
উচ্ছেদৰ নামত নিৰীহ লোকক হাৰাশাস্তি কৰা বন্ধ কৰকঃ চিপিআই(এম)
'আমাৰ অসম'ৰ মহানগৰ সংবাদ, ৮ মাৰ্চঃ কামৰূপ মহানগৰ জিলাৰ বিৰুবাৰী অঞ্চলৰ সুৰবালা বৰদলৈ পথৰ আশে-পাশে শুকুৰবাৰে কৰা উচ্ছেদ অমানৱীয় কাৰ্য বুলি আখ্যা দিয়ে চি পি আই(এম)ৰ কামৰূপ মহানগৰ জিলা কমিটিয়ে। শনিবাৰে মহানগৰ জিলা কমিটীৰ এটা সজাতি দলে উচ্ছেদিত অঞ্চলত উপস্থিত হৈ নিৰ্মমভাৱে ভাঙি দিয়া বাসস্থানৰ গৰাকীসকলক সাক্ষাৎ কৰি তেওঁলোকৰ সমস্যা সম্পৰ্কে বুজ লয়। উচ্ছেদিত লোকৰ ভাষ্যৰে এটা কথাই বুজি পোৱা যায় যে সেই অঞ্চলত বহুবছৰ ধৰি তাত বসবাস কৰি আছে। আনকি চৰকাৰী আঁচনিৰে সেই অঞ্চলত ৰাস্তা পকীকৰণ, বিদ্যুত সংযোগীকৰণ, পানী যোগান আদিৰ জৰিয়তে উক্ত অঞ্চল উন্নয়ন কৰা হৈছে। যোৱা কিছুবছৰ ধৰি তাত থকা বাসিন্দাক মাটি পট্টাও প্ৰদান কৰা হৈছে। এনে পৰিপ্ৰেক্ষিতত অঞ্চলটোত নিষ্ঠুৰভাৱে ঘৰ, সা-সম্পত্তি নষ্ট কৰি উচ্ছেদ কৰাটো কোনো প্ৰকাৰে যুক্তি সংগত নহয়।
যদিহে উক্ত অঞ্চলটোত চৰকাৰৰ কিবা নিৰ্মাণ আচঁনি থাকে তেনেহ'লে তাত যোৱা কেইবাবছৰ ধৰি উন্নয়নৰ বাবে চৰকাৰী ধনৰ অনুদান দি ৰাজহুৱা ধনৰ অপচয় কৰাৰ অধিকাৰ জনপ্ৰতিনিধিসকলে ক'ত পালে বুলি চি পি আই(এম)ৰ কামৰূপ মহানগৰ জিলা কমিটিয়ে আজিৰ এই বিজ্ঞপ্তিৰে চৰকাৰী পক্ষক প্ৰশ্ন উত্থাপন কৰে। লগতে কয় যে একেটা অঞ্চলতে উচ্ছেদৰ নামত নানা চৰ্তাৱলী প্ৰয়োগ কৰা কাৰ্যই স্থানীয় বাসিন্দাসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। বিজেপিৰ চৰকাৰখনৰ অমৃতকালৰ অমৃত আঁচনি বসুন্ধৰা-২.০/৩.০ ৰ পয়োভৰৰ সময়ত অমানৱীয় উচ্ছেদ কাৰ্যত কমিটিয়ে আশ্চৰ্য্য প্ৰকাশ কৰে। চি পি আই(এম)ৰ কামৰূপ মহানগৰ জিলা কমিটিয়ে এই উচ্ছেদ কাৰ্য বন্ধ ৰাখি বহু বছৰ ধৰি তাত বসবাস কৰি থকা বাসিন্দাসকলক পুনৰ সংস্থাপন তথা ক্ষতিপূৰণ দিবলৈ দাবী জনায়।