ত্ৰীয়ে অভিনন্দন জ্ঞাপন কৰে৷ তেওঁ কয় যে হিন্দী ভাৰতৰ ৰাজভাষা৷ হিন্দী একমাত্ৰ ৰাজভাষাই নহয়, হিন্দী সকলো ভাৰতীয়ৰ অন্তৰৰ ভাষা বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ সেই কাৰণে হিন্দী ভাষাৰ প্ৰয়োগ আৰু ব্যৱহাৰৰ ক্ষেত্ৰত সকলোৰে কাৰণে যথেষ্ট মহত্ব আছে বুলিও তেওঁ উল্লেখ কৰে৷ তেওঁ কয় যে গৃহমন্ত্ৰী অমিত শ্বাহে কৰা কল্পনাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতৰ ১০০বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত হিন্দী ভাষাৰ লগতে ক্ষেত্ৰীয় ভাষাসমূহ ইমান শক্তিশালী হ’ব লাগে যাতে জনসাধাৰণক কোনো ধৰণৰ বিদেশী ভাষাৰ প্ৰয়োজন নহ’ব৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ভাৰতবৰ্ষ বিবিধতাৰে পৰিপূৰ্ণ এখন ৰাষ্ট্ৰ আৰু এই বিবিধতাৰ মাজত সংযোগ স্থাপন কৰাটোৱেই হৈছে হিন্দী ভাষা৷ তেওঁ কয় যে ভাৰতৰ একতা, সংহতিৰ লগতে সাংস্কৃতিক ঐক্যৰ বাবে হিন্দী বহু প্ৰয়োজনীয়৷ হিন্দীক দেশৰ প্ৰতিটো প্ৰান্তলৈ লৈ যোৱাৰ বাবে কাম কৰাৰ লগতে সকলো ধৰণৰ প্ৰয়াস অব্যাহত ৰখাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে৷ ভাষাই এক সংস্কৃতিক প্ৰতিনিধিত্ব কৰে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে দেশত যিমানবোৰ ভাষা আছে তাৰে এটা ভাষাৰ মৃত্যু হ’লে এটা সভ্যতাৰ মৃত্যু হয়৷ সেয়ে হিন্দী ভাষাৰ সমান্তৰালভাৱে আমাৰ ক্ষেত্ৰীয় ভাষাকো আগুৱাই লৈ যাব লাগিব বুলি তেওঁ কয়৷ তেওঁ কয় যে পূবোৰ্ত্তৰ ভাৰতত প্ৰথমে ব্ৰিটিছে ইংৰাজী ভাষা সকলোৰে নিজৰ ভাষা বুলি এটা মানসিকতা সৃষ্টি কৰাৰ ফলস্বৰূপে হিন্দী ভাষাৰ প্ৰয়োগৰ ক্ষেত্ৰত পূবোৰ্ত্তৰ ক্ষেত্ৰ পিছ পৰি ৰৈছিল৷ লাহে লাহে সকলোৱে বুজি উঠিছে যে হিন্দী এক ভাষা নহয়, ই নিয়োগ ক্ষেত্ৰখনৰ বাবে এক সম্ভাৱনা৷তেওঁ কয় যে পূবোৰ্ত্তৰ ভাৰতত হিন্দী প্ৰচলন কম হোৱাৰ বাবে আৰু হিন্দী ভাষা নজনাৰ বাবে উত্তৰ ভাৰতত আমাৰ যুৱক-যুৱতী তথা নতুন প্ৰজন্মই বিভিন্ন উদ্যোগ আদিত কাম কৰাত অসুবিধা পোৱাৰ লগতে নিয়োগৰ বজাৰখন সীমিত হৈ পৰিছিল বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ ক্ৰমাৎ পূবোৰ্ত্তৰৰ জনসাধাৰণে হিন্দীক নিজৰ বুলি গণ্য কৰাৰ লগতে হিন্দীৰ জনপ্ৰিয়তা বাঢ়ি গৈছে বুলিও তেওঁ উল্লেখ কৰে৷ মুখ্যমন্ত্ৰী ড॰ শমাৰ্ই কয় যে ভাৰতৰ সংবিধান ৰচনা কৰাৰ সময়ত সংবিধান প্ৰণেতাসকলে হিন্দী ভাষাৰ বিষয়ে চৰ্চা কৰি হিন্দী ভাষাটো সহজ আৰু ব্যৱহাৰিক হোৱাৰ দিশত গুৰুত্ব আৰোপ কৰিছিল হিন্দী ভাষাৰ লগতে ক্ষেত্ৰীয় ভাষাত যিবোৰ শব্দ ব্যৱহাৰ হয় ইয়াক সমাহিত কৰাৰ প্ৰয়াস কৰিব লাগে৷ সংবিধান প্ৰণয়নৰ সময়ত সংবিধান প্ৰণেতাসকলে সেই সময়ত তেওঁলোকৰ দৃষ্টিভংগী সংবিধানত লিপিবদ্ধ কৰিছিল বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ তেওঁ কয় যে হিন্দী বিশেষকৈ চৰকাৰী কামত যি হিন্দী ব্যৱহাৰ হয় সেই হিন্দী কোনোধৰণৰ কাৰিকৰী জটিলতা নথকাকৈ সকলোৱে