Logo
image

বিজেপি চৰকাৰৰ দিনত নতুনকৈ ৮৬১ খন বাৰ-ৱাইনশ্বপ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ মাৰ্চঃ  ৰাজ্যত বৰ্তমান ১৮৩৬খন বিলাতী সুৰাৰ বিপণী আৰু ১০৬০খন বাৰ আছে৷ ২০১৬ চনৰ পৰা এতিয়ালৈকে নতুন ১৫০খন বিলাতী সুৰাৰ বিপণী আৰু ৭১১খন বাৰৰ অনুজ্ঞাপত্ৰ দিয়া হৈছে৷’– আজি বিধানসভাত এক মৌখিক প্ৰশ্নৰ উত্তৰত এই লিখিত তথ্য সদৰী কৰে ৰাজ্যৰ আবকাৰী মন্ত্ৰী অতুল বৰাই৷ আনহাতে, সুৰাৰ পৰা সংগৃহীত ৰাজহৰ বিষয়ে সবিশেষ তথ্য দাঙি ধৰি মন্ত্ৰী বৰাই কয়– ২০১৬-১৭ বৰ্ষত ১৪৩৩.০১ কোটি,  ২০১৭-১৮ বৰ্ষত ১৬৯৯.৩৬ কোটি, ২০১৮-১৯ বৰ্ষত ২২০৪.১৫ কোটি, ২০১৯-২০ বৰ্ষত ২৬০৬.৬৮ কোটি, ২০২০-২১ বৰ্ষত ২৯৭৭.৬১ কোটি, ২০২১-২২ বৰ্ষত ৩০৪৭.৯৮ কোটি, ২০২২-২৩ বৰ্ষত ৩৯৮০.০৬ কোটি, ২০২৩-২৪ বৰ্ষত ৪৭৯৮.৭৩ কোটি আৰু ২০২৪-২৫১ জানুৱাৰী পৰ্যন্ত ৪২৮১.৪৮ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিছে ৰাজ্য চৰকাৰে৷ উল্লেখ্য, আজি সদনৰ প্ৰশ্নোত্তৰ কালত কংগ্ৰেছৰ বিধায়ক নন্দিতা দাসৰ হৈ একেটা দলৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী বৰাই সদনত কয়– ‘আমাৰ চৰকাৰৰ দিনত নতুনকৈ ৮৬১খন বাৰ-ৱাইনশ্বপৰ অনুজ্ঞাপত্ৰ দিয়া হৈছে৷ বাৰ-ৱাইনশ্বপৰ অনুজ্ঞাপত্ৰ বিচাৰি হাজাৰ হাজাৰ দৰ্খাস্ত আহিছে৷ কিন্তু আমি যিমান আবেদন পাইছোঁ সিমান অনুজ্ঞাপত্ৰ দিয়া নাই৷


মুখ্যমন্ত্ৰী মহোদয়ে নতুনকৈ মদৰ অনুজ্ঞাপত্ৰ দিয়াটো বন্ধ কৰি ৰাখিছে৷ মদৰ পৰা ৰাজহ সংগ্ৰহ কৰাটো আমাৰ মুঠেই লক্ষ্য নহয়৷ সুৰাপাণ কৰি যাতে কোনেও গাড়ী নচলায় ইয়াৰ বাবে সময়ে সময়ে আৰক্ষী, আবকাৰী আৰু পৰিবহণ বিভাগে অভিযান চলাই আহিছে৷ ৰাজ্যত চুলাই মদৰ পয়োভৰ বাঢ়িছে৷ অৰুণাচলৰ পৰাও মদ চোৰাংকৈ অসমলৈ আহে৷ মন্ত্ৰীগৰাকীয়ে বক্তব্যৰ মাজতে কয় যে কংগ্ৰেছৰ দিনৰ মদৰ মহলবিলাক বন্ধ কৰি দিয়া হ’ল৷ সুৰাৰ মালিক কংগ্ৰেছ বুলিও তেওঁ কটাক্ষ কৰে৷ মন্ত্ৰীগৰাকীৰ এই মন্তব্যত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে ধৰি কংগ্ৰেছৰ বিধায়কসকলক উত্তেজিত হৈ পৰে আৰু মন্ত্ৰীক উভটি ধৰে৷ মদৰ মালিক কিয় কংগ্ৰেছ বুলি ক’ব বুলি তেওঁলোকে হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে৷ অৱশেষত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে শব্দটো সদনৰ কাৰ্যক্ৰমণিকাৰ পৰা উঠাই দিয়া বুলি ঘোষণা কৰে৷ সদনত মন্ত্ৰী বৰাই কয় যে কংগ্ৰেছে কানি বন্ধ কৰিছিল কিন্তু মদ বন্ধ কৰা নাছিল৷ ব্ৰিটিছৰ দিনতে আবকাৰী বিভাগটো প্ৰতিষ্ঠা হৈছিল৷ ৰাজ্যত মদ্যপায়ীৰ সংখ্যা বাঢ়িছে৷ মেঘালয়ৰ বৰ্ণিহাটত বৃহৎ পৰিমাণৰ চুলাইৰ ঘাটি নষ্ট কৰা হৈছে৷ মদৰ বিক্ৰী বন্ধ কৰা ৰাজ্যতো মদৰ প্ৰচলন বন্ধ হোৱা নাই৷ মদ বন্ধ কৰিলে ড্ৰাগচৰ প্ৰচলন বৃদ্ধি পাব৷ ৰাজ্যত বৰ্তমান ৯৯৬খন দেশীয় সুৰাৰ দোকান আছে৷