
হেহোঁনেহোঁকৈ মন্ত্ৰী সিংঘালৰ ক্ষমা প্ৰাৰ্থনা
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ মাৰ্চঃ হেহোঁনেহোঁকৈ ক্ষমা প্ৰাৰ্থনা কৰিলে মন্ত্ৰী অশোক সিংঘালে৷ ভাওনা সংস্কৃতি সন্দৰ্ভত অপমানসূচক মন্তব্য কৰি গণৰোষত পৰাৰ ভয়ত মন্ত্ৰী সিংঘালে ছ’চিয়েল মিডিয়াৰ মাধ্যমেৰে ক্ষমা বিচাৰে৷ অৱশ্যে তেওঁ ক্ষমা বিচৰা পোষ্টটোত ভাওনা সন্দৰ্ভত নেতিবাচক মন্তব্য দিয়াৰ কথা পুনৰ অস্বীকাৰ কৰে৷ পোষ্টটোত তেওঁ কয়– মহাপুৰুষজনাৰ অনুপম সৃষ্টি ভাওনা সন্দৰ্ভত মই নেতিবাচক মন্তব্য দিয়া বুলি শেহতীয়াকৈ এক প্ৰচাৰ চলোৱা হৈছে৷ কিন্তু মই এনে মন্তব্য দিয়া বুলি চলোৱা প্ৰচাৰ সম্পূৰ্ণ ভিত্তিহীন আৰু মই এনে মন্তব্য দিয়াৰ প্ৰশ্নই উত্থাপিত নহয়৷ কিন্তু সমগ্ৰ বিষয়টোক লৈ একাংশ সংবাদ মাধ্যমত বিভিন্ন বাতৰি প্ৰচাৰিত হৈছে আৰু বিষয়টো সন্দৰ্ভত জনমানসত এক ভুল ধাৰণাৰ সৃষ্টি কৰা হৈছে৷ এই বিষয়টোৱে কাৰোবাৰ মনত হয়তো দুখ দিব পাৰে৷ এই বিষয়টোক লৈ মই কোনো অনাহক বিতৰ্ক বিচৰা নাই যদিও বিষয়টোৱে যদি কাৰোবাৰ মনত দুখ দিছে, তেন্তে তাৰবাবে মই ক্ষমাপ্ৰাৰ্থী৷ উল্লেখ্য, গুৱাহাটী প্ৰেছ ক্লাৱৰ এটা সঁজাতী দলে মন্ত্ৰী অশোক সিংঘালক ভাওনাত নিমন্ত্ৰণৰ বাবে যোৱাৰ সময়ত মন্ত্ৰী সিংঘালে ভাওনা সংস্কৃতি সন্দৰ্ভত কেতবোৰ অপমানজনক মন্তব্য কৰিছিল৷ পাছত প্ৰেছ ক্লাবৰ এজন সদস্যই মন্ত্ৰীজনৰ এনে ভূমিকাক লৈ ছ’চিয়েল মিডিয়াত এটা পোষ্ট দিছিল৷ পোষ্টটোত কোৱা হৈছিল– ‘আজি গুৱাহাটী প্ৰেছ ক্লাবৰ team এ খুব challengeৰ মাজত আয়োজন কৰা ভাওনাত নিমন্ত্ৰণৰ বাবে মন্ত্ৰী অশোক সিংহলৰ তালৈ গৈছিল, মন্ত্ৰীয়ে কৈছে এই ভাওনাৰ কাম নাই, এইবোৰ সময় নষ্ট, মন্ত্ৰীৰ ক্ষমতা পোৱা মানেই এনে নহয় যে অসমীয়া সংস্কৃতিক অপমান কৰাৰ অধিকাৰ পাইছে, this is unacceptable আমি অসমীয়া অনা অসমীয়াৰ পাৰ্থক্য কৰিব নিবিচাৰোঁ, কিন্তু তাৰ মানে এইটো নহয় যে আমি দুৰ্বল, Wait n see, this is very very serious৷’ প্ৰেছ ক্লাবৰ সদস্যজনৰ এই পোষ্টে কাৰ্যতঃ ধুমুহাৰ সৃষ্টি কৰিছিল৷ বিভিন্ন ব্যক্তি-সংগঠনে অশোক সিংঘালৰ মন্তব্যক ভৎৰ্সনা কৰে৷ অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই বিধানসভাত ভৎৰ্সনা প্ৰস্তাৱ উত্থাপন কৰে৷ কিন্তু মন্ত্ৰী অশোক সিংঘালে এনে মন্তব্য কৰা নাই বুলি দাবী কৰাই নহয় তেওঁৰ বিৰুদ্ধে অভিযোগ আনি ছ’চিয়েল মিডিয়াত পোষ্ট কৰা সাংবাদিকজনক ক্ষমা খুজিবলৈ আহ্বান জনায়৷ অন্যথা তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ হুমকি দিয়ে৷ তেওঁ ছ’চিয়েল মিডিয়াযোগে কয়– গুৰুজনাৰ ভাওনাকলৈ মই অপমানসূচক মন্তব্য কৰা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত মই শেহতীয়াকৈ অৱগত হৈছোঁ৷ প্ৰথমতেই এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে, এই অভিযোগ সম্পূৰ্ণ মিছা আৰু মনেসজা৷ সংবাদ মাধ্যমৰ এটা প্ৰতিনিধি দল মোৰ ওচৰলৈ অহাটো সঁচা