Logo
image

ঘনে ঘনে জোকাৰণি

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ৫ মাৰ্চঃ  অসমত যেন ভূমিকম্পৰ উজানহে উঠিছে৷ জানুৱাৰী আৰু ফেব্ৰুৱাৰী দুটা মাহত ১০টাকৈ সৰু-বৰ ভূমিকম্পই অসমসহ উত্তৰ-পূবৰ কেইবাখনো ৰাজ্য জোকাৰি যোৱাৰ পাছত বুধবাৰে পুৱতি নিশাৰ পৰা দুপৰীয়ালৈ মাত্ৰ চাৰে আঠ ঘণ্টাৰ ভিতৰত পুনৰ চাৰিটাকৈ নিম্ন, উচ্ছ- মধ্যমীয়া প্ৰাবল্যৰ ভূমিকম্পই অসমকে ধৰি উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্য কম-বেছি পৰিমাণে জোকাৰি যায়৷ অৱশ্যে এইপৰ্যন্ত ভূমিকম্পৰ ফলত সা-সম্পত্তি কিম্বা ধন-জনৰ ক্ষয়-ক্ষতি হোৱাৰ বাতৰি পোৱা হোৱা নাই৷ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি প্ৰথমটো ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ভাৰতীয় মান সময় অনুসৰি পুৱতি নিশা ৩ বাজি ৩৬ মিনিট ৪৯ছেকেণ্ডত৷ ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাবল্যৰ পৰিমাণ আছিল ৪.৭ কম্পনাংক  আৰু অভিকেন্দ্ৰ আছিল ম্যানমাৰ সীমান্তৰ পৰা ৩২ কিঃ মিঃ গভীৰতাত৷ তাৰ মাত্ৰ ২২ মিনিট পাছত ভাৰতীয় মান সময় অনুসৰি পুৱতি নিশা ৩ বাজি ৫৪ মিনিট ৪৯ ছেকেণ্ডত দ্বিতীয়টো ভূমিকম্পৰ জোকাৰণি অনুভূত হয়৷ সেই ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাবল্যৰ পৰিমাণ আছিল ৪.৫ কম্পনাংক আৰু অভিকেন্দ্ৰ আছিল ম্যানমাৰ সীমান্তৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত৷ তেনেদৰে তৃতীয়টো ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ভাৰতীয় মান সময় অনুসৰি দিনৰ ১১ বাজি ৬ মিনিট ৩৭ ছেকেণ্ডত৷ ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল অসমৰ গাতে লগা মণিপুৰৰ কামজং জিলাৰ পৰা ১১০ কিঃমিঃ গভীৰতাত৷ ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাবল্যৰ পৰিমাণ আছিল ৫.৮ কম্পনাংক৷ চতুৰ্থ ভূমিকম্পটোৰ জোকাৰণি অনুভূত হয় দুপৰীয়া ১২ বাজি ২০ মিনিট ৪৩ ছেকেণ্ডত আৰু ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্যৰ পৰিমাণ আছিল ৪.১ কম্পনাংক৷


তেনেদৰে ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল অসমৰ গাতে লগা মণিপুৰৰ কামজং জিলাৰ পৰা ৬৬ কিঃমিঃ গভীৰতাত৷ তাৎপৰ্যপূৰ্ণভাৱে অসমৰ গাতে লগা এখন ৰাজ্য আৰু সেই ৰাজ্যৰ গাতে লগা এখন দেশত মাত্ৰ চাৰে আঠ ঘণ্টাৰ ভিতৰত চাৰিটাকৈ ভূমিকম্পই জোকাৰি যোৱা আৰু আটাইকেইটা ভূমিকম্পৰ অভিকেন্দ্ৰ ওচৰা-ওচৰিকৈ হোৱা বাবে আগন্তুক দিনত বিশ্বৰ অন্যতম ভূ-কম্পন অঞ্চল হিচাপে পৰিচিত অসমসহ উত্তৰ-পূবত বৃহৎ বা উচ্চ প্ৰাবল্যৰ ভূমিকম্প আহিব পাৰে নেকি তাক লৈ ভূ-তত্ত্ব বিজ্ঞানীসকল চিন্তিত হৈ পৰিছে৷ কিয়নো বিগত জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত আঠোটা দিনত নিম্ন আৰু উচ্চ - মধ্য প্ৰাবল্যৰ দহটাকৈ ভূমিকম্পই জোকাৰি গৈছে৷ অসমসহ উত্তৰ-পূবৰ কেইবাখনো ৰাজ্য৷ তাৰ ভিতৰত ২৭ ফেব্ৰুৱাৰীৰ দিনা দোভাগ নিশা বেছিভাগ লোকেই টোপনিত লাল-কাল হৈ থকাৰ সময়তে ভাৰতীয় মান সময় মতে, নিশা ২ বাজি ২৫ মিনিট আৰু ৪০ ছেকেণ্ডত এটা উচ্চ-মধ্য প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গৈছিল অসমসহ উত্তৰ-পূবৰ কেইবাখনো ৰাজ্য৷  অৱশ্যে ভূমিকম্পটোৰ জোকাৰণিটো মাত্ৰ ১০ ছেকেণ্ডৰ ভিতৰত বন্ধ হোৱা বাবে এইপৰ্যন্ত সা-সম্পত্তি কিম্বা ধন-জনৰ ক্ষয়-ক্ষতি হোৱাৰ বাতৰি পোৱা হোৱা নাই৷ যদি প্ৰচণ্ড জোকাৰণিটো ১৫ ছেকেণ্ডতকৈ অধিক সময় থকা হ’লে নিশ্চিতভাৱে ক্ষয়-ক্ষতি অধিক হোৱাৰ আশংকা থাকিলহেঁতেন৷ ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাবল্যৰ পৰিমাণ আছিল প্ত.ঙ্ম কম্পনাংক৷ তেনেদৰে অভিকেন্দ্ৰ আছিল মধ্য অসমৰ মৰিগাঁও জিলাৰ জিলাৰ উত্তৰ-পূব দিশত ১৬ কিঃ মিঃ গভীৰতাত৷ উল্লেখ্য, ইয়াৰ পূৰ্বে যোৱা ৩, ২১, ২২, ২৪ জানুৱাৰী, ৰ, ১৫, ২০ আৰু ২১ ফেব্ৰুৱাৰীত মাত্ৰ দুমাহৰ ভিতৰত মাত্ৰ আঠোটা দিনত দহটাকৈ ভূমিকম্পই জোকাৰি গৈছিল অসমসহ উত্তৰ-পূবৰ কেইবাখনো ৰাজ্য৷ তাৰে তিনিটাৰ অভিকেন্দ্ৰ আছিল চুবুৰীয়া ৰাজ্য মণিপুৰ৷ তেনেতে তিনিটাৰ ভিতৰত এটাৰ অভিকেন্দ্ৰ আছিল চুবুৰীয়া ৰাজ্য মেঘালয়ৰ দক্ষিণ পশ্চিম খাচী পাহাৰ জিলা আৰু আনটোৰ অভিকেন্দ্ৰ অসমৰ গোৱালপাৰা জিলাৰ গাতে লগা উত্তৰ গাৰো পাহাৰ জিলা৷ তেনেদৰে এটাৰ অভিকেন্দ্ৰ আছিল মণিপুৰৰ গাতে লাগি থকা ম্যানমাৰ সীমান্ত৷ আন এটা ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল চুবুৰীয়া অৰুণাচল প্ৰদেশৰ পৰা কিছু নিলগৰ তিব্বত সীমান্ত৷