Logo
image

‘ভূত’ খেদিবলৈ ইউনিক এপিক নাম্বাৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৮ মাৰ্চঃ  ভোটাৰ তালিকাত থকা ‘ভৌতিক’ ভোটাৰক লৈ এইবাৰ চৰম বিপদত দেশৰ নিৰ্বাচন আয়োগ৷ একেটা ‘এপিক’ নম্বৰতে একাধিক ভোটাৰৰ নাম থকাৰ ঘটনাত ভোটাৰৰ প্ৰকৃত পৰিচয় লৈ সন্দেহৰ সৃষ্টি হোৱাত বিগত কেইদিনত দেশৰ ৰাজনীতি উত্তপ্ত হৈ আছে৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই সন্দৰ্ভত অভিযোগ উত্থাপন কৰি কৈছিল– মহাৰাষ্ট্ৰ আৰু দিল্লীৰ দৰে পশ্চিম বংগৰ ভোটাৰ তালিকাত প্ৰতিবেশী ৰাজ্যৰ পৰা ভোটাৰ অবৈধভাৱে অন্তৰ্ভুক্ত কৰা হৈছে৷ এইক্ষেত্ৰত প্ৰায় অকাট্য যুক্তি দি তেওঁ কৈছিল– একেটা ‘এপিক’ নম্বৰতে (সচিত্ৰ পৰিচয়-পত্ৰ) ভিন ভিন ব্যক্তিৰ  নাম আছে৷ মমতা বেনাৰ্জীৰ এই গুৰুতৰ অভিযোগৰ পাছত বিৰোধী ৰাজনৈতিক দলে নিৰ্বাচন আয়োগক কাঠগড়াত তুলিছিল৷ আৰম্ভ হৈছিল অভিযোগ, প্ৰতি-অভিযোগ৷ সৃষ্টি হৈছিল সন্দেহৰ৷ এনে এক সন্দেহৰ বাতাবৰণৰ মাজতে ‘এপিক’ নম্বৰ বিতৰ্কৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হ’ল নিৰ্বাচন আয়োগ৷ শুকুৰবাৰে নিৰ্বাচন আয়োগে বাধ্য হৈ ঘোষণা কৰিলে, এতিয়াৰ পৰা দেশৰ ভোটাৰৰ পৰিচয়ৰ ক্ষেত্ৰত একে ‘এপিক’ নম্বৰ ভিন ভিন ভোটাৰৰ ক্ষেত্ৰত নাথাকিব৷ ইয়াৰ পৰিৱৰ্তে প্ৰত্যেক ভোটাৰৰ বাবে ‘ইউনিক এপিক’ নম্বৰ অৰ্থাৎ পৃথক বা একক নম্বৰৰ ব্যৱস্থা কৰিব নিৰ্বাচন আয়োগে৷ অহা ৩ মাহৰ ভিতৰতে নিৰ্বাচন আয়োগে এই সন্দৰ্ভত প্ৰাথমিক কাম-কাজ আৰম্ভ কৰিব৷

এই পদক্ষেপৰ বিষয়ে ঘোষণা কৰিয়েই পুনৰ আন এক বিপদ অথবা ততোধিক গুৰুতৰ অভিযোগৰ সন্মুখীন হৈছে নিৰ্বাচন আয়োগ৷ কিয়নো তাৎক্ষণিকভাৱে তৃণমূল কংগ্ৰেছকে ধৰি বিৰোধী ৰাজনৈতিক দলে হুলস্থূল আৰম্ভ কৰি দিছে যে, তেওঁলোকে উত্থাপন কৰা অভিযোগ সত্য আছিল৷ অৰ্থাৎ একেটা ‘এপিক’ নম্বৰ ব্যৱহাৰৰ জৰিয়তে দেশত অনেক ‘ভৌতিক’ বা ‘অশৰীৰি’ ভোটাৰ সৃষ্টি কৰা হৈছিল৷ তৃণমূল কংগ্ৰেছ আৰু বিৰোধী দলৰ অভিযোগ সত্য আছিল বুলি দেশজুৰি দাবী আৰম্ভ হৈ গৈছে৷ তাৎক্ষণিকভাৱে সৃষ্টি হোৱা অভিযোগত ‘ডাবল ট্ৰাবল’ৰ সন্মুখীন হৈছে নিৰ্বাচন আয়োগ৷ সেয়ে নিৰ্বাচন আয়োগে লগে লগে পুনৰ স্পষ্টীকৰণ দিবলৈ বাধ্য হৈছে৷ নিৰ্বাচন আয়োগে জনাইছে, ভিন ভিন ৰাজ্যত থকা ভোটাৰৰ ‘এপিক’ নম্বৰ একে হ’লেও তেওঁলোক পৃথক পৃথক ভোটাৰ, তেওঁলোকৰ প্ৰত্যেকৰে একক কায়িক অস্তিত্ব আছে, ভৌতিক নহয়৷ নিৰ্দিষ্ট সমষ্টিত প্ৰত্যেকৰে ভোটাৰ তালিকাত নামসহ নম্বৰ অন্তৰ্ভুক্ত আছে৷ সেয়ে নম্বৰ একে হ’লেও য’তে ত’তে তেওঁলোকে ভোটদান কৰিব নোৱাৰে৷ একেটা ‘এপিক’ নম্বৰ সৃষ্টি হৈছে ভোটাৰৰ নাম ‘মেনুৱেলী’ অন্তৰ্ভুক্ত কৰাৰ বাবে আৰু ঠায়ে ঠায়ে বিকেন্দ্ৰীভূতভাৱে তালিকাভুক্ত কৰাৰ ফলত৷ একে ‘এপিক’ নম্বৰ থকাৰ অৰ্থ দেশৰ কোনো ভোটাৰ ‘ডুপ্লিকেট’ বা ভৌতিক নহয়৷


