Logo
image

দেশক-অসমক বচাবলৈ হ’লে বিজেপিক পৰাভূত কৰিবই লাগিব

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ মাৰ্চঃ  ‘বিজেপি জনগনৰ বাবে বিপদ৷ অসম বা দেশক বচাবলৈ বিজেপিক পৰাভূত কৰিবই লাগিব৷ বিজেপিক পৰাভূত কৰিবলৈ বিৰোধী ঐক্য লাগিবই৷’ –এই ভাষ্য বিশিষ্ট বুদ্ধিজীৱী ড॰ হীৰেন গোহাঁইৰ৷ তেওঁ আৰু কয়– ‘ভাৰত স্বাধীন হোৱাৰ পৰা সংবিধান মতে আমি চলি আছোঁ৷ সংবিধান মতে ভাৰতৰ সংজ্ঞা৷ ভাৰতত কি হ’ব পাৰে কি হ’ব নোৱাৰে, কি হোৱা উচিত কি হোৱা অনুচিত সেয়া নিৰ্ভৰ কৰে দেশৰ সংবিধানৰ ওপৰত৷ উচিত-অনুচিতৰ ধাৰণা বাদ দিলে দেশ এখন দেশ হৈ নাথাকে৷ অৰাজকতা হৈ পৰিব৷ এখন দেশ ‘দেশ’ হৈ থাকিবলৈ নিয়ম-নীতিত চলিব লাগিব– যিবোৰ নিয়ম-নীতি জংঘলৰাজত নাথাকে, যিবোৰ নিয়ম-নীতি স্বৈৰতন্ত্ৰ নহয়, যিবোৰ এজন বা কেইবাজনো লোকৰ ইচ্ছামতে নচলে৷


ৰাইজক ফুচলাই লোৱা শাসন নহয়৷ সচেতন ৰাইজৰ সন্মতি মতে যিটো শাসন হয় সেয়া সুশাসন৷ বল প্ৰয়োগ কৰি ৰাইজৰ পৰা সন্মতি লোৱা হ’লে দেশৰ সংবিধানখন অৰ্থহীন হৈ পৰিব৷ সংবিধানত বল প্ৰয়োগ কৰাৰ কথা ক’তো নাই৷ বল প্ৰয়োগ বন্ধ কৰিবৰ বাবে সংবিধান হৈছে৷ কাৰ্যক্ষেত্ৰত দেখা গৈছে যে বহুবাৰ সংবিধানৰ নীতি অগ্ৰাহ্য কৰা হৈছে৷ অখিল গগৈৰ গতি-বিধি আমি বুজি নাপাওঁ৷ তেওঁৰ দলৰ সিদ্ধান্তৰ বিষয়ে আমি কোনো ফুত নাপাওঁ৷ কি ভাবি কেতিয়া তেওঁ কি কৰে ধৰা নাযায়৷ সেইটোৱে সমস্যাৰ সৃষ্টি কৰে৷ তেওঁ এতিয়া বিজেপি-কংগ্ৰেছৰ পৰা সমদূৰত্বত থকাৰ দৰে কৰি আছে৷ সেইটো নিৰ্বাচনী কচৰৎ হয় নে নহয় তেওঁ বিবেচনা কৰা ভাল হ’ব৷’