গোসাঁইগাঁৱত কেন্দ্ৰীয় ভাৱে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
'আমাৰ অসম'ৰ গোসাঁইগাঁৱৰ প্ৰতিবেদকঃ আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে গোসাঁইগাঁৱতো উলহ-মালহেৰে পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। ইউ পি পি এলৰ কেন্দ্ৰীয় মহিলা সমিতিৰ উদ্যোগত পালন কৰে নাৰী দিৱস। গোসাঁইগাঁও মহকুমা সদৰ চহৰৰ উত্তৰ পাৰাত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় নাৰী দিৱস। পুৱা পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় সভানেত্রী প্ৰতিমা ব্ৰহ্মই। ইয়াৰ পিছত বিভিন্ন জাতি জনগোষ্ঠীৰ হেজাৰ হেজাৰ মহিলাৰ সহযোগত উলিওৱা হয় বিশাল শোভাযাত্ৰা। বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰেবৰণীয় সাজ-পোছাক পৰিধান কৰা মহিলা সকলে বিভিন্ন শ্লোগান সম্বলিত প্লেকাৰ্ড হাতে-হাতে লৈ অংশগ্ৰহণ কৰে। হেজাৰ হেজাৰ মহিলাই অংশগ্ৰহণ কৰা শোভাযাত্ৰা গোসাঁইগাঁও সদৰ চহৰ পৰিভ্ৰমণ কৰি এক উৎসৱ মুখৰ কৰি তোলে।
শোভাযাত্ৰাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় সমিতিৰ সভানেত্রী গৰাকীয়ে সাংবাদিকৰ আগত কয় যে, আজিৰ দিনত মহিলা সকলে পিছ পৰি থকা নাই। পুৰুষৰ সমানে সমানে আগুৱাই আহিছে। সমাজত মহিলা সকলৰ কৃতিত্ব আছে, ইয়াক হিচাপ কৰিব নোৱাৰি। ৰাজনীতি, শিক্ষা, ব্যৱসায়-বাণিজ্য আদি কৰি সকলো দিশতে মহিলাই আগবাঢ়ি আহিছে। মহিলা সকলে যাতে সমাজৰ পৰা লাঞ্চিত, শোষিত, বঞ্চিত নহয় তাৰ বাবে সজাগ হ'ব লাগিব। মহিলা অবিহনে এখন সুস্থ সমাজ গঢ় দিব নোৱাৰি। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ উপৰি বিটিচি চৰকাৰে মহিলা সকলৰ উন্নয়নৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে বুলিও উল্লেখ কৰে।






