
কেজৰিৱাল যদি গ্ৰেপ্তাৰ হ’ব পাৰে, তেন্তে অসমত কিয় গ্ৰেপ্তাৰ নহ’ব অভিযুক্ত
‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তা, ৮ মাৰ্চঃ কেগৰ প্ৰতিবেদনৰ আধাৰত যদি দিল্লীৰ সুৰা কেলেংকাৰিৰ বাবে ৰাজ্যখনৰ তদানীন্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল গ্ৰেপ্তাৰ হ’ব পাৰে, তেনেহ’লে একেই কেগৰ প্ৰতিবেদনৰ আধাৰত অসমৰ কয়লা কেলেংকাৰিত জড়িতসকল কিয় গ্ৰেপ্তাৰ কৰা নহয় বুলি প্ৰশ্ন উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই৷ আজি দলটোৰ মুখ্য কাৰ্যালয়ত সাংবাদিকসকলৰ সৈতে হোৱা বাৰ্তালাপত ভূঞাই কয় যে অসমত ২৬৩টা অবৈধ কয়লা খনি আছে বুলি বিভাগীয় মন্ত্ৰীয়ে অসম বিধানসভাত স্বীকাৰ কৰিছে৷ কিন্তু অবৈধ খনিসমূহ চলাই থকা লোকৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰাটো আ(ৰ্যজনক৷ উক্ত অবৈধ কয়লা খনিসমূহ চলোৱাৰ অনুমতি দিয়া অসম খনি উন্নয়ন নিগম চমুকৈ এ এম ডি চিৰ তদানীন্তন পৰিচালন সঞ্চালক আনন্দ নটৰাজনৰ বিৰুদ্ধে একো ব্যৱস্থা গ্ৰহণ নকৰাকৈ চৰকাৰে তেওঁক স-সন্মানে নিজৰ মূল বিভাগ বন বিভাগলৈ উভতি যোৱাৰ ব্যৱস্থা কৰি দিলে৷
একেদৰে উক্ত খনিসমূহ চলোৱাৰ সুযোগ দিয়া ডিমা হাছাও, কাৰ্বি আংলং আৰু তিনিচুকীয়া জিলাৰ আয়ুক্ত, আৰক্ষী অধীক্ষক, জিলা বন বিষয়াসহ সংশ্লিষ্ট দায়িত্বাধিকাৰীসকলৰ বিৰুদ্ধেও চৰকাৰে একো ব্যৱস্থা গ্ৰহণ নকৰিলে৷ ভূঞাই কয় যে দিল্লীৰ সুৰা কেলেংকাৰি দিল্লীৰ সেই সময়ৰ ৰাজ্য চৰকাৰৰ জ্ঞাতসাৰে সংঘটিত হোৱা বুলি কেগৰ প্ৰতিবেগনত উল্লেখ থকা কথাটোকে আধাৰ হিচাপে লৈ দিল্লীৰ তেতিয়াৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হৈছিল৷ কিন্তু অসমত এ এম ডি চিয়ে প্ৰয়োজনীয় অনুমোদন নোলোৱাকৈ বেআইনীভাৱে কয়লা খননৰ অনুমোদন দিয়া বুলি ২০২২-২৩ আৰু ২০২৩-২৪ দুয়ো বৰ্ষৰ কেগৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে৷ কিন্তু তৎস্বত্বেও নটৰাজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল৷ ইয়াৰ পৰাই কয়লা কেলেংকাৰিৰ সৈতে ৰাজ্য চৰকাৰৰ শীৰ্ষ মহল জড়িত থকাটো স্পষ্ট হয় বুলি ভূঞাই মত প্ৰকাশ কৰে৷