সহজতে বুজি পোৱা হ’ব লাগে যাতে হিন্দী ভাষা সকলো ভাৰতীয়ৰ অন্তৰৰ ভাষা হৈ পৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিন্দী ভাষাৰ ক্ষেত্ৰত যথেষ্ট আগ্ৰহ দেখুৱাই ইয়াক সহজ, ব্যৱহাৰিক আৰু সকলো ক্ষেত্ৰীয় ভাষা ইয়াৰ মাজত সমাহিত কৰাৰ উদ্দেশ্যে হিন্দী ভাষাৰ বিকাশৰ উদ্দেশ্যেৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ তেওঁ কয় যে অসমক উত্তৰ-পূব ভাৰতৰ অংশ হিচাপে মানি লোৱাৰ সমান্তৰালভাৱে পূব ভাৰতৰ অংশ হিচাপে মানি লৈ আজি এই সন্মিলনখন গুৱাহাটীত অনুষ্ঠিত কৰাৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ক ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ কয় যে হিন্দী ভাষাক কেন্দ্ৰীয় চৰকাৰৰ ভাষা হিচাপে সীমাবদ্ধ নাৰাখি ৰাজ্যৰ সকলো ক্ষেত্ৰলৈ সম্প্ৰসাৰণ হ’ব লাগে তেনে উদ্দেশ্যে ভাৰত চৰকাৰৰ ৰাজভাষা বিভাগে যথোচিত পদক্ষেপ লোৱাৰ বাবেও আহ্বান জনায়৷ তেওঁ লগতে আজি প্ৰদান কৰা কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়সমূহ পুৰস্কাৰ প্ৰদান ব্যৱস্থাৰ সম্প্ৰসাৰণ ঘটাই ৰাজ্য চৰকাৰৰ কাৰ্যালয়সমূহতো এই পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলিও তেওঁ কয়৷ তেতিয়াহে ৰাজ্যসমূহতো হিন্দী ভাষাৰ গুৰুত্ব বাঢ়িব বুলি তেওঁ মন্তব্য কৰে৷ জনসাধাৰণৰ মাজত এনেকুৱা অনুভৱ হ’ব নালাগে যে হিন্দী কেন্দ্ৰীয় চৰকাৰৰ ভাষা৷ ৰাজ্যসমূহতে থলুৱা ভাষাৰ লগতে হিন্দী ভাষাৰ বিকাশ সাধন কৰিব পৰা যায় তেনে দিশতো পদক্ষেপ ল’ব লাগে বুলি তেওঁ কয়৷ এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ শৰ্মা আৰু কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে পূৰ্বাঞ্চল আৰু উত্তৰ-পূবাৰ্ঞ্চলৰ বিভিন্ন চৰকাৰী কাৰ্যালয় আৰু প্ৰতিষ্ঠানৰ সন্মানীয় ব্যক্তিসকলক ৰাজভাষা বঁটা প্ৰদান কৰে৷ আজিৰ এই সন্মিলনত কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ৰ উপৰি সাংসদ তথা ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া, সাংসদ বিজুলী কলিতা মেধী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক দিলীপ কুমাৰ মেধী, পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক এছ পদ্মপ্ৰিয়া, ছিকিমৰ হিন্দী ভাষাৰ পণ্ডিত অধ্যাপক বীৰভদ্ৰ কাৰ্কিধোলি, ৰাজভাষা দপ্তৰৰ সচিব অঞ্চুলী আৰ্য, ৰাজভাষা দপ্তৰৰ যুটীয়া সচিব মীনাক্ষী জলীৰ লগতে ভাৰত চৰকাৰৰ উচ্চ পদস্থ বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত থাকে৷
