আন্তৰ্জাতিক নাৰী দিৱসত উত্তৰ গুৱাহাটীত অসমীয়া খাদ্যৰ ৰন্ধন প্ৰতিযোগিতা
'আমাৰ অসম'ৰ আমিনগাঁৱৰ প্ৰতিবেদকঃ আন্তৰ্জাতিক নাৰী দিৱসৰ সংগতি ৰাখি শনিবাৰে উত্তৰ গুৱাহাটী মধ্যমখণ্ডত এক আকৰ্ষণীয় অনুষ্ঠান আয়োজন কৰা হয়। মধ্যমখণ্ডস্থিত 'সিন্ধিশা গ্ৰীণচ'ৰ উদ্যোগত অনুষ্ঠিত কৰা হ'ল অসমীয়া পৰম্পৰাগত খাদ্যৰ ৰন্ধন প্ৰতিযোগিতা। প্ৰতিযোগিতাখনত বিভিন্ন সুস্বাদু খাদ্যৰ সম্ভাৰ লৈ প্ৰায় শতাধিক মহিলাই অংশ গ্ৰহণ কৰে। কোমোৰাৰে সৈতে হাঁহ, কঁঠাল পাতৰ ভাপত সিজোৱা পিঠা, মধুৰিয়ামৰ চাটনি, ভাপত দিয়া ৰৌমাছ, বিলাহী আৰু মান ধনীয়াৰ মাছ, তিলেৰে ৰন্ধা মুৰ্গী আদি বিভিন্ন ব্যঞ্জনৰে ৰন্ধা সুস্বাদু খাদ্য ভৰি পৰে প্ৰতিযোগিতাস্থলী। প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকি অভিনেত্ৰী কল্পনা কলিতা, চেফ অঞ্জলি বড়া, শৰীৰ চৰ্চাবিদ ভাস্কৰ তামুলীয়ে ভূয়সী প্ৰশংসা কৰে প্ৰতিযোগীসকলক।
আকৰ্ষণীয় প্ৰতিযোগিতাখনত প্ৰথম স্থান দখল কৰে ৰঙিয়াৰ কুন্তলা কলিতাই, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰে ক্ৰমে উত্তৰ গুৱাহাটী মধ্যমখণ্ডৰ মিনাক্ষী দাস আৰু গুৱাহাটীৰ শিখা দাসে। প্ৰায় শতাধিক প্ৰতিযোগীক চেৰ পেলাই প্ৰথম স্থান অধিকাৰ কৰা কুন্তলা কলিতাই প্ৰস্তুত কৰা ১৫ বিধ খাদ্য আৰু পৰিবেশন কৰা দৃষ্টি নন্দন ব্যৱস্থাই সকলোৰে মনোযোগ আকৰ্ষণ কৰে। তেওঁৰ ১৫ বিধ খাদ্য তালিকাৰ অন্যতম আছিল শিলিখা আৰু ম'ৱা মাছ, পাৰ মাংস আৰু ক'লা কচু, টেঙেচি টেঙা আৰু শ'ল মাছ, কটা বাঁহৰ চাউল, গুৰ, নাৰিকলৰ পায়স, মাছৰ মূৰেৰে খাৰ আদি। কামৰূপ জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ সভাপতি পিংকি বৰ্মনে আঁত ধৰা অনুষ্ঠানত উত্তৰ গুৱাহাটীৰ তিনিগৰাকী বিশিষ্টা মহিলা ক্ৰমে উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী লীলা দেৱী, ৰুদ্ৰেশ্বৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী পদুমী চমুৱা, ৰুণুমী বৰুৱাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।






