Logo
image

কাজিৰঙাত বিক্ৰমৰ ধেমালিত আনন্দৰ বন্যা

'আমাৰ অসম'ৰ কাজিৰঙাৰ প্ৰতিবেদকঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষাৰ ক্ষেত্ৰত যি ধৰণে বন সুৰক্ষা কৰ্মীৰ অৱদান আছে ঠিক তেনেদৰে বন বিভাগৰ পোহনীয়া হাতীৰ অৱদানো কোনো ক্ষেত্ৰত কম নহয়। বন সুৰক্ষা বাহিনীৰ দৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী বাহিনীয়েও ৰাষ্ট্ৰীয় উদ্যানখন সুৰক্ষা দি আছে। বন বিভাগৰ পোহনীয়া হাতীকো সুৰক্ষাৰ বাহিনীৰ এক সদস্য হিচাপে গণ্য কৰা হয়। গতিকে ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষাৰ বাবে পোহনীয়া হাতীৰ অৱদান কোনো গুণে কম নহয়। এক কথাত ক'বলৈ গ'লে ৰাষ্ট্ৰীয় উদ্যানখনত পোহনীয়া হাতীৰ অবিহনে চোৰাং চিকাৰী প্ৰতিৰোধ কৰাটো বা সুৰক্ষা দিয়াটো আধৰুৱা হৈ পৰিব। গতিকে বন বিভাগৰ পোহনীয়া হাতীবোৰক চিকিৎসা, স্বাস্থ্যৰ যত্ন, খাদ্য আদি সকলো ক্ষেত্ৰতে উদ্যান কৰ্তৃপক্ষই বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে। পোহনীয়া হাতীৰ এটা পুৱালি জন্ম হোৱাৰ লগে লগে হাতী মাউতৰ পৰা আৰম্ভ কৰি বনকৰ্মী, বিষয়ালৈকে সকলোৰে মাজত আনন্দ ভৰি পৰে। পাৰস্পৰিক পদ্ধতিৰে চিকিৎসা, পৰিচৰ্যা, নামকৰণ কৰা পৰম্পৰা দীৰ্ঘদিনৰ পৰা চলি আহিছে কাজিৰঙাত। উল্লেখ্য, অলপতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ মিহিমুখত থকা বন বিভাগৰ পিলখানাত এক নতুন সদস্যৰ আগমনে আনন্দিত কৰিছে বন বিভাগৰ লোকক। কাজিৰঙাৰ পৰিয়ালৰ নতুন সদস্য 'বিক্ৰম'। এতিয়া বিক্ৰমৰ ধেমালিয়ে মোহাচ্ছন্ন কৰিছে সকলোকে৷ মাউত-বনকৰ্মীৰ লগতে পৰ্যটকেও আনন্দ লৈছে বিক্ৰমৰ ৰং-ধেমালিৰ৷ বিক্ৰম এটি বনবিভাগৰ সদ্যজাত হাতী পোৱালি৷ 


জানিব পৰা মতে, যোৱা ১০ ফেব্ৰুৱাৰীত কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ বিভাগীয় হাতী ৰাখীয়ে জীৱনৰ প্ৰথমটো পোৱালি জন্ম দিয়ে৷ সুন্দৰ, নোদোকা, তজবজীয়া হাতী পোৱালিটো জন্মৰ লগে-লগে বনবিভাগৰ মাউত-বনকৰ্মীৰ মাজত আনন্দৰ বন্যা বয়৷ জন্মৰ দুই চাৰিদিনৰ পিছতে পোৱালিটোৰ মৰমলগা খোজ, দৌৰ, ধেমালিয়ে আমোদ দিবলৈ ল’লে সকলোকে৷ তেনেতে কাজিৰঙালৈ অহা ৰাজ্যৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দৰ্শন কৰে ৰাখী আৰু তাইৰ নোদোকা পোৱালিটোক৷ মৰমতে বনমন্ত্ৰী পাটোৱাৰীয়ে পোৱালিটোৰ নাম দিলে বিক্ৰম৷ এতিয়া সকলোৰে আশা ডাঙৰ হৈ বিক্ৰমে পাৰদৰ্শিতা দেখুওৱাক৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ড° সোণালী ঘোষে জানিবলৈ দিয়া মতে, উদ্যানত বনবিভাগৰ মুঠ ৬৮ টা পোহনীয়া হাতী আছে। যিসমূহ বিভিন্ন বনাঞ্চলত নিয়োজিত হৈ আছে৷ ইয়াৰে একাংশ হাতীয়ে পৰ্যটকক ছাফাৰি কৰোৱাৰ বিপৰীতে একাংশই উদ্যানৰ ভিতৰত বনকৰ্মীৰ স’তে তহলদাৰী কামত সহযোগ আগবঢ়ায়৷ বিশেষকৈ বাৰিষা নামি অহাৰ লগে লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অটব্য অৰণ্যৰ মাজত বনকৰ্মীয়ে খোজৰে টহল দিয়াটো বিপদজনক।  ৰাষ্ট্ৰীয় উদ্যানখনৰ ইকৰাণিৰ মাজত বা বোকা-পানী থকা এলেকাত খোজকাঢ়ি সুৰক্ষাকৰ্মীয়ে টহল দিয়া অসুবিধা হোৱাৰ বাবে বন বিভাগৰ পোহনীয়া হাতীৰ পিঠিত উঠি টহল দিব লগা হয়। চোৰাং চিকাৰীৰ বিৰুদ্ধে অৰণ্যৰ মাজত অভিযান চলোৱাতো কোনো গুণে বন বিভাগৰ পোহনীয়া হাতী কম নহয়। এইবোৰ কাৰণতে কাজিৰঙাত থকা বন বিভাগৰ পোহনীয়া হাতীৰ গুৰুত্ব বহু বেছি।