Logo
image

কংগ্ৰেছত সোমাই আছে বিজেপিৰ এজেণ্ট

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ মাৰ্চঃ  মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সঘনে দাবী কৰি থাকে যে কংগ্ৰেছ দলত তেওঁৰ এজেণ্ট আছে৷ এই এজেণ্টৰ জৰিয়তে ৰাজীৱ ভৱনৰ প্ৰতিটো কথা, প্ৰতিটো সিদ্ধান্ত তেওঁ অবগত হৈ থাকে৷ কংগ্ৰেছৰ প্ৰতিটো ৰণকৌশল সন্দৰ্ভত অবগত হৈ থাকে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ মুখ্যমন্ত্ৰীৰ এনে দাবীক কেন্দ্ৰ কৰি সময়ে সময়ে উত্তাল হৈ আহিছে ৰাজীৱ ভৱন৷ আনকি এনে গুপ্তচৰৰ সন্ধানত অভিযানো চলিছে অসম কংগ্ৰেছত৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ এই দাবীকে যেন মানি ল’লে কংগ্ৰেছ হাইকামাণ্ড ৰাহুল গান্ধীয়ে৷ কেৱল অসমতে নহয়, দেশৰ  অন্য ৰাজ্যতো হয়তো কংগ্ৰেছৰ অভ্যন্তৰত সোমাই আছে বিজেপিৰ এজেণ্ট৷ এনে এজেণ্টকে শনিবাৰে কঠোৰ সকীয়নি দি ৰাহুল গান্ধীয়ে কয়–যদি প্ৰয়োজন হয় তেন্তে ১০-১৫-২০-৩০-৪০ জনকো দলৰ পৰা উলিয়াই দিব লাগিব৷ আমি কঠোৰ হ’ব লাগিব৷ ঘোৰা দুই ধৰণৰ থাকে৷ এক ধৰণৰ ঘোৰা হয় প্ৰতিযোগিতাত ব্যৱহাৰ হোৱা ঘোৰা আৰু দ্বিতীয় বিধ ঘোৰা বিবাহত ব্যৱহাৰ হয়৷ কংগ্ৰেছ দলে প্ৰতিযোগিতাৰ ঘোৰাক বিয়াত ব্যৱহাৰ কৰে আৰু বিয়াৰ ঘোৰাক প্ৰতিযোগিতাত ব্যৱহাৰ কৰে৷ বিজেপিৰে বুজাবুজি থকা একাংশ কংগ্ৰেছীৰ বাবেই নিৰ্বাচনী ৰাজনীতিত এনে ভুল কৰি আহিছে কংগ্ৰেছ দলে৷ কিন্তু এইবাৰ নহ’ব৷ কংগ্ৰেছত ফিল্টাৰ লগাই আচল আৰু নকল কংগ্ৰেছীৰ পাৰ্থক্য বিচাৰি উলিয়াব লাগিব৷


আমি এনে কংগ্ৰেছীক বিতাড়ন কৰিব লাগিব৷ গুজৰাটত এখন দলীয় সভাত এনেদৰে কঠোৰ স্থিতি প্ৰদৰ্শন কৰি ৰাহুল গান্ধীয়ে কয়–কংগ্ৰেছৰ বহুতে বিজেপিৰ হৈ কাম কৰি আছে৷ কংগ্ৰেছৰ যিসকলে গোপনে বিজেপিৰ হৈ কাম কৰি আছে৷ তেওঁলোক প্ৰত্যেকে আগবাঢ়ি অহা উচিত৷ গোপনে নাথাকি তেওঁলোকে মুকলিভাৱে বিজেপিৰ কামত জড়িত হ’ব লাগে৷ কংগ্ৰেছত থাকিবলৈ হ’লে একতাৰে থাকিব লাগিব৷ কংগ্ৰেছৰ বহুতেই দলত থাকিয়ে বিজেপিৰ হৈ কাম কৰি আছে৷ উল্লেখ্য যে গুজৰাট বিধানসভাৰ নিৰ্বাচনলৈ বৰ্তমানো আঢ়ৈ বছৰ বাকী আছে৷ তথাপিও নৰেন্দ্ৰ মোদী-অমিত শ্বাহৰ ৰাজ্য গুজৰাটত কংগ্ৰেছৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ অভিযানত নামি পৰিছে ৰাহুল গান্ধী৷ আহমেদাবাদৰ দলীয় সভাত ৰাহুল গান্ধীয়ে কয়–যদি আমি গুজৰাটৰ মানুহৰ সৈতে সংযোগ স্থাপন কৰিব লাগে, তেন্তে দুটা কাম কৰিব লাগিব৷ প্ৰথমেই দলৰ ভিতৰত অনুগত আৰু বিদ্ৰোহীসকলক পৃথক কৰা৷ সেই কাম কৰিবলৈ যোৱাৰ সময়ত যদি ৩০-৪০ জনক বহিষ্কাৰো কৰিব লাগে তাৰ বাবে আমি প্ৰস্তুত৷ যিসকলে গোপনে বিজেপিক সহায় কৰি আছে তেওঁলোকে মনত ৰখা উচিত যে বিজেপিত তেওঁলোকৰ বাবে কোনো স্থান নাই৷ এদিন দলিয়াই দিব৷ উল্লেখ্য যে ২০২৭ চনৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এ আই চি চিৰ আগন্তুক অধিৱেশন গুজৰাটত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে কংগ্ৰেছ হাইকামাণ্ডে৷ প্ৰায় ৬৪ বছৰ পাছত গুজৰাটত অনুষ্ঠিত হ’ব সৰ্বভাৰতীয় কংগ্ৰেছৰ অধিৱেশনত৷ ৰাহুল গান্ধীৰ এই সকীয়নীৰ পাছতে অসমৰ একাংশ ছদ্মবেশী বিজেপিৰো যে বিপদ অনিবাৰ্য সেয়া স্পষ্ট হৈ পৰিছে৷