কিন্তু কোনে শুনে নিৰ্বাচন আয়োগৰ কথা৷ অন্ততঃ নিৰ্বাচন আয়োগে ভোটাৰ তালিকাৰ পৰা ‘ভূত’ খেদাৰ কথা ঘোষণা কৰাৰ লগে লগে এইক্ষেত্ৰত থকা সন্দেহ অধিক গাঢ়তৰ হৈছে৷ তৃণমূল কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ৰাজনৈতিক দলে নিৰ্বাচন আয়োগৰ দাবী মানি লোৱা নাই৷ এয়া বিৰোধী দলৰ নৈতিক বিজয় বুলি দাবী কৰা হৈছে৷ বিৰোধী দলৰ দাবী– মহাৰাষ্ট্ৰ আৰু দিল্লীত নিৰ্বাচন আয়োগে যিদৰে অবৈধভাৱে ভোটাৰৰ সংখ্যা বৃদ্ধি কৰিছিল, সেয়া এইবাৰ উন্মোচিত হৈ পৰিল৷ উল্লেখ্য, মহাৰাষ্ট্ৰত লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ মাজত প্ত মাহত ৪৯ লাখ ২ হাজাৰ ৯০৫জন ভোটাৰ বৃদ্ধি হৈছিল৷ সেই বৃদ্ধি অস্বাভাৱিক বুলি বাৰম্বাৰ দাবী কৰি আহিছিল ৰাহুল গান্ধীয়ে৷ তেওঁ নিৰ্বাচন আয়োগৰ ৱেবছাইটৰ পৰা আহৰণ কৰা তথ্য সকলোকে দেখুৱাই সংবাদমেলত মহাৰাষ্ট্ৰত ৫ মাহত ভোটাৰৰ বৃদ্ধি সন্দেহজনক বুলি দাবী কৰিছিল৷ লোকসভা নিৰ্বাচনৰ সময়ত মহাৰাষ্ট˜ত আছিল ৯২,৮৯০,৪৪৫জন ভোটাৰ৷ তাৰ ৫ মাহ পাছত বিধানসভা নিৰ্বাচনত একেখন ৰাজ্যত ভোটাৰৰ সংখ্যা ৯৭,৭৯৩,৩০৫জনলৈ বৃদ্ধি পোৱা বুলি নিৰ্বাচন আয়োগেই জনাইছে৷ কিন্তু আয়োগে এই বৃদ্ধিৰ কাৰণ হিচাপে কোনো গ্ৰহণযোগ্য যুক্তি আগবঢ়াব পৰা নাই৷ দিল্লীৰ ক্ষেত্ৰতো আম আদমি পাৰ্টীয়ে অনুৰূপ অভিযোগ উত্থাপন কৰিছিল৷ সেয়ে এই সন্দেহজনক পৰিস্থিতিত নিৰ্বাচন আয়োগে ‘ইউনিক এপিক’ নম্বৰৰ বিষয়ে ঘোষণা কৰিলেও অভিযোগমুক্ত হ’ব পৰা নাই৷