Logo
image

দীপৰ বিলত জমা হৈছে ২ লাখ মেট্ৰিকটন জাবৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ মাৰ্চঃ  গুৱাহাটীৰ মহানগৰীৰ আবৰ্জনা যে দীপৰ বিলৰ সমীপত দম বান্ধিছে এই কথা আজি সদনত স্বীকাৰ কৰিলে নগৰ পৰিকল্পনা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷ অগপ বিধায়ক ৰমন্দ্ৰে নাৰায়ণ কলিতাই উত্থাপন কৰা এক বিষয় সন্দৰ্ভত উত্তৰ দি মন্ত্ৰী বৰুৱাই কয়–‘সম্প্ৰতি প্ৰায় দুই লাখ মেট্ৰিকটন জাবৰ দীপৰ বিলৰ সমীপৰ বেলৰতল ডাম্পিং গ্ৰাউণ্ডত জমা হৈ আছে৷ প্ৰতি দিনে ডেৰশ মেট্ৰিক টন জাবৰ প্ৰচেছ কৰি থকা হৈছে৷ এই প্ৰচেছ ক্ষমতা ৩০০ মেট্ৰিক টনলৈ বঢ়োৱা হ’ব৷ প্ৰতিদিনে ৪০০-৫০০ মেট্ৰিক টন  জাবৰ বেলৰতলৰ ডাম্পিং গ্ৰাউণ্ডত জমা হৈ আছে৷’ উল্লেখ্য যে আজি বিধানসভাত ৰুল ৩০১১ অধীনত বিধায়ক ৰমেন নাৰায়ণ কলিতাই বিষয়টো উত্থাপন কৰি বিধানসভাত কয়– ‘পশ্চিম বৰাগাঁৱৰ বেলৰতলত দীপৰ বিলৰ কাষত থকা ডাম্পিং গ্ৰাউণ্ডত প্ৰতিদিনে গুৱাহাটীৰ ৬০টা ৱাৰ্ডৰ শ শ টন জাবৰ পেলোৱা হৈছে৷ জাবৰৰ লগতে জীৱ-জন্তুৰ মৃত দেহো তাত পেলোৱা হয়৷


এই জাবৰৰ দুগন্ধৰ ফলত মইনাখোৰোং, পামহি চকৰদৈ আদি স্থানীয় অঞ্চলৰ মানুহ অতিষ্ঠ হৈ পৰিছে৷ গোটেই অঞ্চলটো প্ৰদূষিত হৈছে৷ তদুপৰি বাহিনী, ভৰলু আৰু মৰা ভৰলুৰ আৱৰ্জনা লেতেৰা পানীও একে স্থানত পামহি চেনেলত সংযোগ কৰা হৈছে৷ এই পামহি চেনেলৰ পানী দীপৰ বিলত পৰিছে৷ ফলত দীপৰ বিল সাংঘাটিক ধৰণে প্ৰদূষিত হৈছে৷ দীপৰ বিলৰ জলজ উদ্ভিদ, মাছ আদি ধবংস মুখলৈ গতি কৰিছে৷ ডাম্পিং গ্ৰাউণ্ডত জাবৰ জ্বলাই দিয়াৰ ফলত অঞ্চলটো ছাই কলা ধোঁৱাৰে ছানি ধৰিছে৷ দুই-তিনিমাহলৈ জুই জ্বলিয়েই থাকে৷ মুখ্যমন্ত্ৰীয়ে ডাম্পিং গ্ৰাউণ্ডৰ আধুনিকৰণৰ বাবে ১০০ কোটি টকাৰ ঘোষণা কৰিছিল যদিও কাম হোৱা নাই৷ অতি সোনকালে সেই স্থানৰ পৰা ডাম্পিং গ্ৰাউণ্ডটো স্থানান্তৰিত কৰিব লাগে৷ ইয়াৰ প্ৰত্যুত্তৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গুৱাহাটীৰ বিধায়কসকল নিজ নিজ সমষ্টিৰ বাবে জাবৰ নিষ্কাষণৰ এটুকুৰা স্থান উলিয়াই দিবৰ বাবে আহ৩ান জনায়৷ তেওঁ কয় যে গুৱাহাটীৰ  জাবৰ কাষৰীয়া গ্ৰামাঞ্চলত পেলোৱাটো স্থানীয় গাঁৱৰ মানুহে মানি নলয়৷ সেয়েহে চন্দ্ৰপুৰলৈ আমি ডাম্পিঙৰ গ্ৰাউণ্ড স্থানান্তৰিত কৰিব নোৱাৰিলোঁ৷