আৰু ভাওনালৈ তেওঁলোকে মোক নিমন্ত্ৰণ জনোৱাটোও সত্য৷ কিন্তু ভাওনাক কেন্দ্ৰ কৰি তাচ্ছিল্যসূচক কোনো কথা কোৱাটো দূৰৈৰ কথা তেনে কথা মোৰ কল্পনালৈ অহাটোৱেই অসম্ভৱ৷ গতিকে এনেদৰে কাহিনী সাজি আৰু তাৰ সৈতে মহাপুৰুষজনাৰ নাম সাঙুৰি জগতগুৰুজনাক অপমান কৰাৰ লগতে জনমানসত মোক হেয় প্ৰতিপন্ন কৰাৰ এই অপচেষ্টা কোনোপধ্যেই গ্ৰহণীয় হ’ব নোৱাৰে৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আমি একান্ত অনুগত আৰু তেখেতৰ সৃষ্টিৰাজিক সদায় শিৰনত কৰি আকোঁৱালি আহিছোঁ৷ যিগৰাকী গুৰুৰ সৃষ্টি-অৱদানেৰে সমগ্ৰ অসমীয়া জাতিটো সমৃদ্ধ; যিগৰাকী গুৰুৰ নাম লৈ প্ৰতিটো দিনৰ আমি আৰম্ভণি কৰোঁ– তেখেতক সাঙুৰি কৰা এই অপপ্ৰচাৰে মোক ব্যক্তিগতভাৱে যথেষ্ট মনোকষ্ট দিছে৷ অসমীয়া জাতীয় জীৱনৰ ভেটি গঢ়োঁতা গুৰুজনাৰ সৃষ্টিৰাজিক লৈ বক্তব্য প্ৰদান কৰাৰ ধৃষ্টতা আমাৰ নাই৷ এনেদৰে মিছাৰ আশ্ৰয় লৈ প্ৰতিগৰাকী অসমবাসীৰ আৱেগক কৰা অশ্ৰদ্ধা-অপমানক গৰিহণা দিছোঁ আৰু মোৰ বিৰুদ্ধে এই ষড়যন্ত্ৰত লিপ্ত হোৱা নিদ্দিৰ্ষ্ট সাংবাদিকগৰাকীক অনতিপলমে ক্ষমা খুজিবলৈ আহ৩ান জনাইছোঁ, অন্যথাই মই আইনৰ আশ্ৰয় ল’বলৈ বাধ্য হ’ম বুলিও স্পষ্ট কৰি দিছোঁ৷ মন্ত্ৰী সিংহলৰ এনে মন্তব্যৰ পাছত গুৱাহাটী প্ৰেছ ক্লাৱে নিজৰ সবল স্থিতি অক্ষুন্ন ৰাখি মন্ত্ৰী সিংঘালক ক্ষমা খুজিবলৈ দাবী জনায়৷ গুৱাহাটী প্ৰেছ ক্লাৱে এটা বিবৃতিত কয়– গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আয়োজিত ভাওনালৈ সৰ্বস্তৰৰ ব্যক্তি, ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনক নিমন্ত্ৰণ জনোৱা হৈছে৷ সেই উদ্দেশ্যে ৩ মাৰ্চত গুৱাহাটী প্ৰেছ ক্লাবৰ এটা প্ৰতিনিধি দলে মন্ত্ৰী অশোক সিংঘালক সাক্ষাৎ কৰোঁতে তেওঁ– ‘প্ৰেছ ক্লাবে ভাওনা কিয় পাতিব লাগে, ভাওনা ছেকুলাৰ নহয়’ জাতীয় বাক্যৰে গুৰুজনাক অপমান কৰা কাৰ্যৰ পাছত তেওঁৰ মানসিকতা সলনি কৰি স্পষ্টীকৰণ বিচাৰিছিল গুৱাহাটী প্ৰেছ ক্লাবে৷ কিন্তু ২৪ ঘণ্টা উকলি যোৱাৰ পাছতো সদুত্তৰ নাপালে অসমৰ ৰাইজে৷ মন্ত্ৰীজনে সামাজিক মাধ্যমত এই সম্পৰ্কে এটা প’ষ্ট কৰি এই কথা নস্যাৎ কৰিছে যদিও গুৱাহাটী প্ৰেছ ক্লাবে আজিও নিজৰ দৃঢ় স্থিতি অটুট ৰাখিছে আৰু অনতি পলমে মন্ত্ৰীজনক ক্ষমা খুজিবলৈ দাবী জনায়৷ মন্ত্ৰী সিংঘালৰ অশোভনীয় মন্তব্যক ধিক্কাৰ দিয়ে আছুৱেও৷ আছুৰ নেতৃত্বই কয়– গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত সাংবাদিকসকলে আয়োজন কৰা ভাওনা অনুষ্ঠানত নিমন্ত্ৰণ জনাবলৈ যাওঁতে অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘালে ভাওনা সম্পৰ্কে অশোভনীয় মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে৷ মন্ত্ৰী অশোক সিংঘালৰ এনে কাণ্ডক কঠোৰ ভাষাৰে গৰিহণা দিছে সদৌ অসম ছাত্ৰ সন্থাই৷ ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে এই সন্দৰ্ভত কয়– ভাওনা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অপূৰ্ব