Logo
image

চুবুৰীয়াই দখল কৰিছে শ শ বিঘা মাটি, অসহায় অসম

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ মাৰ্চঃ  চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসনত ক্ৰমাৎ সংকুচিত হৈ আহিছে অসমৰ ভূমি৷ অসমৰ ৮২৭৫১.৮৬১৮ হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্যৰ দখলত আছে৷ মেঘালয়ৰ দখলত আছে ৩৪৪২ হেক্টৰ ভূমি৷ অৰুণাচলৰ দখলত আছে ১৬,১৪৪ হেক্টৰ ভূমি৷ নাগালেণ্ডৰ দখলত আছে ৫৯,৪৯০ হেক্টৰ ভূমি আৰু মিজোৰামৰ দখলত আছে ৩,৬৭৬ হেক্টৰ ভূমি৷ আজি বিধানসভাৰ প্ৰশ্নোত্তৰ কালত চুবুৰীয়া ৰাজ্যই কৰা মাটি বেদখল সন্দৰ্ভত কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদে সোধা এক প্ৰশ্নৰ লিখিত উত্তৰত সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই কয়–‘নামচাই চুক্তিমতে অৰুণাচলৰে সীমা বিবাদ নিষ্পত্তি হ’ব৷ চুবুৰীয়া ৰাজ্য অৰুণাচলে অসমৰ শোণিতপুৰ জিলাৰ ১১০ হেক্টৰ, বিশ্বনাথ জিলাৰ ৪,৭৫৬ হেক্টৰ, লক্ষীমপুৰ জিলাৰ ২,৪৩৫ হেক্টৰ, ধেমাজি জিলাৰ ৯৯২ হেক্টৰ, তিনিচুকীয়া জিলাৰ ৭২৩৯ হেক্টৰ, ডিব্ৰুগড় জিলাৰ ১০ হেক্টৰ, চৰাইদেউ জিলাৰ ৬০২.০১১৭ হেক্টৰ সহ সৰ্বমুঠ ১৬১৪৪.০১১৭ হেক্টৰ ভূমি বেদখল কৰি আছে৷


একেদৰে নাগালেণ্ডে যোৰহাট জিলাৰ ১৪০৭৯.১৪ হেক্টৰ, শিৱসাগৰ জিলাৰ ৮৮২৯.০০ হেক্টৰ, গোলাঘাট জিলাৰ ৩৬২৯৪.০৭ হেক্টৰ আৰু চৰাইদেউ জিলাৰ ২৮৮ হেক্টৰ সহ মুঠ ৫৯৪৯০.২১ হেক্টৰ ভূমি বেদখল কৰি আছে৷ আনহাতে মেঘালয়ে গোৱালপাৰাৰ ৩৩.৮১৫৬ হেক্টৰ, কাছাৰ জিলাৰ ৬০২.০১১৭ হেক্টৰ, কামৰূপ ৮০২.৬৮২৩ হেক্টৰ, দক্ষিণ শালমাৰা-মানকাছাৰ জিলাত ৩.৩৫০৫ হেক্টৰ, পশ্চিম কাৰ্বি আংলং জিলাত ২০০০.০০ হেক্টৰ সহ মুঠ ৩৪৪১.৮৬০১ হেক্টৰ ভূমি বেদখল কৰি আছে৷ আনহাতে মিজোৰামে হাইলাকান্দিত ১০২৩.৫০ হেক্টৰ, কৰিমগঞ্জত ৩৭৭.৫৮ হেক্টৰ, কাছাৰ জিলাত ২২৭৪.৭০ হেক্টৰ সহ মুঠ ৩৬৭৫.৭৮ হেক্টৰ মাটি বেদখল কৰি আছে৷ অৰুণাচল, মেঘালয়, মিজোৰাম, নাগালেণ্ডে অসমৰ সৰ্বমুঠ ৮২৭৫১.৮৬১৮ হেক্টৰ মাটি বেদখল কৰি আছে৷ সীমা বিবাদ নিষ্পতিৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ উপদেশ মৰ্মে মেঘালয় চৰকাৰ আৰু অৰুণাচল চৰকাৰৰ লগত দ্বিপাক্ষিক বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হৈছে৷ অসম-মেঘালয়ৰ মাজত ১২ টা এলেকাত বিবাদ আছে৷ অৰুণাচলৰ সৈতে বিবাদিত ১২৩ খন গাঁৱৰ ভিতৰত ৭১ খন গাঁৱৰ সীমাবিবাদ নিষ্পত্তি হৈছে৷ আন ৫২ খন গাঁৱৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া চলি আছে৷