Logo
image

অচিনাকি সুধাকে বিজেপিৰ গুৰুদায়িত্ব !

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদক, ৬ মাৰ্চঃ  নীৰৱে, হয়তো প্ৰায় নিঃশব্দেই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব লাভ কৰিব এগৰাকী ‘ল’ প্ৰ’ফাইল’ নেত্ৰীয়ে৷ খুউব কমদিনৰ ভিতৰতে সেই সিদ্ধান্ত গ্ৰহণ কৰিব গেৰুৱা দলটোৰ শীৰ্ষ নেতৃত্বই৷ দেশৰ বৃহত্তম ৰাজনৈতিক দলটোত শীৰ্ষৰ কোনো পদবীত এনে নেতা-নেত্ৰীক অধিষ্ঠিত কৰা নহয়, যি চৰকাৰৰো কোনো দায়িত্বশীল পদবীত আছে৷ সম্প্ৰতি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা কেন্দ্ৰীয় মন্ত্ৰীও৷ পৰৱৰ্তী  সভাপতি নিৰ্বাচিত নোহোৱা পৰ্যন্ত তেওঁক এই দায়িত্বত ৰখা হৈছে৷ অচিৰেই নড্ডাৰ পৰা ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্বভাৰ আঁতৰাই অনা হ’ব, যিদৰে অমিত শ্বাহেও গৃহমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত সভাপতিৰ আসন এৰিছিল৷ অৱশ্যে এই কথা সকলোৱে জানে, সভাপতিৰ দায়িত্বত যিয়েই নাথাকক, অমিত শ্বাহ আৰু সৰ্বশেষত নৰেন্দ্ৰ মোদীৰ ইচ্ছা অবিহনে গেৰুৱা দলটোত কোনো সভাপতিয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত এককভাৱে গ্ৰহণ কৰিব নোৱাৰে৷ প্ৰথমে লোকসভাৰ নিৰ্বাচন পৰ্যন্ত নড্ডাৰ দায়িত্ব বৃদ্ধি কৰা হৈছিল৷ কিন্তু তাৰ পাছতো দেশত কেইবাখনো ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন হৈ গ’ল৷ আৰু নহয়, এইবাৰ নতুন সভাপতি নিৰ্বাচনৰ পাল৷ কিন্তু কোন হ’ব কেন্দ্ৰত শাসনাধিষ্ঠিত দলটোৰ শীৰ্ষ ব্যক্তি, যি মোদী-শ্বাহৰো আস্থাভাজন৷

ৰাজধানীৰ ক্ষমতাৰ অলিন্দত এতিয়া উত্তাপ থকা খবৰ হৈছে– প্ৰথমবাৰৰ বাবে বিজেপিয়ে এগৰাকী মহিলা নেত্ৰীক ৰাষ্ট্ৰীয় সভাপতি হিচাপে পাব৷ কিন্তু তেওঁ দেশজুৰি পৰিচিত নহয়, যিদৰে পৰিচিত আছিল সুষমা স্বৰাজ কিম্বা এতিয়াৰ স্মৃতি ইৰাণী৷ কাৰো কথা নুশুনা আদৱানীপন্থী উমা ভাৰতী একেবাৰেই নহয়৷ তেনে কোন মহিলা নেত্ৰী আছে বিজেপিত, যি মোদী-শ্বাহৰ বাছনিত উঠিব পাৰে? ৰাষ্ট্ৰপতিৰ প্ৰাৰ্থী হোৱাৰ আগলৈকে দ্ৰৌপদী মুৰ্মুও দেশৰ ৰাজনীতিত সিমান পৰিচিত নাছিল, জনপ্ৰিয় নেত্ৰীতো নাছিলেই৷ তেনেদৰেই প্ৰায় অখ্যাত বা স্বল্পখ্যাত এগৰাকী নেত্ৰীৰ নাম সম্প্ৰতি চৰ্চালৈ আহিছে, যি দেশৰ বৃহত্তম ৰাজনৈতিক দলটোক নেতৃত্ব দিব৷ নতুন দিল্লীৰ দীনদয়াল মাৰ্গৰ বতাহত সেই নামৰ ঘ্ৰাণ এতিয়া বিয়পি পৰিছে আৰু দেশৰ ৰাজনীতি এতিয়া গেৰুৱা দলৰ সেই ‘টুইষ্ট’ৰ অপেক্ষাত৷

