অক্টোবৰৰ ভিতৰতে স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ মাৰ্চঃ ‘চলিত বৰ্ষৰ ছেপ্টেম্বৰ, অক্টোবৰ, ডিচেম্বৰৰ ভিতৰত আমি স্বায়ত্তশাসিত পৰিষদসমূহৰ নিৰ্বাচন অনুষ্ঠিত কৰিম৷ কিন্তু নিৰ্বাচন অনুষ্ঠিত নোহোৱা পৰ্যন্ত এটা সমাধানৰ সূত্ৰ উলিয়াবৰ কাৰণেই স্বায়ত্তশাসিত পৰিষদসমূহৰ সংশোধনী বিধেয়ক আনিছোঁ৷’– এই মন্তব্য ৰাজ্যৰ জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ৷ আজি বিধানসভাত মিচিং, বড়ো, কছাৰী, ঠেঙাল কছাৰী, দেউৰী, সোণোৱাল কছাৰী, ৰাভা হাচং আৰু তিৱা স্বায়ত্তশাসিত পৰিষদৰ সংশোধনী বিল গৃহীত হোৱাৰ পূৰ্বে সদনত বক্তব্য আগবঢ়ায় ডাঃ পেগুৱে কয়– ‘যিহেতু স্বায়ত্তশাসিত পৰিষদসমূহৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ এবছৰৰ এক্সটেনশ্বন ডেটো পাৰ হৈ গ’ল, গতিকে আমি এতিয়া কি কৰিব পাৰোঁ ইয়াৰ কাৰণেহে এই সংশোধনী বিধেয়ক আনিছোঁ৷ এই বিধেয়ক এক্সটেনশ্বনৰ কাৰণে নহয়, এক্সটেনণ্ডেড পিৰিয়ড শেষ হ’লে কৰিব পৰা ৰক্ষাকৱচ৷ যাতে পৰিষদসমূহ ওলমি নাযায়, আমি পৰিষদসমূহৰ নিৰৱচ্ছিন্নতা অক্ষুন্ন ৰাখিব পাৰোঁ৷
যদি কিবা কাৰণত এবছৰ পাৰ হোৱাৰ পাছতো পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত নহয়, তেন্তে ৰাজ্যপালে কোনোব্যক্তি, কতৃৰ্ত্ব বা অথৰিটী বা ইণ্টাৰিম কাউন্সিলৰ হাতত দায়িত্বভাৰ অৰ্পণ কৰিব পাৰিব৷ পূৰ্বতে ছমাহ, সৰ্বোচ্ছ এবছৰহে পৰিষদৰ ইণ্টাৰিম পিৰিয়ড আছিল৷ মন্ত্ৰীগৰাকীয়ে সদনত কয় যে বড়ো চুক্তি অনুসৰি নতুনকৈ গঠন কৰা বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰাত বিলম্ব হ’ল৷ একেদৰে নিৰ্বাচনৰ সময় চমু চাপি অহাৰ লগে লগে বিভিন্ন পক্ষই গাঁও কৰ্তন, অন্তৰ্ভুক্তিৰ দাবী তুলিলে৷ এনেকৈয়ে এবছৰ এক্সটেনণ্ডেড পিৰিয়ডো আমাৰ হাতৰ পৰা ওলাই গ’ল৷ মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৰা ২৭১খন গাঁও কৰ্তন কৰা হ’ল৷ ২৫৫খন গাঁৱৰ আংশিক কৰ্তন হ’ল আৰু আন ২৫৫খন গাঁও নতুনকৈ অন্তৰ্ভুক্ত হ’ল৷ তিৱা স্বায়ত্তশাসিত পৰিষদত ধেমাজি আৰু নগাঁৱৰ পৰা দুটা সমষ্টি নতুনকৈ অন্তৰ্ভুক্ত হ’ল৷ মিচিং, ৰাভা, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ হাতত আমি সংশ্লিষ্ট ভাষাত স্থানীয় চৰকাৰী বিদ্যালয়ৰ পাঠ্যপুথি ছপা কৰা আৰু বিতৰণৰ দায়িত্ব অৰ্পণ কৰিম৷ কাৰ্বি চুক্তিমতে কাৰ্বি ৱেলফেয়াৰ কাউন্সিল গঠনৰো প্ৰস্তাৱ বিবেচনাধীন হৈ আছে৷’