আমাৰ অসম’ৰ মহানগৰ বাৰ্তা, ৫ মাৰ্চঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সোণাপুৰস্থিত মেফেয়াৰ ৰিজ’ৰ্টত আয়োজিত পূব আৰু পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংযুক্ত ক্ষেত্ৰীয় ৰাজভাষা সন্মিলনত অংশগ্ৰহণ কৰে৷ কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ চৰকাৰী ভাষা বিভাগৰ উদ্যোগত আয়োজিত এই সন্মিলনত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে পূব আৰু পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংযুক্ত ক্ষেত্ৰীয় ৰাজভাষা সন্মিলন গুৱাহাটীত অনুষ্ঠিত কৰাৰ বাবে বিভাগক ধন্যবাদ জ্ঞাপন কৰে৷ সকলোকে অসমৰ এই পৱিত্ৰ ভূমিলৈ স্বাগতম জনাই মুখ্যমন্ত্ৰীয়ে যিসমূহ কাৰ্যালয় হিন্দী ভাষা প্ৰয়োগৰ বাবে পুৰস্কাৰ পাবলৈ সক্ষম হৈছে সেই সকলোকো মুখ্যমন্ত্ৰীয়ে অভিনন্দন জ্ঞাপন কৰে৷ তেওঁ কয় যে হিন্দী ভাৰতৰ ৰাজভাষা৷ হিন্দী একমাত্ৰ ৰাজভাষাই নহয়, হিন্দী সকলো ভাৰতীয়ৰ অন্তৰৰ ভাষা বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ সেই কাৰণে হিন্দী ভাষাৰ প্ৰয়োগ আৰু ব্যৱহাৰৰ ক্ষেত্ৰত সকলোৰে কাৰণে যথেষ্ট মহত্ব আছে বুলিও তেওঁ উল্লেখ কৰে৷ তেওঁ কয় যে গৃহমন্ত্ৰী অমিত শ্বাহে কৰা কল্পনাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতৰ ১০০বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত হিন্দী ভাষাৰ লগতে ক্ষেত্ৰীয় ভাষাসমূহ ইমান শক্তিশালী হ’ব লাগে যাতে জনসাধাৰণক কোনো ধৰণৰ বিদেশী ভাষাৰ প্ৰয়োজন নহ’ব৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ভাৰতবৰ্ষ বিবিধতাৰে পৰিপূৰ্ণ এখন ৰাষ্ট্ৰ আৰু এই বিবিধতাৰ মাজত সংযোগ স্থাপন কৰাটোৱেই হৈছে হিন্দী ভাষা৷ তেওঁ কয় যে ভাৰতৰ একতা, সংহতিৰ লগতে সাংস্কৃতিক ঐক্যৰ বাবে হিন্দী বহু প্ৰয়োজনীয়৷ হিন্দীক দেশৰ প্ৰতিটো প্ৰান্তলৈ লৈ যোৱাৰ বাবে কাম কৰাৰ লগতে সকলো ধৰণৰ প্ৰয়াস অব্যাহত ৰখাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে৷ ভাষাই এক সংস্কৃতিক প্ৰতিনিধিত্ব কৰে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে দেশত যিমানবোৰ ভাষা আছে তাৰে এটা ভাষাৰ মৃত্যু হ’লে এটা সভ্যতাৰ মৃত্যু হয়৷ সেয়ে হিন্দী ভাষাৰ সমান্তৰালভাৱে আমাৰ ক্ষেত্ৰীয় ভাষাকো আগুৱাই লৈ যাব লাগিব বুলি তেওঁ কয়৷ তেওঁ কয় যে পূবোৰ্ত্তৰ ভাৰতত প্ৰথমে ব্ৰিটিছে ইংৰাজী ভাষা সকলোৰে নিজৰ ভাষা বুলি এটা মানসিকতা সৃষ্টি কৰাৰ ফলস্বৰূপে হিন্দী ভাষাৰ প্ৰয়োগৰ ক্ষেত্ৰত পূবোৰ্ত্তৰ ক্ষেত্ৰ পিছ পৰি ৰৈছিল৷ লাহে লাহে সকলোৱে বুজি উঠিছে যে হিন্দী এক ভাষা নহয়, ই নিয়োগ ক্ষেত্ৰখনৰ বাবে এক সম্ভাৱনা৷ তেওঁ কয় যে পূবোৰ্ত্তৰ ভাৰতত হিন্দী প্ৰচলন কম হোৱাৰ বাবে আৰু হিন্দী ভাষা নজনাৰ বাবে উত্তৰ ভাৰতত আমাৰ যুৱক-যুৱতী তথা নতুন প্ৰজন্মই বিভিন্ন উদ্যোগ আদিত কাম কৰাত অসুবিধা পোৱাৰ লগতে নিয়োগৰ বজাৰখন সীমিত হৈ পৰিছিল বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ ক্ৰমাৎ পূবোৰ্ত্তৰৰ জনসাধাৰণে হিন্দীক নিজৰ বুলি গণ্য কৰাৰ লগতে হিন্দীৰ জনপ্ৰিয়তা বাঢ়ি গৈছে বুলিও তেওঁ উল্লেখ কৰে৷ মুখ্যমন্ত্ৰী ড॰ শমাৰ্ই কয় যে ভাৰতৰ সংবিধান ৰচনা কৰাৰ সময়ত সংবিধান প্ৰণেতাসকলে হিন্দী ভাষাৰ বিষয়ে চৰ্চা কৰি হিন্দী ভাষাটো সহজ আৰু ব্যৱহাৰিক হোৱাৰ দিশত গুৰুত্ব আৰোপ কৰিছিল হিন্দী ভাষাৰ লগতে