Logo
image

জাগুন ইউকো বেংকত আজৱ কাণ্ড, বেংক কৰ্মচাৰীয়ে হৰলুকি কৰিলে গ্ৰাহকৰ জমা ধন

'আমাৰ অসম' জাগুনৰ প্ৰতিবেদকঃ আপুনি আপোনাৰ কষ্টোপাৰ্জিত ধন বেংকত জমা ৰাখি নিজকে সুৰক্ষিত বুলি অনুভৱ কৰে নেকি? সাৱধান, আপোনাৰ জমা ধন বেংকত সুৰক্ষিত নহ'বও পাৰে। আপোনাৰ বেংক একাউণ্টৰ বিপৰীতে এ টি এম উলিয়াই বেংক কৰ্মচাৰীয়ে আপোনাৰ সকলো জমা ধন আত্মসাত্‍ কৰিবও পাৰে। এনেধৰণৰ এক ঘটনা সংঘটিত হৈছে মাৰ্ঘেৰিটা সম জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত জাগুন ইউকো বেংকত। জানিব পৰা অনুসৰি, বিষ্ণু দেৱ হাজং নামৰ এজন লোকে জাগুন ইউকো বেংকত নিজৰ নামত থকা একাউণ্টত ১ লাখ ২৭ হাজাৰ টকা জমা ৰাখিছিল। উক্ত ধনৰাশি বিষ্ণু দেৱ হাজঙে বেংকৰ পৰা উলিয়াবলৈ গৈ দেখে যে তেওঁৰ জমা ধন একাউণ্টত নাই। এই কথাত হতভম্ব হৈ বিষ্ণু দেৱ হাজঙে বেংক কৰ্তৃপক্ষক অৱগত কৰোৱাত বেংক কৰ্তৃপক্ষই বিষ্ণু হাজঙে নিজে এ টি এম যোগে ধনৰাশি উলিয়ায় নিয়া বুলি জানিবলৈ দিয়ে। সত্য কথাটো হ'ল যে বিষ্ণু দেৱে কোনো দিনাই এ টি এমৰ বাবে আৱেদন কৰা নাছিল আৰু বেংক কৰ্তৃপক্ষৰ ফালৰ পৰাও এ টি এম লাভ কৰা নাছিল।


উক্ত ঘটনাৰ পিছত উপায়হীন হৈ বিষ্ণু দেৱে বেংক প্ৰবন্ধক আৰু জাগুন আৰক্ষী চকীত একাউণ্টৰ পৰা ধন হৰলুকিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। এই বিষয়ে তদন্ত চলি থকাৰ মাজতে আচৰ্যজনক ভাৱে জাগুনৰ এখন দোকানত ইউকো বেংকৰ অস্থায়ী কৰ্মচাৰী ৰাজ কুমাৰ ৰায় নামৰ কৰ্মচাৰী জনে বিষ্ণু দেৱ হাজঙক মাতি আনি এক লাখ টকা নগদ আৰু ২৭ হাজাৰ টকাৰ এখন চেক প্ৰদান কৰি অভিযোগ প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। এই কথা বিভিন্ন জনৰ মাজত বিয়পি পৰাত অধিক তদন্তৰ অন্তত সম্পূৰ্ণ তথ্য পোহৰলৈ আহে। তথ্য অনুযায়ী বেংকটোৰ অস্থায়ী কৰ্মচাৰী ৰাজ কুমাৰ ৰায়ৰ সৈতে কিছুদিন পূৰ্বে বদলি হৈ যোৱা সহকাৰী প্ৰবন্ধক পুণেশ্বৰ টাইত আৰু কেৰাণী বিশ্বদ্বীপ চৰকাৰ লগ হৈ উক্ত ধন হৰলুকিৰ ঘটনা সংঘটিত কৰিছিল। এই তিনিও গৰাকী বেংক কৰ্মচাৰীয়ে বিষ্ণু দেৱৰ নামত এ টি এম উলিয়াই সমগ্ৰ ঘটনা সংঘটিত কৰি আহিছিল। এই কৰ্মচাৰী কেইজনৰ বিৰুদ্ধে বেংক কৰ্তৃপক্ষই কেনে ধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হ'ব।