বিজেপিৰ সাংগঠনিক ইতিহাসত যিহেতু এতিয়াও কোনো মহিলাই কংগ্ৰেছৰ ছোনিয়া গান্ধীৰ দৰে শীৰ্ষ পদ লাভ কৰা নাই, সেয়ে সকলোৰে এই বিষয়ত সন্দেহ আছে– সঁচাই, কোনো মহিলা নেত্ৰীয়ে বিজেপিৰ নেতৃত্বৰ দায়িত্ব পাবনে? কিন্তু শেষমুহূৰ্তত কোনো নাটকীয় পৰিৱৰ্তন নহ’লে হাৰিয়ানাৰ সুধা যাদৱ হ’ব পাৰে গেৰুৱা দলৰ প্ৰথমগৰাকী মহিলা সভাপতি, যাৰ ৰাজনৈতিক উত্থান হৈছিল স্বয়ং নৰেন্দ্ৰ মোদীৰ হাতত ধৰি ১৯৯৯ চনত৷ ৰাষ্ট্ৰীয় ৰাজনীতিত তেওঁ সিমান পৰিচিত নহয়, আনকি দলৰ মাজতো৷ আই আই টি ৰুৰকিৰ ৰসায়নৰ স্নাতকোত্তৰ আৰু একে গৰিমাময় প্ৰতিষ্ঠানৰ পৰা ডক্টৰেট সুধা যাদৱ  সম্প্ৰতি বিজেপিৰ সৰ্বোচ্ছ সাংগঠনিক কমিটী ‘সংসদীয় ব’ৰ্ড’ৰ একমাত্ৰ মহিলা সদস্য, য’ত তেওঁক স্থান দিয়া হৈছে নীতিন গাডকাৰী আৰু শিৱৰাজ সিং চৌহানক অপসাৰণ কৰি৷ ২০২২ চনত মোদীৰ আস্থাভাজন এই নেত্ৰীয়ে ‘সংসদীয় ব’ৰ্ড’ৰ সদস্য পদ লাভ কৰিছিল৷ তেওঁৰ পূৰ্বে এসময়ত এই কমিটীৰ একমাত্ৰ মহিলা সদস্য আছিল সুষমা স্বৰাজ৷ দলটোৰ আন এক শীৰ্ষ সংগঠন ‘জাতীয় নিৰ্বাচন কমিটী’ৰো সদস্য সুধা যাদৱ৷ তথাপি এইগৰাকী নেত্ৰী দেশৰ বিভিন্ন ৰাজ্যৰ বিজেপি নেতাৰ মাজত সিমান পৰিচিত নহয়৷


তাতেই বিজেপিৰ ‘কেৰিজ্‌মা’, অপৰিচিতক একেকোবে আনি শীৰ্ষ পদত৷ এতিয়া দেশৰ বিজেপিশাসিত আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নাম একে উশাহত কৈ পেলোৱা টান৷ তাৰ অৰ্থ এয়া নহয় যে সেই সেই ৰাজ্যত মুখ্যমন্ত্ৰী নিৰ্বাচনৰ সময়ত ‘বিখ্যাত’ নেতাৰ অভাৱ আছিল৷ আনকি সাংসদ হোৱা সত্ত্বেও গোৰক্ষনাথ মন্দিৰৰ পুৰোহিত যোগী আদিত্যনাথকো উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হোৱাৰ আগলৈকে দেশবাসীয়ে চিনি পোৱা নাছিল৷ সুধা যাদৱৰ ক্ষেত্ৰতো তেনে হ’বলৈ গৈ থকা বুলিয়েও ৰাজধানীৰ বিজেপি দলৰ সীমিত সংখ্যকৰ মাজত ‘গভীৰ’ চৰ্চা হৈছে৷ ১৯৯৯ চনত সুধা যাদৱক হাৰিয়ানাৰ মহেন্দ্ৰগড় সমষ্টিত প্ৰাৰ্থিত্ব দিছিল তেতিয়াৰ সেই ৰাজ্যৰ পৰ্যবেক্ষক নৰেন্দ্ৰ মোদীয়ে৷ প্ৰথম নিৰ্বাচনত তেওঁ হেভীৱেইট প্ৰতিদ্বন্দ্বী ৰাও ইন্দ্ৰজিৎ সিঙক ১.৩৯ লাখ ভোটত পৰাস্ত কৰি সংসদলৈ নিৰ্বাচিত হৈছিল৷ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত ২০১৫ চনত সুধা যাদৱক বিজেপিৰ অ’বিচি মৰ্চাৰ কেন্দ্ৰীয় ইনচাৰ্জৰ দায়িত্ব দিয়া হয়৷ তাৰ পাছত ঢাপে ঢাপে সাংগঠনিক ক্ষেত্ৰত উত্তৰণ তেওঁৰ৷ তেতিয়াৰ পৰাই ‘ডাঙৰ’ দায়িত্বৰ বাবে তেওঁক শীৰ্ষতম নেতৃত্বই প্ৰস্তুত হ’বলৈ নিৰ্দেশ দিছিল৷

যোৱা ১ মাৰ্চত সুধা যাদৱৰ পুত্ৰ সিদ্ধাৰ্থৰ বিবাহ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদী উপস্থিত হোৱাৰ পাছতেই তেওঁক লৈ জল্পনা-কল্পনা বৃদ্ধি পাইছে৷ বিবাহ অনুষ্ঠানত মোদীৰ উপস্থিতি তাৰ এক কাৰক হিচাপে গণ্য কৰা হৈছে৷ অ’বিচি ভোটবেংক, মহিলা ভোটবেংক আৰু বিহাৰৰ যাদৱ ভোটৰ কথা বিবেচনা কৰি সুধা যাদৱৰ নাম বিবেচনালৈ আনিছে দলৰ শীৰ্ষ নেতৃত্বই৷ এয়া বিজেপিৰ ভোট অৰ্জনৰ ৰাজনীতিৰ ‘ছ’চিয়েল ইঞ্জিনিয়াৰিং’৷ সমাজলৈ একোটা স্থায়ী বাৰ্তা, মহিলাৰ সৱলীকৰণেই নহয়, মহিলাক শীৰ্ষস্থান প্ৰদানৰ লগতে যাদৱ ভোট– সকলো অংকৰ পৰাই সুধা যাদৱ এতিয়া বিজেপিৰ বাবে ‘বেষ্ট বেট’৷ কাৰ্গিল যুদ্ধৰ শ্বহীদ ডেপুটি কামাণ্ডেণ্ট সুখবীৰ সিং যাদৱৰ পত্নী সুধা যাদৱ যিকোনো দিনতে অধিষ্ঠিত হ’ব পাৰে বিজেপিৰ শীৰ্ষ আসনত৷ সমীকৰণ সকলো দিশে মিলি আছে,  এতিয়া কেৱল মোদী-শ্বাহৰ শেষ ইংগিতৰ অপেক্ষা৷