সৃষ্টি; অসমৰ স্বাভিমান৷ ভাওনা সম্পৰ্কে মন্ত্ৰী অশোক সিংহলে কৰা মন্তব্য ধিক্কাৰজনক৷ ছাত্ৰ সন্থাই গৰিহণা দিছোঁ৷ ছাত্ৰ সন্থাৰ স্পষ্ট মত– ভাওনাক অশ্ৰদ্ধা কৰা মানে অসমীয়া জাতিসত্তাক অপমান কৰা৷ অসমৰ খিলঞ্জীয়া মানুহৰ আৱেগ আৰু স্বাভিমানৰ সৈতে হেতালি নেখেলিবলৈ মন্ত্ৰী সিংঘালক সন্থাই কঠোৰ সকীয়নি প্ৰদান কৰিছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মায়ো অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে ভাওনা সম্পৰ্কে আপত্তিজনক মন্তব্য কৰাটো সহজভাবে লোৱা অনুচিত৷ মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীজনক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰাৰ পৰিৱৰ্তে ৰাজহুৱাভাৱে জবাবদিহি কৰিব লাগে৷ আছুকে ধৰি বিভিন্ন জাতীয় সংগঠন, ৰাজনৈতিক দলৰ ভৎৰ্সনা আৰু গুৱাহাটী প্ৰেছ ক্লাৱৰ এনে সবলস্থিতিৰ পাছত জনৰোষত পৰাৰ ভয়ত ক্ষমা বিচাৰে মন্ত্ৰী সিংহলে৷
মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে ঢেকীয়াজুলিৰ ৰাজপথত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ
‘আমাৰ অসম’ৰ ঢেকীয়াজুলিৰ বিশেষ প্ৰতিবেদক আৰু ঢেকীয়াজুলিৰ প্ৰতিবেদকঃ অসমৰ ভাওনা সংস্কৃতি আৰু সাতামপুৰুষীয়া একতাৰ ওপৰত মন্ত্ৰী অশোক সিংহলৰ আপত্তিজনক মন্তব্যৰ বিৰুদ্ধে ক্ষোভ উজাৰি মন্ত্ৰীজনৰ পদত্যাগ বিচাৰি বৃহস্পতিবাৰে ৰাজপথত নামি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে৷ ঢেকীয়াজুলি গ্ৰাম্য টাউন আৰু টাউন ব্লক কংগ্ৰেছৰ সহযোগত তথা শোণিতপুৰ জিলা কংগ্ৰেছৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয়৷ ঢেকীয়াজুলি নগৰৰ ৰাজপথত খোল-তাল বাদনেৰে ভাওনাৰ সাজ-পোছাক পৰিধান কৰি মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী কংগ্ৰেছ দলে হাতত লয়৷ একাংশ প্ৰতিবাদকাৰীয়ে ভাওনাৰ ভাৱৰীয়াৰ চৰিত্ৰ ৰূপদান কৰি খোল-তালবাদনেৰে গুৰুজনাৰ অমৰ সৃষ্টি ভাওনাক সন্মান কৰক, ভাওনা সংস্কৃতি জীয়াই ৰাখক, মন্ত্ৰী অশোক সিংহল মুৰ্দাবাদ, অসমীয়া সংস্কৃতিক অপমান কৰা বহিৰাগত মন্ত্ৰী সিংহলে পদত্যাগ কৰক ইত্যাদি শে¡াগানেৰে আকাশ-বতাহ কঁপাই তুলি মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰে৷ প্ৰতিবাদী কাৰ্যসূচীত শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকটকী, ঢেকীয়াজুলি ব্লক কংগ্ৰেছৰ জ্যেষ্ঠ নেতা বেণুধৰ নাথ, উৎপল নন্দী, হৰেণ বৈশ্য প্ৰমুখ্যে শতাধিক কংগ্ৰেছী নেতা-কৰ্মী উপস্থিত থাকে৷ ঢেকীয়াজুলিৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীগুপ্তেশ্বৰ দেৱালয়ত জ্জ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত মহাশিৱৰাত্ৰিৰ মহামেলাত উপস্থিত হৈ ইতিহাসপ্ৰসিদ্ধ শিৱমন্দিৰটি দৰ্শন কৰি ঢেকীয়াজুলিৰ স্থানীয় বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে এনেদৰে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল৷