ক্ষেত্ৰীয় ভাষাত যিবোৰ শব্দ ব্যৱহাৰ হয় ইয়াক সমাহিত কৰাৰ প্ৰয়াস কৰিব লাগে৷ সংবিধান প্ৰণয়নৰ সময়ত সংবিধান প্ৰণেতাসকলে সেই সময়ত তেওঁলোকৰ দৃষ্টিভংগী সংবিধানত লিপিবদ্ধ কৰিছিল বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ তেওঁ কয় যে হিন্দী বিশেষকৈ চৰকাৰী কামত যি হিন্দী ব্যৱহাৰ হয় সেই হিন্দী কোনোধৰণৰ কাৰিকৰী জটিলতা নথকাকৈ সকলোৱে সহজতে বুজি পোৱা হ’ব লাগে যাতে হিন্দী ভাষা সকলো ভাৰতীয়ৰ অন্তৰৰ ভাষা হৈ পৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিন্দী ভাষাৰ ক্ষেত্ৰত যথেষ্ট আগ্ৰহ দেখুৱাই ইয়াক সহজ, ব্যৱহাৰিক আৰু সকলো ক্ষেত্ৰীয় ভাষা ইয়াৰ মাজত সমাহিত কৰাৰ উদ্দেশ্যে হিন্দী ভাষাৰ বিকাশৰ উদ্দেশ্যেৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ তেওঁ কয় যে অসমক উত্তৰ-পূব ভাৰতৰ অংশ হিচাপে মানি লোৱাৰ সমান্তৰালভাৱে পূব ভাৰতৰ অংশ হিচাপে মানি লৈ আজি এই সন্মিলনখন গুৱাহাটীত অনুষ্ঠিত কৰাৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ক ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ কয় যে হিন্দী ভাষাক কেন্দ্ৰীয় চৰকাৰৰ ভাষা হিচাপে সীমাবদ্ধ নাৰাখি ৰাজ্যৰ সকলো ক্ষেত্ৰলৈ সম্প্ৰসাৰণ হ’ব লাগে তেনে উদ্দেশ্যে ভাৰত চৰকাৰৰ ৰাজভাষা বিভাগে যথোচিত পদক্ষেপ লোৱাৰ বাবেও আহ৩ান জনায়৷ তেওঁ লগতে আজি প্ৰদান কৰা কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়সমূহ পুৰস্কাৰ প্ৰদান ব্যৱস্থাৰ সম্প্ৰসাৰণ ঘটাই ৰাজ্য চৰকাৰৰ কাৰ্যালয়সমূহতো এই পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলিও তেওঁ কয়৷ তেতিয়াহে ৰাজ্যসমূহতো হিন্দী ভাষাৰ গুৰুত্ব বাঢ়িব বুলি তেওঁ মন্তব্য কৰে৷ জনসাধাৰণৰ মাজত এনেকুৱা অনুভৱ হ’ব নালাগে যে হিন্দী কেন্দ্ৰীয় চৰকাৰৰ ভাষা৷ ৰাজ্যসমূহতে থলুৱা ভাষাৰ লগতে হিন্দী ভাষাৰ বিকাশ সাধন কৰিব পৰা যায় তেনে দিশতো পদক্ষেপ ল’ব লাগে বুলি তেওঁ কয়৷ এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ শৰ্মা আৰু কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে পূৰ্বাঞ্চল আৰু উত্তৰ-পূবাৰ্ঞ্চলৰ বিভিন্ন চৰকাৰী কাৰ্যালয় আৰু প্ৰতিষ্ঠানৰ সন্মানীয় ব্যক্তিসকলক ৰাজভাষা বঁটা প্ৰদান কৰে৷ আজিৰ এই সন্মিলনত কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ৰ উপৰি সাংসদ তথা ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া, সাংসদ বিজুলী কলিতা মেধী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক দিলীপ কুমাৰ মেধী, পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক এছ পদ্মপ্ৰিয়া, ছিকিমৰ হিন্দী ভাষাৰ পণ্ডিত অধ্যাপক বীৰভদ্ৰ কাৰ্কিধোলি, ৰাজভাষা দপ্তৰৰ সচিব অঞ্চুলী আৰ্য, ৰাজভাষা দপ্তৰৰ যুটীয়া সচিব মীনাক্ষী জলীৰ লগতে ভাৰত চৰকাৰৰ উচ্চ পদস্থ বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত থাকে৷






