৩য়-৪ৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ মাৰ্চঃ আকাশ চুম্বী কাট অফ মাৰ্কেৰে বৃহস্পতিবাৰে মাজনিশা অৰ্থাৎ নিশা ১২ বজাত ঘোষণা কৰা হয় এ ডি আৰ ইৰ ২.০ৰ ফলাফল৷ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ মুঠ ৮ টা শাখাত ১২,৬৭৩ টা পদৰ বিপৰীতে অনুষ্ঠিত কৰা হৈছিল লিখিত পৰীক্ষা৷ কেউটা পদৰ বিপৰীতে প্ৰায় গগণচুম্বী কাট অফ মাৰ্কৰ বাবে বহু প্ৰাৰ্থী আশাহত হৈছে৷ এ ডি আৰ ইয়ে অনুষ্ঠিত কৰা তৃতীয় বৰ্গৰ উচ্ছতৰ মাধ্যমিক উত্তীৰ্ণ সাধাৰণ পদৰ ক্ষেত্ৰত কাট অফ মাৰ্ক ১১৯.৫০ আৰু বিজ্ঞান শাখাৰ ক্ষেত্ৰত কাট অফ মাৰ্ক ১২৬.২৫ সাধাৰণ স্নাতক উত্তীৰ্ণৰ ক্ষেত্ৰত কাট অফ মাৰ্ক ১৩৭.৭৫, কম্পিউটাৰ চাৰ্টিফিকেটসহ স্নাতক উত্তীৰ্ণৰ ক্ষেত্ৰত ১১৭, গ্ৰন্থগাৰ বিষয়ৰ স্নাতকৰ ক্ষেত্ৰত ১১১ আৰু ষ্টেনোগ্ৰাফী সহ স্নাতকৰ ক্ষেত্ৰত কাট অফ মাৰ্ক ১১২.৫০ লৈ উঠে৷ কেউটা শাখাৰ ভিতৰত সৰ্বাধিক কাট অফ মাৰ্ক উঠে ড্ৰাইভাৰ পদৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত৷ ড্ৰাইভাৰ পদৰ বিপৰীতে কাট অফ মাৰ্ক ১২৭.৫০ লৈ উত্তৰণ হয়৷ ওপৰত উল্লেখ কৰা কাট অফ মাৰ্ক ‘অপেন কেটেগৰী’ৰ বাবে৷ সংৰক্ষিত আসনৰ বিপৰীতে কেউটা পদৰ বিপৰীতে কাট অফ মাৰ্ক হ্ৰাস পাইছে৷ কেউটা পদৰ বিপৰীতে প্ৰায় জ্জ্ব লাখ ২৭ হাজাৰ ১৩০ জন প্ৰাৰ্থীয়ে আবেদন কৰিছিল৷
ইয়াৰে ভিতৰত চতুৰ্থ বৰ্গৰ পদৰ বিপৰীতে আবেদন কৰিছিল প্ৰায় ৫,৫২,০০২ জন প্ৰাৰ্থীয়ে৷ ১৪৮৪ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছিল উক্ত পৰীক্ষা৷ এ ডি আৰ ইৰ কাট অফ মাৰ্ক বহু ওপৰলৈ উঠাক লৈ ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এ চি এছ বা তেনে পৰ্যায়ৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা প্ৰাৰ্থীহে এ ডি আৰ ইত উত্তীৰ্ণ হোৱা বুলি অভিযোগ উঠিছে৷ তাৰ মাজতে এ ডি আৰ ইৰ কাট অফ মাৰ্ক সন্দৰ্ভত স্থিতি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁ কয়– কাট অফ মাৰ্ক হাই বা ল’ বুলি কোনো কথা নাথাকে৷ যদি প্ত হাজাৰ পদ খালী হৈ আছে প্ত হাজাৰ পদৰ বিপৰীত ১০ হাজাৰ মানুহক মৌখিক পৰীক্ষালৈ মাতিব৷ গতিকে ১০ হাজাৰ হৈ যোৱাৰ লগে লগে এইটো কাট অফ মাৰ্ক হৈ যায়৷ কাট অফ মাৰ্ক হাই বা ল’ কোনেও কৰিব নোৱাৰে৷ এইটো মেৰিটৰ ওপৰত নিৰ্ভৰ কৰে৷ যদি ১০ হাজাৰৰ ভিতৰত বেছি চোকা মানুহ সোমাই যায় তেতিয়া কাট অফ মাৰ্ক বেছি হৈ যায়৷ কাট অফ মাৰ্ক কোনেও নিৰ্ধাৰণ কৰি নিদিয়ে৷ এইটো চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া কথা নহয়৷






