এব্ছুৰ অধিৱেশনত ভাগ লোৱাৰ বাবে অসমলৈ অমিত শ্বাহ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ মাৰ্চঃ ১৪ মাৰ্চত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীজন৷ মূলতঃ এবছুৰ অধিৱেশনত ভাগ লোৱাৰ বাবে অসমলৈ আহিব অমিত শ্বাহ৷ ১৪ মাৰ্চৰ নিশা তেওঁ দেৰগাঁৱত উপস্থিত হ’ব৷ ১৫ মাৰ্চৰ পুৱা তেওঁ মুকলি কৰিব অসম আৰক্ষীৰ প্ৰশিক্ষণ কেন্দ্ৰ৷
দেৰগাঁৱৰ পৰা পোনে পোনে তেওঁ যাত্ৰা কৰিব মিজোৰামলৈ৷ সন্ধিয়া গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলৰে বৈঠকত মিলিত হ’ব কেন্দ্ৰীয় মন্ত্ৰী শ্বাহ৷ ১৬ মাৰ্চত তেওঁ কোকৰাঝাৰলৈ যাব৷ কোকৰাঝাৰত অনুষ্ঠিত হ’বলগীয়া এবছুৰ অধিৱেশনত তেওঁ ভাগ ল’ব৷ কোকৰাঝাৰৰ পৰাই দিল্লীলৈ উভতিব৷ বিটিআৰৰ পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে অকলেই অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰাৰ সময়ত অমিত শ্বাহে বিটিআৰ ভ্ৰমণৰ কাৰ্যসূচী লোৱাটো তাৎপৰ্যপূৰ্ণ৷






